আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি আছে তিনিদিনীয়া কার্যসূচীত?
তিনিদিনীয়া কার্যসূচীৰে অসমলৈ আহিবলগা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি নিশা উপস্থিত হ’ব যোৰহাটত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়াকৈ অসম আৰু মিজোৰাম ভ্ৰমণৰ বাবে শুকুৰবাৰে নিশা যোৰহাটত উপস্থিত হ'ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তিনিদিনীয়া কার্যসূচীৰে অসমলৈ আহিবলগা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি নিশা উপস্থিত হ’ব যোৰহাটত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়াকৈ অসম আৰু মিজোৰাম ভ্ৰমণৰ বাবে শুকুৰবাৰে নিশা যোৰহাটত উপস্থিত হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণক লৈ এতিয়া যোৰহাটত ব্যস্ত হৈ পৰিছে মন্ত্ৰী-বিধায়কৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল। তিনি দিনত দেৰগাঁও, মিজোৰাম, কোকৰাঝাৰ, গুৱাহাটীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।
আজি নিশা দেৰগাঁৱতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কাইলৈ দেৰগাঁৱত মুকলি কৰিব লাচিত বৰফুকন পুলিচ একাডেমী। একাডেমীৰ মুখ্য দ্বাৰ উদ্বোধনৰ পিছতে ৰাওনা হ’ব মিজোৰামলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৫ মাৰ্চত মিজোৰাম ভ্ৰমণ কৰিব আৰু আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত জোখোৱাছাঙত আছাম ৰাইফলছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
মিজোৰামৰ পৰা আহি কইনাধৰাৰ অতিথিশালাত নিশা কটাব গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত ১৬ মাৰ্চত পুৱা কোকৰাঝাৰলৈ যাব গৃহমন্ত্ৰী অমিত শ্বাহ । এবছুৰ বাৰ্ষিক অধিৱেশনত ল’ব অংশ গৃহমন্ত্ৰীগৰাকীয়ে। এই মুকলি অধিৱেশনত অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, জ্যেষ্ঠ মন্ত্ৰী, সংসদ সদস্য, আৰু গুৰুত্বপূৰ্ণ অংশীদাৰসকল উপস্থিত থাকিব। এবছুৰ সভাপতি দিপেন বড়োৱে জনোৱা মতে, ১৩ মাৰ্চৰ পৰা কোকৰাঝাৰ জিলাত আৰম্ভ হ’বলগীয়া চাৰিদিনীয়া এই বাৰ্ষিক সন্মিলনত শিক্ষা আৰু যুৱ বিকাশক কেন্দ্ৰ কৰি এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। উক্ত আলোচনাত নীতি নিৰ্ধাৰক, শিক্ষাবিদ, সম্প্ৰদায়ৰ নেতা তথা অন্যান্য গুৰুত্বপূৰ্ণ ব্যক্তি উপস্থিত থাকিব।
তাৰ পাছত ১৬ মাৰ্চৰ বিয়লি গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মিলিত হ’ব বৈঠকত । উক্ত বৈঠকত ভাৰতীয় ন্যয় সংহিতাৰ ওপৰত পৰ্যালোচনা কৰা হ’ব বুলি জনাই খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে নতুন দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।