শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খব

আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…
manas-borah
Manas Borah | Updated On: 19 Apr 2025 09:59 AM
  1. আমেৰিকাত বাতিল কৰা হৈছে সহস্ৰাধিক শিক্ষাৰ্থীৰ ভিজা । আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্ত পাছতে আইনী বৈধতাৰ আশংকাত ভুগিছে দেশখনত বাস কৰাশিক্ষাৰ্থীসকল । ইফালে, ভাৰতীয় শিক্ষাৰ্থীসকলক প্ৰয়োজনত সহায় আগবঢ়োৱাৰ আশ্বাস দিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ।
  2. পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ বৃহৎ অগ্ৰগতি । কংগ্ৰছকে ধৰি আন অন্য়ান্য দলৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে এনডিএয়ে লাভ কৰিছে ৩৭ খন জিলা পৰিষদৰ আসন । আঞ্চলিক পঞ্চায়তৰ ৩০১ খন আসন লাভ কৰিছে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে ।
  3. কংগ্ৰেছে প্ৰকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ । ২৬ ত ক্ষমতালৈ আহিলে লখিমী আঁচনিৰ জৰিয়তে সকলো দুখীয়া মহিলাক মাহিলি ৩,৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ । লাখপতি বাইদেউ আঁচনি সফলতাৰে ৰূপায়ণৰো আশ্বাস কংগ্ৰেছৰ ।
  4. অহা ২৬ ৰ নিৰ্বাচনত হে ঐক্যবদ্ধ হোৱাৰ সংকল্প হৈছে বিৰোধীয়ে । ডঃ হিৰেণ গোঁহাইৰ আহ্বানত বৈঠকত মিলিত হ’ল ভূপেন-লুৰীণ-অখিল ।
  5. দিল্লীৰ মুছটাফাবাদত ভয়ংকৰ অঘটন। খহি পৰিল এটা ৪ মহলীয়া অট্টালিকা। পুৱতি নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাত এতিয়ালৈকে কমেও ৪ জন লোকৰ মৃত্যু । অব্যাহত আছে উদ্ধাৰ অভিযান ।
  6. পঞ্জাৱ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবন্দী তথা খাদূৰ চাহেবৰ সাংসদ অমৃতপাল সিঙৰ বন্দিত্ব এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি শুকুৰবাৰে সূত্ৰৰ পৰা জানিব পৰা গৈছে । বৰ্তমান অসমৰ ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙক ২০২৩ চনৰ ২৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত বন্দী কৰি ৰখা হৈছিল ।
  7. ৰাজ্যিক ব’ৰ্ডৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰাৰ অভিযোগত শুকুৰবাৰে অসম আৰক্ষীৰ চিআইডিয়ে এখন চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰে । অভিযুক্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনে অংশকালীন শিক্ষক হিচাপেও কাম কৰিছিল আৰু নগাঁৱৰ এখন ব্যক্তিগত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মালিকৰ পুত্ৰ বুলিও জানিব পৰা গৈছে ।

আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…