5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘এজোপা গছ মোৰ মাৰ নামত’…আজিৰে পৰা ৰাজ্যত ‘অমৃত বৃক্ষ আন্দোলন’

আজি ২০২৪ চনৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ মিনিষ্টাৰ্ছ কলনীৰ উদ্যানত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কয়, "মোৰ মা-ৰ নামত এজোপা গছপুলি ৰোপণ কৰিলোঁ মই। মা-ৰ দৰে এই গছপুলিটো লালন-পালন কৰিব লাগিব।"

‘এজোপা গছ মোৰ মাৰ নামত’…আজিৰে পৰা ৰাজ্যত ‘অমৃত বৃক্ষ আন্দোলন’
আজিৰে পৰা ৰাজ্যত ‘অমৃত বৃক্ষ আন্দোলন’
trishna-kalita
Trishna Kalita | Published: 01 Aug 2024 10:03 AM

আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল ‘অমৃত বৃক্ষ আন্দোলন’। অমৃত বৃক্ষ আন্দোলন ২.০ৰ অংশ হিচাপে আজিৰে পৰা ২০ আগষ্টলৈ ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ আঁচনি গ্ৰহণ ৰাজ্য চৰকাৰৰ। ‘মোৰ মাৰ নামত এজোপা গছ’ শীৰ্ষক থীমেৰে ৰাজ্যজুৰি হ’ব গছপুলি ৰোপণ কাৰ্যসূচীৰ।

বৃক্ষ অৰ্থনীতি সম্প্ৰাসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্যসূচী হাতত লৈছে অসম চৰকাৰে। ইয়াৰ লক্ষ্য হৈছে বাণিজ্যিক গছপুলি ৰোপণত নাগৰিকক জড়িত কৰোৱাৰ এক গণ আন্দোলন। ইয়াৰোপৰি অসমৰ সেউজ আৱৰণ বৃদ্ধি কৰা, বনাঞ্চলৰ বাহিৰৰ বৃক্ষ ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা। একেদৰে বাণিজ্যিক বৃক্ষ ৰোপণৰ প্ৰসাৰ কৰা, ৰাজ্যৰ সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ খণ্ডৰ উন্নয়ন সাধন কৰা। বহনক্ষম উন্নয়নৰ গতি খৰতকীয়া কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনৰ ৮ জুনত আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ প্রথম সংস্কৰণটোৱে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সময়ছোৱাত ১.১২ কোটিৰো অধিক বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হৈছিল আৰু ইয়াৰে ৯০ শতাংশবো অধিক গছপুলি জীৱিত অৱস্থাত আছে।

 

অমৃত বৃক্ষ আন্দোলন ২০২৪ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহঃ

  • • হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট, আশা কর্মী, অংগনবাড়ী কর্মী, শিক্ষানুষ্ঠানৰ কর্মচাৰী, প্রতিৰক্ষা/অর্ধ সামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচা শ্রমিক/কর্মচাৰী, কৃষক, এফ পি অ’, এফ পি চি,
  • বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী, চৰকাৰী বিষয়া-কর্মচাৰী আৰু পৰিৱেশ সচেতন নাগৰিক
  • চলিত জুলাই মাহব ৩০ তাৰিখৰ পৰা ১২ আগষ্ট ২০২৪লৈকে গছপুলিসমূহ বিতৰণ কেন্দ্রত পোৱা যাব
  • ২০২৪ চনৰ ১ আগষ্টৰ পৰা ১৫ আগস্টলৈ aba.assam.gov.in বা Amrit Brikshya Andolan ম’বাইল এপত গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব
  • হিতাধিকাৰীসকলে গছপুলি ৰোপণৰ আলোকচিত্র আপলোড কৰিবলৈ জিলাৰ নির্দিষ্ট ম’বাইল এপ ২৫ জুলাই ২০২৪ৰ পৰা ডাউনলোড কৰিব পাৰিব
  • নতুন পঞ্জীয়ন/পঞ্জীয়ন নরীকৰণ অহা ৩১ জুলাই ২০২৪লৈকে খোলা থাকিব

এই সন্দৰ্ভত ১৯ জুলাইত মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন ২.০ এপ মুকলি কৰে। ব্যক্তিসকলৰ তেওঁলোকৰ পঞ্জীয়ন বা পঞ্জীয়ন নৱীকৰণ বাবে এই এপ মুকলি কৰা হৈছিল ।

মুখ্য দিশসমূহ—

  • এই পদক্ষেপত ৪ কোটি (গছপুলি ৰোপণৰ বাবে ৩ কোটি আৰু প্ৰতিস্থাপনৰ বাবে ১ কোটি সংৰক্ষিত) ৰো অধিক গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ নিজা নাৰ্ছাৰীৰ পৰা গছপুলি ব্যৱহাৰ কৰা হ’ব।
  • গছপুলি বিতৰণৰ সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যতে মুঠ ৪,০০০ বিতৰণ কেন্দ্র স্থাপন কৰা হৈছে।
  • ৰাজ্য চৰকাৰে আগন্তুক বছৰবোৰত ১০ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

আজি ২০২৪ চনৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ মিনিষ্টাৰ্ছ কলনীৰ উদ্যানত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কয়, ‘মোৰ মা-ৰ নামত এজোপা গছপুলি ৰোপণ কৰিলোঁ মই। মা-ৰ দৰে এই গছপুলিটো লালন-পালন কৰিব লাগিব”।

সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কয় -‘অমৃত বৃক্ষ আন্দোলন ২.০ৰ অংশ হিচাপে আজিৰে পৰা ২০ আগষ্টলৈ ৰাজ্যজুৰি আমি ৩ কোটি গছপুলি ৰোপণৰ আঁচনি গ্ৰহণ কৰিছোঁ৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আৰম্ভ কৰা সেই ক্ৰমণিকাৰ অধীনত আজি পুৱা মন্ত্ৰীসকলৰ আৱাসিক চৌহদত এটি গছপুলি ৰোপণ কৰোঁ৷ মাতৃৰ সমান শ্ৰেষ্ঠ কোনো হ’ব নোৱাৰে৷ মাতৃয়ে যেনেকৈ সন্তানক জন্ম দি তুলি-তালি ডাঙৰ-দীঘল কৰে, ঠিক তেনেদৰেই আমি গছপুলিসমূহ লালন-পালন কৰি তুলিব লাগিব৷’

লগতে জন অংশীদাৰিত্বৰ এই কাৰ্যসূচীত মাতৃৰ নামত এজোপা গছপুলি ৰোপণ কৰি এখন সেউজ অসম নিৰ্মাণৰ মহৎ পদক্ষেপত অংশ ল’বলৈ সকলোকে আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

 

Latest News