ঝুমইৰ বিনন্দিনীৰ বাবেই ৬০০০ শিক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াৰ অভিযোগ; অখিল গগৈৰ অভিযোগ অস্বীকাৰ বিমল বড়াৰ

ঝুমুৰ অনুষ্ঠানত অংশ লোৱাৰ বাবেই মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্ছিত হ'ল প্ৰায় ৬০০০ শিক্ষাৰ্থী । অসম বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই অভিযোগ তুলি এইসকল পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনায় ।

ঝুমইৰ বিনন্দিনীৰ বাবেই ৬০০০ শিক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াৰ অভিযোগ; অখিল গগৈৰ অভিযোগ অস্বীকাৰ বিমল বড়াৰ

ঝুমুৰ শিল্পীৰ প্ৰতীকী ছবি

Updated On: 

04 Mar 2025 16:57 PM

অসম চৰকাৰৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায় ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান । ৰাজ্যৰ ৮০০ খন বাগিচাৰ চাহ জনগোষ্ঠীয় শিল্পীয়ে পৰিৱেশন কৰা ঝুমুৰ নৃত্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও । এই অনুষ্ঠানৰ বাবে বাগিচাই বাগিচাই চলিছিল মাহজোৰা অনুশীলন । কিন্তু শেহতীয়াকৈ ঝুমুৰ নৃত্যত অংশ লোৱা শিল্পী সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰিছে এক চাঞ্চল্যকৰ তথ্য ।

প্ৰকাশিত বাতৰি অনুসৰি ঝুমুৰ অনুষ্ঠানত অংশ লোৱাৰ বাবেই মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্ছিত হ’ল প্ৰায় ৬০০০ শিক্ষাৰ্থী । অসম বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এইসকল পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনায় । তাৰোপৰি মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ অনুষ্ঠান অনুষ্ঠিত কৰাটো সুস্থ চিন্তা নহয় বুলিও কয় অখিল গগৈয়ে ।

বিধায়কগৰাকীয়ে কয়, “আমি জানিব পৰা মতে, ঝুমুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি ৬০০০ শিক্ষাৰ্থীয়ে তেওঁলোকক শৈক্ষিক বৰ্ষ হেৰুৱালে । তেওঁলোকে এইবাৰ মেট্ৰিক দিব নোৱাৰিলে । এইটো এটা ভয়ংকৰ খবৰ । মেট্ৰিকৰ সময়ত এইদৰে ঝুমুৰ অনুষ্ঠিত কৰাটো সুস্থ কথা নহয় ।”

অখিল গগৈয়ে লগতে কয়, “ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই । চাহ জনগোষ্ঠী-আদিবাসীসকলৰ নিচিনা এটা নিষ্পেষিত জনগোষ্ঠীক এইদৰে এক্সপ’জাৰ দিয়াটো নিশ্চিতভাৱে এটা ভাল খবৰ । কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ ৬০০০০ শিক্ষাৰ্থীয়ে এটা শৈক্ষিক বৰ্ষ হেৰুৱাবলগীয়া হয়, তেন্তে এয়া কেতিয়াও মানি ল’ব নোৱাৰি ।”

এই ক্ষেত্ৰত চাহ জনগোষ্ঠীয় সংগঠন সমূহকো পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে অখিল গগৈয়ে । লগতে এইসকল শিক্ষাৰ্থীৰ বাবে বিশেষভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈও আহ্বান জনাই বিধায়কগৰাকীয়ে ।

মন্ত্ৰী বিমল বড়াৰ প্ৰতিক্ৰিয়া
ইফালে এই অভিযোগ সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই কয় যে ৬০০০ শিক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াৰ তথ্য অখিল গগৈয়ে ক’ত পালে? ঝুমুৰ আৰম্ভ কৰাৰ সময়তেই পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব নালাগে বুলি কোৱা হৈছিল বুলিও উল্লেখ কৰে মন্ত্ৰী বিমল বড়াই ।

মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ
খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...
ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী