5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজিৰে পৰা আৰম্ভ হ’ব APSCৰ মূল পৰীক্ষা: ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত থাকিব প্রশ্ন

APSCৰ মূল পৰীক্ষা।২৩৫টা পদৰ বাবে অনুষ্ঠিত হ’ব ।পৰীক্ষাত অৱতীৰ্ণ হ’ব ২,৮২১ জন প্ৰাৰ্থী । প্ৰথমবাৰৰ বাবে ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত থাকিব প্রতিটো প্রশ্ন।

আজিৰে পৰা আৰম্ভ হ’ব APSCৰ মূল পৰীক্ষা: ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত থাকিব প্রশ্ন
আজিৰে পৰা APSCৰ মূল পৰীক্ষা
trishna-kalita
Trishna Kalita | Published: 26 Jul 2024 09:34 AM

আজিৰে পৰা APSCৰ মূল পৰীক্ষা।২৩৫টা পদৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা ।পৰীক্ষাত অৱতীৰ্ণ হ’ব ২,৮২১ জন প্ৰাৰ্থী । প্ৰথমবাৰৰ বাবে ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত থাকিব প্রতিটো প্রশ্ন।

উল্লেখযোগ্য যে ২৩৫পদৰ ভিতৰত অসামৰিক সেৱাৰ বাবে আছে ৪৫টা পদ। একেদৰে আৰক্ষী সেৱাৰ বাবে ৩৫টা, বিত্ত সেৱাৰ বাবে ১৩টা, এ এ অ’ পদৰ বাবে ১০৭টা, ইন্সপেক্টিং অডিটৰ বাবে ১১টা পদ। ইয়াৰোপৰি কৰ অধীক্ষকৰ বাবে আছে ১টা পদ। একেদৰে আবকাৰী অধীক্ষকৰ বাবে ১টা, বি ডি অ’ৰ বাবে ৬টা, এ আৰ চি এছৰ বাবে ৪টা, কৰ পৰিদৰ্শকৰ বাবে ৪টা সমসংখ্যক পদ শ্ৰম পৰিদৰ্শকৰ বাবেও। লগতে সহকাৰী নিয়োগ বিষয়াৰ পদৰ বাবে ১টা আৰু উপ পঞ্জীয়ক পদৰ বাবে ৩টা পদ ধাৰ্য্য কৰা হৈছে।

এই সন্দৰ্ভত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মেইনছত (APSC mains) সংযোজন কৰিলে অসমীয়া ভাষা। এই সিদ্ধান্ত অনুসৰি মেইনছৰ প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ লগতে অসমীয়া ভাষাতো থাকিব। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা সংযোজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি সিদ্ধান্ত APSCৰ।

আজি অনুষ্ঠিত হ’বলগীয়া APSCৰ মূল পৰীক্ষাৰ বাবে গুৱাহাটীত স্থাপন কৰা হৈছে ৪টা পৰীক্ষা কেন্দ্র। এই পৰীক্ষাৰ এদিন পূৰ্বে ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী শৰ্মাই লিখে যে, “অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মেইনছ্ কাইলৈৰ পৰা আৰম্ভ হ’ব। ভাল লগা কথা যে আমাৰ চৰকাৰৰ নিৰ্দেশনাৰ বাবে এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব৷ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম লোকসেৱা আয়োগলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ”৷

Latest News