মুখ্যমন্ত্ৰীয়ে ক’লে, তৰুণ গগৈৰ দিনত কেনেকৈ হৈছিল ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰী…
APSC কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ ওপৰত আজি সদনত হয় আলোচনা। এই সময়চোৱাত হিমন্ত বিশ্ব শৰ্মাই কেলেংকাৰীৰ প্ৰতিটো দিশ দাঙি ধৰে।

APSC কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ ওপৰত আজি অসম বিধানসভাৰ অধিৱেশনত তীব্ৰ বাক-বিতণ্ডা। এই সময়চোৱাত বিধায়ক অখিল গগৈয়ে কয় যে, অসমৰ সকলো কেলেংকাৰীৰ ভিতৰত অন্যতম বেয়া কেলেংকাৰী হৈছে এ পি এছ চি কেলেংকাৰী। APSC ত মাফিয়াৰাজ চলিছিল। ২০১৩ চন আৰু ২০১৪ চনৰ ভিতৰত এ পি এছ চিত চাকৰি পোৱা সকলোকে প্ৰতিবেদন মৰ্মে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। গতিকে এই সন্দৰ্ভত আজি শাসক-বিৰোধীয়ে সিদ্ধান্ত গ্ৰহণ কৰক। ইয়াৰোপৰি চাকৰি দিয়া সকলৰ বিৰুদ্ধেও চিবিআইৰ তদন্ত হ’ব লাগে বুলি কয় গগৈয়ে।
এই কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেৱল যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেল পাল এ পি এছ চিৰ সদস্য হোৱাৰ পৰা অধ্যক্ষ হোৱালৈকে কেলেংকাৰী সংঘটিত হৈছিল তেনে নহয়, ইয়াৰ বহু বছৰৰ আগৰ পৰা কেলেংকাৰী চলি আছিল। বহুতৰ ঘৰত ইডিয়ে অভিযান চলাইছিল। এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী তথা সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰি শৰ্মাই কয় যে ডিব্ৰুগড়ত অংশুমিতা গগৈয়ে এজাহাৰ দাখিল কৰাৰ পাছত সোণোৱালৰ দিনত গোচৰৰ তদন্ত কৰা হৈছিল। এই কেলেংকাৰী সোণোৱালে গাপ দি থ’ব পাৰিলেহেতেন। কিন্তু আমাৰ বিজেপি চৰকাৰ থমকি নৰ’ল। ইয়াৰ বাবে আজিৰ সদনে সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিব লাগে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, দন্ত চিকিৎসকৰ নিযুক্তি কেলেংকাৰীৰে আৰম্ভ হৈছিল APSCৰ কেলেংকাৰীৰ তদন্ত৷ দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যক কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। বিপ্লৱ শৰ্মা আয়োগে ২০১৩ আৰু ২০১৪ চনৰ কেলেংকাৰীৰ তদন্ত কৰিছে। কিন্তু এতিয়া আমি নিকাভাৱে নিযুক্তি দিছো। চৰকাৰী কৰ্মচাৰীয়ে এখনো তামোল নোখোৱাকৈ বিজেপিয়ে নিযুক্তি দিয়া বুলি তেওঁ কয় ।
লগতে কয় যে, কংগ্ৰেছৰ দিনত একোজন মন্ত্ৰীৰ চাৰি পাঁচজন কেণ্ডিডেট আছিল৷ কংগ্ৰেছৰ দিন চৰকাৰী কৰ্মচাৰীসকলে ঘোচ খোৱা শিকিছিল। কিন্তু এই তদন্তই এটা বাৰ্তা প্ৰেৰণ কৰিছে যে এতিয়া নিযুক্তিৰ ক্ষেত্ৰত কোনো কেলেংকাৰী নহয়।
