শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অৰুণাচলৰ পৰা উদ্ধাৰ কৰা হৈছিল ২০ টা হাতী, এতিয়া আম্বানীয়ে দিব নতুন জীৱন, মালিক-মাউতে পাব সংস্থাপন

অনন্ত আম্বানীৰ 'বনতৰা'ত বন্দী নহয়, শিকলিমুক্ত হৈ শান্তিৰে উশাহ ল'ব অৰুণাচল প্ৰদেশৰ ২০ টা হাতীয়ে। অসমৰ মাজেৰে হাতী সৰবৰাহক লৈ চাঞ্চল্য চলি থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম্বানীৰ বনতৰাই।

অৰুণাচলৰ পৰা উদ্ধাৰ কৰা হৈছিল ২০ টা হাতী, এতিয়া আম্বানীয়ে দিব নতুন জীৱন, মালিক-মাউতে পাব সংস্থাপন
বনতৰা হাতী Image Credit source: X/RIL
barasha-sarma
Barasha Sarma | Published: 21 Jan 2025 09:18 AM

অসমৰ মাজেৰে প্ৰায় ২০ টা হাতী গুজৰাটৰ জামনগৰলৈ নিয়াক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল যে এই হাতীসমূহ অসমৰ পৰা আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ নিয়া হৈছে। পৰৱৰ্তী সময়ত অসম চৰকাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কৈছিল যে শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বহিঃ ৰাজ্যলৈ প্ৰেৰণ কৰা নাই। তাৰ পাছতো একাংশই অসমৰ মাজেৰে পাৰ হৈ যোৱা এই হাতী সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। সকলোৱে প্ৰশ্ন কৰিছিল যে, এই হাতীসমূহ তেন্তে ক’ৰ পৰা ক’লৈ লৈ যোৱা হৈছে?

এই ঘটনা সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বনতৰা কৰ্তৃপক্ষই। সামাজিক মাধ্যমযোগে বনতৰা কৰ্তৃপক্ষই কয় যে, ২০ টা হাতীক অৰুণাচলৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু সেই হাতীসমূহত বনতৰাত নতুন জীৱন দিয়া হ’ব। প্ৰেছ বিবৃতিটোত উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশৰ উদ্যোগিক ক্ষেত্ৰৰ পৰা ১০ টা মতা, ৮ টা মাইকী, ১ টা চাব-এডাল্ট আৰু ১ টা পোৱালি হাতীকে ধৰি মুঠ ২০ টা হাতী উদ্ধাৰ কৰা হৈছে। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে গঠন কৰা আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে ন্যস্ত কৰা সমিতিৰ অনুমোদন মৰ্মে এই উদ্ধাৰ অভিযান চলোৱা হৈছিল। বনতৰাই কয় যে, এই হাতীকেইটা সোনকালে বনতাৰাৰ স্থায়ী বাসিন্দ হৈ পৰিব, য’ত হাতীসমূহে শিকলিমুক্তভাৱে বাস কৰিব পাৰিব। এই হাতীসমূহে কেতিয়াও আৰু শ্ৰম কৰিব নালাগে।

 

 

উদ্ধাৰ কৰা হাতীকেইটাৰ ভিতৰত আছে ১০ বছৰীয়া লক্ষ্মী। এই হাতীটোৰ শৰীৰত আছে গভীৰ ঘাঁ। ভালদৰে চিকিৎসা নোপোৱাৰ পাছতো এই ঘাঁ টুকুৰা লৈ মালিকৰ বাবে প্ৰতিদিনে অধিক ওজন কঢ়িয়াব লগা হয়। মানুহে কৰা নিৰ্মম অত্যাচাৰৰ বাবে এই হাতীটোত যথেষ্ঠ আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ বিপৰীতে ২ বছৰীয়া মায়া নামৰ হাতীটোক মাতৃ ৰংমতিৰ সৈতে উদ্ধাৰ কৰা হৈছে। যাক দীৰ্ঘদিন ধৰি বিভিন্ন কামত ব্যৱহাৰ কৰিছিল।

ৰামু নামৰ হাতীটো উদ্ধাৰ কৰাৰ সময়ত ৪-৬ মাহৰ মাষ্ট পিৰিয়ড নিয়ন্ত্ৰণ কৰিবলৈ আগভৰি আৰু পিছফালৰ ভৰি দুয়োটা টানকৈ বান্ধি থোৱা অৱস্থাত আছিল। ইয়াৰ ফলত হাতীটোৱে শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ঠ কষ্ট পাইছিল। বাবুলাল নামৰ হাতীটোৰ শৰীৰৰ বিভিন্ন স্থানত তেল ওলাই আছিল। বছৰ বছৰ ধৰি বন্দী হৈ থকাৰ বাবে এই হাতীটোৱে প্ৰয়োজনীয় স্বাভাৱিক প্ৰবৃত্তিবোৰ হেৰুৱাই পেলাইছিল।

ইয়াৰোপৰি এই প্ৰকল্পটোৱে মালিক, মাউত আদিকো নতুন জীৱিকা প্ৰদান কৰিব। মাউট আৰু ইয়াৰ লগত জড়িত অন্যান্যসকলক প্ৰশিক্ষণ দিয়া হ’ব যে কেনেকৈ বৈজ্ঞানিক পদ্ধতিৰে হাতীৰ যত্ন কৰিব পাৰি।সংগঠনটোৱে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অধীনত গুজৰাট বন বিভাগৰ পৰা আপত্তিহীন প্ৰমাণপত্ৰ আৰু অৰুণাচল প্ৰদেশ বন বিভাগৰ পৰা পৰিবহণ অনুমতি পত্ৰ লাভ কৰাকে ধৰি সকলো প্ৰয়োজনীয় নথি-পত্ৰ লাভ কৰিছে। বিশেষভাৱে নিৰ্মিত এম্বুলেন্সত এই হাতী মাকৰ কাষে কাষে যাত্ৰা কৰিব।

লগতে প্ৰেছ বিবৃতিত উল্লেখ কৰে যে. হাতী পশু চিকিৎসক, পেৰাভেট,বনতাৰাৰ এম্বুলেন্স চালককে ধৰি ২০০ৰো অধিক বিশেষজ্ঞৰ দলে কঠোৰ পৰিবহন নিৰ্দেশনা আৰু পশু কল্যাণৰ মানদণ্ড মানি চলি জীৱ-জন্তুৰ নিৰাপদ আৰু অনুসৰণমূলক পৰিবহণ নিশ্চিত কৰিব।

বিবৃতিটোত লগতে উল্লেখ কৰে যে, ২০২০ চনত গজাহ নামৰ আলোচনীত প্ৰকাশ পাইছিল যে অৰুণাচল প্ৰদেশত যথেষ্ট সংখ্যক ব্যক্তিগত মালিকানাধীন হাতী বন্দী অৱস্থাত আছে। এই হাতীবোৰক প্ৰায়ে বনাঞ্চলৰ ওচৰতে পৰিচালনা কৰা হয়। ইয়াৰ লগতে নামছাইৰ সংমণ্ডল বন বিষয়া তবাং জামোহ ডাঙৰীয়াই নিশ্চিত কৰে যে, অৰুণাচল প্ৰদেশত প্ৰায় ২০০ টা বন্দী হাতীক ডি এন এ প্ৰফাইলিং কৰা হৈছে। ২০টা হাতী ৰাধে কৃষ্ণ টেম্পল ৱেলফেয়াৰলৈ প্ৰেৰণ কৰা হৈছে। বনতৰাত থকা এই ট্ৰাষ্টে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পশু কল্যান কৰাৰ লগতে বন সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে।

Latest News