কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি! ভূপেন বৰা, ৰিপুন বৰাৰ লগতে কেইবাজনো নেতা-কৰ্মীক আটক

কংগ্ৰেছৰ প্ৰতিবাদত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দিছপুৰত কংগ্রেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ মাজত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি। কংগ্রেছৰ প্রতিবাদকাৰীক বাধা প্রদান আৰক্ষীৰ। আৰক্ষীৰ নিৰাপত্তা বেহু ফালি জনতা ভৱনলৈ যোৱাৰ চেষ্টা কংগ্ৰেছীৰ। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত বহু কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে।

কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি! ভূপেন বৰা, ৰিপুন বৰাৰ লগতে কেইবাজনো নেতা-কৰ্মীক আটক

কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি!

Updated On: 

20 Dec 2024 13:20 PM

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক মহানগৰ আৰক্ষীৰ। গুৱাহাটীৰ হাতীগাঁও পথত সমদল কৰি থকা অৱস্থাত আটক কৰে অৰক্ষীয়ে। পদযাত্ৰা কৰি দিছপুৰলৈ আহি থকাৰ সময়তে আটক মহানগৰ আৰক্ষীৰ ভূপেন বৰাৰ লগতে আন কেইবাজনো কংগ্ৰেছ নেতাক আটক কৰা হৈছে । জনতা ভৱন অভিমুখে আহি আছিল ভূপেন বৰা। ঘোঁৰামাৰাৰ পৰা দিছপুৰ অভিমুখে অহাৰ পথত আটক বৰাক।

কংগ্ৰেছৰ প্ৰতিবাদত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দিছপুৰত কংগ্রেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ মাজত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি। কংগ্রেছৰ প্রতিবাদকাৰীক বাধা প্রদান আৰক্ষীৰ। আৰক্ষীৰ নিৰাপত্তা বেহু ফালি জনতা ভৱনলৈ যোৱাৰ চেষ্টা কংগ্ৰেছীৰ। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত বহু কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে। আটক কৰি কাহিলিপাৰাৰ দশম আৰক্ষী বেটেলিয়ানলৈ লৈ যোৱা হৈছে ভূপেন বৰাক।। আৰক্ষীয়ে আটক কৰিছে ৰিপুণ বৰাকো। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰকো আটক কৰে আৰক্ষীয়ে।

আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগতে ৰিপুণ বৰায়ো। বহু দলীয় নেতা-কৰ্মীয়ে উত্তাল কৰি তুলিছে মহানগৰীৰ ৰাজপথ।

ভেটাপৰাস্থিত ভূপেন বৰাৰ বাসগৃহৰ পৰা ভূপেন বৰা আৰু ৰিপুন বৰাৰ নেতৃত্বত একাংশ কংগ্ৰেছ কৰ্মীয়ে আৰক্ষীৰ বেহু ভেদি কৰি ওলাই আহিছে প্ৰতিবাদী সমদল। তাৰ মাজতেই আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৰাজপথতে এই প্ৰতিবাদী দলটোক আৱদ্ধ কৰে আৰু ভূপেন বৰা আৰু ৰিপুন বৰাকে ধৰি কেইবাজনকো আটক কৰে। তাৰ পাছতে কংগ্ৰেছ কৰ্মীসকলে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল কংগ্ৰেছে। জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছে ।  প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি পুৱাই মানৱেন্দ্ৰ শৰ্মা ভৱনত একত্ৰিত হোৱা কংগ্ৰেছ নেতা, কৰ্মীসকলক আৰক্ষী, চি আৰ পি এফ বাহিনীয়ে বেৰিকেড লগাই আবদ্ধ কৰি ৰাখে। আনহাতে কেইবাজনো কংগ্ৰেছ নেতাক তেওঁলোকৰ বাসগৃহ আৰু হোটেলত আৱদ্ধ কৰি ৰাখে।

ইফালে কংগ্ৰেছৰ এই প্ৰতিবাদ ৰুধিবলৈ যুযুধান ৰূপত আৰক্ষী। সমগ্ৰ দিছপুৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। ইয়াৰ মাজতে কংগ্ৰেছৰ পদযাত্ৰাৰ পৰা আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ উপস্থিতিত আটক কৰা হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক।

লগতে পঢ়ক: বসুন্ধৰা ৩.০ৰ পৰা নামৰূপ সাৰ কাৰখানালৈ… কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰি কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

 

নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস!
অৱসৰৰ পিছতে কন্যাৰ পৰা অশ্বিনে পালে এনে বিশেষ উপহাৰ, লাভ কৰিছে ব্যাপক চৰ্চা