শৰ্মাই কয় যে, আত্মপক্ষ সমৰ্থন কৰিবলৈ আজি তৰুণ গগৈ নাই, গতিকে সেই কথা আমি পতা উচিত নহয়। কিন্তু প্ৰতিবেদনত তাৰাপ্ৰসাদ দাসৰ দিনত সংঘটিত অনিয়মৰ কথাও উল্লেখ আছে। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত ৰাকেশ পালক চাৰ্চ কমিটীয়ে নিযুক্তি দিয়া নাছিল ৷ তাত কোনে চহী কৰিছিল! ৰাকেশ পালে তৰুণ গগৈক ২০০৮ৰ ৮ ছেপ্টেম্বৰত লগ কৰি APSCত নিযুক্তি পাইছিল। তৰুণ গগৈয়ে লিখি দিছিল যে ‘মে বি কনচিদাৰ’৷ তাৰ পাছত ২০০৯ৰ ৩০ ছেপ্টেম্বৰত APSCৰ সদস্য হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল।
পাছত শৰ্মাই কয়, ২০১৩ চনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্য সচিবলৈ লিখি APSCৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ক বুলি কৈছিল ৷ অধ্যক্ষ নিযুক্তিৰ বাবে লিখিত আবেদন কৰা নাছিল ৰাকেশ পালে ৷ মুখ্য সচিবে মুখ্যমন্ত্ৰীলৈ লিখিলে কি পদ্ধতিত দিব বুলি। নিযুক্তি দিয়াৰ সময়ত অধ্যক্ষৰ ম্যাদ উল্লেখ নাছিল ৷ পাছত ২০১৩ৰ ৫ ডিচেম্বৰত পালক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১৪ৰ ৮ ছেপ্টেম্বৰত পালক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। ৰাকেশ পালক তৃতীয় বাৰলৈ নিযুক্তি দিয়া হয় APSC ত ৷ আচলতে তদন্ত ২০০৮ চনৰ পৰা হ’ব লাগে বুলি কয় শৰ্মাই। কিন্তু ইমান বছৰলৈকে লোকেশ্যন উলিয়াব নোৱাৰি বাবে এয়া সম্ভৱ নহয় বুলি কয় তেওঁ।
শৰ্মাই কয়, প্ৰতিবেদনত উল্লেখ আছে, গগৈৰ পুত্ৰৰ বিয়াত পালে তিনি লাখ টকাৰ অলংকাৰ উপহাৰ দিছিল। এই সন্দৰ্ভত আয়কৰ বিভাগলৈ আমি চিঠি লিখিছো। ইয়াৰোপৰি প্ৰতিবেদন প্ৰকাশ পোৱাৰ ২০ দিনৰ পাছতো সাংসদজনে স্পষ্টীকৰণ দিয়া নাই। কংগ্ৰেছ সাংসদগৰাকীয়ে আজিলৈ নাকচ কৰা নাই। ইয়াৰ মানে তেওঁ লৈছিল। অখিল গগৈয়ে সাংসদজনক ৰক্ষা কৰিব বিচাৰিছে। কিন্তু অখিল গগৈৰো নাম আছে প্ৰতিবেদনত। অখিল গগৈৰ হৈ উপহাৰ লৈছিল কমল মেধিয়ে।
শৰ্মাই লগতে কয় যে, মই কোনো ৰাজনীতি কৰা নাই। গৌৰৱ গগৈয়ে এতিয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পাছতহে লাগিছে। মই বিচাৰো ৰাকেশ পালক নিযুক্তি দিয়াৰ বাবে কংগ্ৰেছ দলে ৰাইজৰ ওচৰত হৈ ক্ষমা বিচাৰক। ইয়াৰোপৰি এই কেলেংকাৰী পোহৰলৈ অনা বাবে বিজেপি চৰকাৰক ধন্যবাদ জনাব লাগে বুলি কয় শৰ্মাই। লগতে কয়, অসমত যদি কোনোবাই নিকা যুক্তি দিছে, সেইজন হিমন্ত বিশ্ব শৰ্মা। উচ্চ ন্যায়ালয়ৰ ৰায়ক সমালোচনা কৰাৰ সাহস হিমন্ত বিশ্ব শৰ্মাৰহে আছে। প্ৰতিবেদনৰ ওপৰত একশ্যন টেকেন ৰিপ’ৰ্ট দিম আমি। এই ৰিপোৰ্টৰ ওপৰতো সদনত আলোচনা কৰিব পাৰিব বুলি শৰ্মাই কয়।