‘ঝুমইৰ বিনন্দিনী’ৰ পৰিবেশনকাৰী শিল্পীয়ে লাভ কৰিব ২৫ হাজাৰকৈ টকাঃ ঘোষণা মুখ্যমন্ত্ৰীৰ
আজি সৰুসজাই ক্রীড়া প্রকল্পত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে শিল্পীসকলে পৰিৱেশন কৰা ঝুমুৰ নৃত্যৰ আখৰাও প্রত্যক্ষ কৰে। এই পৰদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃ্হৎ কাৰ্যসূচী সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছে।

চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্বদৰবাৰত জনপ্ৰিয়কৰণৰ লক্ষ্যৰে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠান। আজি সৰুসজাই ক্রীড়া প্রকল্পত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে শিল্পীসকলে পৰিৱেশন কৰা ঝুমুৰ নৃত্যৰ আখৰাও প্রত্যক্ষ কৰে। এই পৰদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃ্হৎ কাৰ্যসূচী সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছে।
পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি প্রায় ৮,৮০০ পুৰুষ-মহিলাই ঢোল, মাদল, ধমছা আৰু বাঁহী বজাই পৰিৱেশন কৰা সংগীত আৰু নৃত্যৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হোৱা আখৰাই আজি সমগ্র পৰিৱেশ মুখৰিত কৰি তোলে। অনুষ্ঠান প্রত্যক্ষ কৰি মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাই অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্রদর্শন সম্পর্কে কেইবাটাও গুৰুত্বপূর্ণ পৰামৰ্শ প্রদান কৰে।
তেওঁ লগতে মাষ্টাৰ ট্রেইনাৰ্ছকে ধৰি অনুষ্ঠান পৰিৱেশন কৰা পুৰুষ-মহিলা নির্বিশেষে সকলো শিল্পীলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। নৃত্য শিল্পীসকলক তেওঁলোকৰ অনুষ্ঠান পৰিৱেশনত সহায় কৰা বিশেষজ্ঞ দলৰ প্ৰতিজন সদস্যক ৩০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।
তদুপৰি সাংস্কৃতিক সংঘ স্থাপনৰ বাবে প্ৰতিখন চাহ বাগিচালৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। এই ধন ৰাশিয়ে সংঘসমূহক চাহ বাগিচা এলেকাৰ চহকী সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত সহায় কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই লগতে কয়। সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাখি মুখ্যমন্ত্রী ড° শৰ্মাই ঝুমইৰৰ জৰিয়তে অসমে ৰাজ্যৰ চাহ জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতিক উদযাপন কৰিব বুলি উল্লেখ কৰে।
ঝুমইৰ বিনন্দিনী অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰা প্রতিগৰাকী শিল্পী, কলা-কুশলীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে অহা ২৩ ফেব্ৰুৱাৰী, অৰ্থাৎ কাইলৈ পৰিৱেশন হ’বলগীয়া চূড়ান্ত আখৰা উপভোগ কৰাৰ বাবে আগ্রহী লোকসকলে সৰুসজাই ক্রীড়া প্রকল্পত উপস্থিত হৈ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠান উপভোগ কৰিব পাৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।