5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কন্যা সন্তান হোৱা বাবে খেদি দিছিল মাতৃক, কৈছিল মাৰি পেলাব! সেই দীক্ষা এতিয়া ACS বিষয়া

সৰুতে মাৰি পেলাব দিয়া দীক্ষা এতিয়া এ চি এছ বিষয়া, ইয়াতকৈ এগৰাকী মাতৃৰ বাবে সুখৰ বিষয় আৰু কি হ'ব পাৰে। শেহতীয়াকৈ এ পি এচ চি পৰীক্ষাত উজ্বলি উঠিছে শ্ৰীভূমি জিলাৰ দীক্ষা সৰকাৰ।

কন্যা সন্তান হোৱা বাবে খেদি দিছিল মাতৃক, কৈছিল মাৰি পেলাব! সেই দীক্ষা এতিয়া ACS বিষয়া
দীক্ষা
barasha-sarma
Barasha Sarma | Published: 11 Dec 2024 10:42 AM

আজিৰ আধুনিক সমাজতো একাংশ নীচ মানসিকতাৰলোকে কন্যা সন্তানক হেয় দৃষ্টিৰে চায়। কন্যা সন্তান জন্ম হ’লে হত্যা কৰা, বিক্ৰী কৰা বা মাতৃক ঘৰৰ পৰা উলিয়াই দিয়া, এনে বহু ধৰণৰ ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহে। আজিৰ পৰা প্ৰায় কিছু বছৰ আগতে দীক্ষা সৰকাৰ নামৰ যুৱতীগৰাকীৰ মাতৃৰ লগতো একে ঘটনাই সংঘটিত হৈছিল। কন্য়া সন্তান জন্ম দিয়া বাবে মাতৃসহ সন্তানক ঘৰৰ পৰা উলিয়াই দিছিল স্বামীয়ে। ইমানেই নহয়, কন্যা সন্তানৰ বাবে স্বামী- স্ত্ৰীৰ বিবাহ বিচ্ছেদ হৈছিল।

কিন্তু স্বামীৰ কথা নুশুনি মাতৃয়ে সন্তানক এৰি দিয়া নাছিল আৰু বহু কষ্টৰে ডাঙৰ দীঘল কৰিছিল। সৰুতে মাৰি নেপেলোৱা সেই কন্যাগৰাকীয়ে হ’ল এতিয়া ACS বিষয়া। সদ্য ঘোষিত এ পি এছ চি  (APSC) পৰীক্ষাত এ চি এছ (ACS) ত অষ্টম স্থান দখল কৰি সমগ্ৰ অসমত উজ্বলি উঠিল দীক্ষা সৰকাৰ। কন্যাৰ সফলতাৰ সময়ত পুৰণি দিনৰ ভয়ংকৰ স্মৃতি সুঁৱৰি বৰ্তমানৰ সফলতাক লৈ গৌৰাৱান্বিত মাতৃয়ে সাংবাদিকৰ আগত কৈ গৈছে বহু কাহিনী।

দীক্ষা সৰকাৰৰ মাতৃ বেবী সৰকাৰে জনোৱা মতে কন্যা সন্তান জন্ম দিয়া বাবে তেওঁক স্বামী পৰিয়ালে ঘৰৰ পৰা খেদি দিছিল। স্বামী আৰু স্বামীৰ পৰিয়ালে কন্যা সন্তানটিক মাৰি পেলাবলৈ বা আনক দিবলৈও কৈছিল।  কন্যা সন্তান জন্ম দিয়াৰ বাবে স্বামীৰ লগত বিবাহ বিচ্ছেদো হৈছিল।  কিন্তু স্বামী তথা স্বামী গৃহৰ কোনো কথা নুশুনি অকলে বেবী সৰকাৰে নিজ কন্যা দীক্ষাক ডাঙৰ দীঘল কৰিছিল। অংগনবাড়ী কৰ্মী তথা অকলশৰীয়া মাতৃ বেবী সৰকাৰে বহু কষ্টৰে নিজ কন্যা সন্তানক পঢ়াইছিল। বহু ত্যাগ, কষ্টৰ অন্তত পোৱা সফলতাই এতিয়া বেবী সৰকাৰৰ চকুত আনন্দৰ চকুলো বোৱাইছে।

দীক্ষা সৰকাৰৰ ঘৰ শ্ৰীভূমি জিলাত। তেওঁ মাতৃৰ সৈতে ডাকবাংলো ৰোডৰ এটা ভাড়া ঘৰত থাকি পঢ়া- শুনা কৰিছিল।অংগনবাড়ী কৰ্মী মাতৃগৰাকীয়ে অতি কষ্টৰে দুজনীয়া পৰিয়ালটোত পোহপাল দিছিল। দীক্ষাই সৰুৰে পৰা পঢ়া শুনাত ভাল আছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দীক্ষা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল। পাছলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা প্ৰাগজ্যোতিষপুৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।

স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দীক্ষাৰ মন আছিল ইউ পি এছ চিৰ বাবে অধ্যয়ন কৰা, কিন্তু সৎসংগৰ গুৰুদেৱ পৰিয়ালৰ নিৰ্দেশত তেওঁ এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাতেই দীক্ষাই ACS ত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়। সৰুতে মাৰি পেলাব দিয়া দীক্ষা এতিয়া এ চি এছ বিষয়া, ইয়াতকৈ এগৰাকী মাতৃৰ বাবে সুখৰ বিষয় আৰু কি হ’ব পাৰে। এই বিষয়টোক লৈ মাতৃৰ লগতে সমগ্ৰ অঞ্চল গৌৰৱান্বিত হৈ পৰিছে।

Latest News