শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

APSC Scam Report: “দুৰ্নীতিৰ কিংপিন” কোন ? কেলেংকাৰীৰ ধন অখিল গগৈয়ে পাইছিল নে ?

অসম লোকসেৱা আয়োগ(APSC)ৰ ‘নগদ ধন চাকৰি’ কেলেংকাৰিৰ তদন্ত সমিতিৰ প্ৰতিবেদনত তৰুণ গগৈৰ নেতৃত্বত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ অধীনত চলা “ব্যাপক দুৰ্নীতি” উদঙাই দিয়া হৈছে বুলি মঙলবাৰে অভিযোগ উত্থাপন কৰে ৰাজ্যিক বিজেপিয়ে । এই সন্দৰ্ভত এতিয়াও কংগ্ৰেছ দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

APSC Scam Report: “দুৰ্নীতিৰ কিংপিন” কোন ? কেলেংকাৰীৰ ধন অখিল গগৈয়ে পাইছিল নে ?
Apsc কেলেংকাৰী
manas-borah
Manas Borah | Updated On: 18 Feb 2025 23:31 PM

প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক “দুৰ্নীতিৰ কিংপিন” বুলি অভিহিত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । অসম লোকসেৱা আয়োগ(APSC)ৰ ‘নগদ ধন চাকৰি’ কেলেংকাৰিৰ তদন্ত সমিতিৰ প্ৰতিবেদনত তৰুণ গগৈৰ নেতৃত্বত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ অধীনত চলা “ব্যাপক দুৰ্নীতি” উদঙাই দিয়া হৈছে বুলি মঙলবাৰে অভিযোগ উত্থাপন কৰে ৰাজ্যিক বিজেপিয়ে ।

APSCৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE) পৰিচালনাত সংঘটিত অনিয়ম তদন্ত কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন সোমবাৰে বিধানসভাত দাখিল কৰা হয় । প্রতিবেদনত APSCৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ নাম ‘মাষ্টাৰ্মাণ্ড’ হিচাপে উল্লেখ কৰা হৈছে । লগতে তৰুণ গগৈৰ কার্যকালত দুৰ্নীতিগ্ৰস্ত বিষয়াজনক নিযুক্তি প্রক্রিয়াক লৈয়ো প্রশ্ন উত্থাপন হৈছে ৷ এই সমগ্ৰ কেলেংকাৰীটোত জড়িত থকা অপৰাধত এতিয়ালৈকে ৭০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

কংগ্ৰেছ আৰু দুৰ্নীতি “একেটা মুদ্ৰাৰ ইফাল সিফাল” : বিজেপি

বাতৰি লিখা সময়লৈকে এই সন্দৰ্ভত এতিয়াও কংগ্ৰেছ দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰয়াত তৰুণ গগৈক “দুৰ্নীতিৰ কিংপিন” বুলি অভিহিত কৰি প্ৰতিবেদনত উল্লেখ কৰা সকলো অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, “প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ শাসনকালত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিষয়ে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনত উদঙাই দিয়া হৈছে। এই দুৰ্নীতিৰ বাবে এটা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে সুযোগ হেৰুৱাই পেলোৱা বুলি আমাৰ যি অভিযোগ আছিল সেয়া সত্য বুলি প্ৰমাণিত হৈছে।” তেওঁ লগতে কয় যে, আয়োগৰ পৰ্যবেক্ষণ আৰু ইয়াৰ পূৰ্বে লিপিবদ্ধ কৰা সাক্ষ্যই প্ৰমাণ কৰে যে কংগ্ৰেছ আৰু দুৰ্নীতি “একেটা মুদ্ৰাৰ ইফাল সিফাল”।

“তৰুণ গগৈ আছিল দুৰ্নীতিৰ কিংপিন আৰু কংগ্ৰেছে এতিয়া ৰাইজৰ উত্তৰ দিব লাগিব। দলটোৱে নিজৰ স্থিতি ব্যাখ্যা কৰি শ্বেতপত্ৰ লৈ ওলাই আহিব লাগিব।” এইদৰে দলৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিলীপ শইকীয়াই । বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰতিবেদনত নাম উল্লেখ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও ৰাজ্য চৰকাৰক আহ্বান জনায়।

অখিল গগৈৰ প্ৰতিক্ৰিয়া

ইফালে, প্ৰতিবেদনত দেখা গৈছে যে, এজন অভিযুক্তৰ সাক্ষ্যত অখিল গগৈ আৰু তেওঁ প্ৰাক্তন সহকৰ্মী কমল কুমাৰ মেধিৰ নাম উল্লেখ কৰা হৈছে । অৱশ্যে কমল কুমাৰ মেধি এতিয়া শাসকীয় বিজেপি দলত আছে। আয়োগৰ সন্মুখত লিপিবদ্ধ কৰা সাক্ষ্যত অভিযুক্ত এজনে অখিল গগৈৰ হৈ মেধিয়ে ৩ লাখ টকাৰ উৎকোচ লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয়,”বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰি মোৰ নামত বিজেপি নেতা কমল কুমাৰ মেধিয়ে ৩ লাখ টকাৰ উৎকোচ লোৱাৰ কথা উল্লেখ কৰা হৈছে। কমল কুমাৰ মেধিয়ে এই বিষয়ত ৰাজহুৱাভাৱে স্পষ্ট কৰি দিব লাগে।” একেদৰে ৰাইজৰ দলে এক প্ৰেছ বিবৃতিত কয় যে, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ তথ্যই বহু আগতেই কেএমএছএছে উত্থাপন কৰা APSCৰ দুৰ্নীতিৰ অভিযোগ প্ৰমাণ কৰিছে।

মেধিৰ জৰিয়তে অখিল গগৈয়ে উৎকোচ লাভ কৰাৰ অভিযোগৰ সন্দৰ্ভত কয় যে, ২০১৫ চনৰ ৫ জুনৰ পৰা APSC ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে KMSS যে ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছিল । সেই সময়ত অখিল গগৈকো গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাইজৰ দলে দাবী কৰে যে, “আমি যদি পালৰ পৰা ধন গ্ৰহণ কৰিলোঁহেঁতেন তেন্তে আমাৰ সংগঠনে তেওঁৰ বিৰুদ্ধে এনে স্থায়ী আন্দোলন চলাব নোৱাৰিলেহেঁতেন ।”

কমল কুমাৰ মেধিৰ প্ৰতিক্ৰিয়া

একে সময়তে কমল কুমাৰ মেধিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অভিযোগক এক প্ৰকাৰে নাকচ কৰে । তেওঁ অভিযোগ উত্থাপন কৰে যে, জনমানসত তেওঁক হেয় কৰাৰ বাবে কোনোৱে ষড়যন্ত্ৰ কৰিছে। ৰাকেশ পালৰ পৰা টকা লোৱাৰ অভিযোগ গোকাট মিছা বুলি দাবী কৰে কমল কুমাৰ মেধিয়ে । কিন্তু শইকীয়া নামৰ এজন লোক আৰু এজন বিশেষ ব্যক্তিৰ সৈতে কথা পতাৰ কথা স্বীকাৰ কৰিছে বৰ্তমানৰ বিজেপি নেতাগৰাকীয়ে ।