5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিষয় অসম চুক্তিৰ ৬নং দফা ! নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ ৰাইজক বিভ্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে : কংগ্ৰেছ

বিৰোধী কংগ্ৰেছে দাবী কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাৰ বিষয়লৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিব বিচাৰিছে । বিপ্লৱ শৰ্মা আয়োগৰ ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যৰ কেবিনেটে লোৱা সিদ্ধান্তৰ সন্দৰ্ভত বুধবাৰে সংবাদমেলৰ আয়োজন কৰে বিৰোধী কংগ্ৰেছে ।

বিষয় অসম চুক্তিৰ ৬নং দফা ! নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ ৰাইজক বিভ্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে : কংগ্ৰেছ
ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ সংবাদমেল
Follow Us
manas-borah
Manas Borah | Published: 18 Sep 2024 16:03 PM

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণকলৈ বিজেপি নেতৃত্বাধীন অসম চৰকাক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দল কংগ্ৰেছে । বিৰোধী কংগ্ৰেছে দাবী কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাৰ বিষয়লৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিব বিচাৰিছে । বিপ্লৱ শৰ্মা আয়োগৰ ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যৰ কেবিনেটে লোৱা সিদ্ধান্তৰ সন্দৰ্ভত বুধবাৰে সংবাদমেলৰ আয়োজন কৰে বিৰোধী কংগ্ৰেছে । সংবাদমেলত ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত আছিল ।

সংবাদমেলত ভূপেন বৰাই দাবী কৰে যে,’কা’ বলবৎ কৰি অসম চুক্তিৰ ৫ নং দফা শেষ কৰা হ’ল । ইফালে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগে দিয়া প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিপৰীতে অসম চৰকাৰে গ্ৰহণ কৰি বিগত ৪ বছৰ বিষয়টো গাপ দি ৰাখিলে । শেহতীয়াকৈ ৰাজ্যৰ কেবিনেটে বিপ্লৱ শৰ্মা আয়োগৰ ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে বুলি কয় ভূপেন বৰাই ।

এই সংবাদমেলত দুয়োগৰাকী কংগ্ৰেছ নেতাই পুনবাৰ দাবী কৰে যে, ৰাজ্য চৰকাৰে অসম চুক্তিৰ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰিব বুলি কোৱাৰ কোনো ভিত্তি নাই, কিয়নো পৰামৰ্শখিনি কেন্দ্রইহে কাৰ্যকৰী কৰিব পাৰে । ” ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক বিভ্ৰান্ত কৰিব বিচাৰিছে।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি এইদৰে কয় বিৰোধী কংগ্ৰেছে ।

সংবাদমেলত ভূপেন বৰাই কয় যে, অসম চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰাৰ বাবে কমিটীয়ে দিয়া পৰামৰ্শ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কাৰ্যকৰী কৰিব পাৰে আৰু এই বিষয়টো ৰাজ্য চৰকাৰৰ পৰিসৰত নপৰে বুলিও দাবী কৰে ভূপেন বৰাই । লগতে ভূপেন বৰাই প্ৰশ্ন কৰে যে, ৰাজ্যই প্ৰতিবেদনৰ ৫৭ টা পৰামৰ্শ কেনেদৰে কাৰ্যকৰী কৰিব সেয়া ৰাজহুৱা কৰা নাই কিয়? অসম চুক্তিৰ আত্মা, সেই ১০টা পৰামৰ্শ ত্যাগ কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰতিবেদনখন আৰু ইয়াৰ প্ৰযোজ্যতা সন্দৰ্ভত MHA ৰ পৰাও কোনো কথা উল্লেখ কৰা হোৱা নাই বুলি কয় ভূপেন বৰাই ।

চৰকাৰে কি কি পৰামৰ্শ কাৰ্যকৰী কৰিব তথা কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰৰ ১০টা পৰামৰ্শ কি সেই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই বুলি উল্লেখ কৰে ভূপেন বৰাই । তেওঁ কয় যে, সেই পৰামৰ্শ সমূহ ৬নং দফাৰ আত্মা । খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ, ভাৰত-বাংলা সীমান্ত ছীল আদি গুৰুত্বপূৰ্ণ বিষয়ত কি হ’ব ? চিনাক্ত হোৱা বিদেশীক কি কৰিব সেই সন্দৰ্ভত স্থিতি কি হ’ব চৰকাৰৰ ? ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ স্থিতি কি হ’ব সেই সম্পৰ্কত স্থিতি স্পষ্ট হ’ব লাগিব বুলি কয় ভূপেন বৰাই ।

ইফালে, দেৱব্ৰত শইকীয়াই কয় যে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক দিয়াৰ বাবে  কমিটীৰ প্রতিবেদন ৰাজ্যিক বিজেপি নেতৃত্বক দলটোৰ সভাপতি জে পি নাড্ডাক গতাই দিবলৈ কৈছিল যদিও সেয়া এতিয়াও কৰা হোৱা নাই ৷ অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছিল।

২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত অসম চুক্তি ৰূপায়ণৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক গতাই দিয়াৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাখিল কৰিছিল। ২০২১ চনৰ অক্টোবৰ মাহত অসম চৰকাৰে ৩৯ বছৰীয়া অসম চুক্তিৰ সকলো দফা, বিশেষকৈ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই প্ৰস্তুত কৰা ৬ নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে তিনিমাহৰ ভিতৰত কাঠামো প্ৰস্তুত কৰিবলৈ আঠজনীয়া এখন সমিতি গঠন কৰিছিল বুলিও সংবাদমেলত উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ।

উল্লেখ্য যে, ৪ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে কয় যে, অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে দিয়া ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭টা পৰামৰ্শ অসম কেবিনেটে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমি, ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা আৰু সুৰক্ষাৰ বাবে সমিতিখনে দিয়া বিভিন্ন পৰামৰ্শ সন্দৰ্ভত কেবিনেটে বিতংভাৱে আলোচনা কৰে বুলিও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

Latest News