দিনতেই অন্ধকাৰময় গুৱাহাটী, নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি ভয়ংকৰ পৰিস্থিতিৰ | Artificial floods are caused due to incessant rains Assam news - Assam Tv9

দিনতেই অন্ধকাৰময় গুৱাহাটী, নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি ভয়ংকৰ পৰিস্থিতিৰ

Updated On: 

05 Aug 2024 18:16 PM

Guwahati Flood: আজি হঠাতে পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ। দুপৰীয়াৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভৰি পৰিছে পানী। 

দিনতেই অন্ধকাৰময় গুৱাহাটী, নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি ভয়ংকৰ পৰিস্থিতিৰ

দিনতেই অন্ধকাৰময় গুৱাহাটী

Follow Us On

বিপদে লগ নেৰা হৈছে মহানগৰবাসীক। গুৱাহাটী মহানগৰীৰ প্ৰায় ভাগ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত । এজাক বৰষুণ দিলেই আলৈ-আথানি হয় মহানগৰবাসীৰ।

গুৱাহাটী মহানগৰীত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ। এই বৰষুণৰ ফলত কৃত্ৰিম বানৰ সমস্যা ত্ৰমাৎ বৃদ্ধি পাইছে। এতিয়া মহানগৰীৰ অলি-গলি ভৰি পৰিছে পানীৰে। জিলাই জিলাই জাৰি কৰা হৈছে হলধীয়া সতৰ্কবাণী । চানমাৰি, অনিল নগৰ, নবীন নগৰ, জু-ৰোডকে ধৰি কাহিলীপাৰাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মুষলধাৰ বৰষুণৰ ফলত মহানগৰীত হাহাকাৰ ।

বতৰ বিজ্ঞান কেন্দ্ৰই ২৮খনকৈ জিলাত জাৰি কৰিছে হালধীয়া সতৰ্কবাণী আৰু ৩খন জিলাত কমলা সতৰ্কবাণী জাৰি কৰিছে। হালধীয়া সতৰ্কবাণী জাৰি কৰা স্থানসমূহ হৈছে- কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী,দক্ষিণ শালমাৰা, ধুবুৰী, তামুলপুৰ, ওদালগুৰি,কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও ,গোলাঘাট,কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ,লখিমপুৰ, মাজুলী,যোৰহাট,ধেমাজি, তিনিচুকীয়া। ইফালে কমলা সতৰ্কবাণী জাৰি কৰা ঠাইসমূহ হৈছে- বিশ্বনাথ, গোৱালপাৰা, শোণিতপুৰ জিলা।

ৰাস্তাত পানী জমা হোৱাৰ বাবে, মানুহৰ চলাচলত অসুবিধা হৈছে। ৰাস্তা় পানীৰে ভৰি পৰিছে। খানাপাৰাতো সন্ধিয়াৰ ভাগত কৃত্ৰিম বানৰ ফলত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । বিভিন্ন স্থানত জমা হোৱা পানীৰ বাবে নিজৰ কৰ্তব্য সামৰি ঘৰলৈ যাব পৰা নাই বহু লোক । ফলত আবদ্ধ হৈ পৰিছে শতাধিক বাহন ।

ইফালে, নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বানত বুৰিল ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । পানীৰ তলত আছে এতিয়া ভজুগাঁওৰ অংশ। অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে জীয়াধল কাংকু সুঁতি।

সমস্যাৰ সমাধান!

দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কৃত্ৰিম বান ৰোধ আৰু নলা-নৰ্দমা সঠিক নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত সমাধান নহ’ল মহানগৰীৰ এই সমস্যা । এই ক্ষেত্ৰত বিফল গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ প্ৰশাসন । চৰকাৰ আহিছে,চৰকাৰ গৈছে। কেৱল সলনি হোৱা নাই গুৱাহাটীবাসীৰ সমস্যা।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version