অৰুন্ধতী স্বৰ্ণ আঁচনিঃ বিবাহৰ সময়ত সোণ কিনিবলৈ চৰকাৰে দিব ধন, জানক সবিশেষ…

Arundhati gold scheme: অসম চৰকাৰে মহিলাৰ হকে বহু কল্যানমূলক আঁচনি ৰূপায়ন কৰে। তেনে এক আঁচনি হ'ল অৰুন্ধতী স্বৰ্ণ আঁচনি। ইয়াৰ অধীনত যুৱতীয়ে বিবাহৰ সময়ত সোণ লাভ কৰে।

অৰুন্ধতী স্বৰ্ণ আঁচনিঃ বিবাহৰ সময়ত সোণ কিনিবলৈ চৰকাৰে দিব ধন, জানক সবিশেষ...

অৰুন্ধতী স্বৰ্ণ আঁচনি

Published: 

15 Jan 2025 18:04 PM

অসম চৰকাৰে মহিলা আৰু শিশুৰ বাবে বহু কল্যানমূলক আঁচনি ৰূপায়ন কৰে। তেনে এক আঁচনি অৰুন্ধতী স্বৰ্ণ আঁচনি (Arundhati gold scheme) । এই আঁচনিৰ অধীনত বিবাহৰ সময়ত মহিলাক ১০ গ্ৰাম সোণ দিয়াৰ ব্যৱস্থা আছে। অৱশ্যে ইয়াৰ বাবে চৰকাৰে যোগ্যতা নিৰ্ধাৰণ কৰি দিছে। কোনসকল যুৱতীয়ে বিবাহৰ সময়ত এই আঁচনিৰ লাভ উঠাব পাৰিব বা কেনেকৈ আবেদন কৰিব পাৰিব তলত ইয়াৰ সমস্ত বিৱৰণ উল্লেখ কৰা হ’ল-

অৰুন্ধতী স্বৰ্ণ আঁচনি (Arundhati gold scheme)

মহিলাসকলৰ কল্যানৰ অৰ্থে অসম চৰকাৰে ৰূপায়ন কৰা অন্যতম এক আঁচনি অৰুন্ধতী স্বৰ্ণ আঁচনি। ৰাজ্যত বাল্য বিবাহ, ভ্ৰণ হত্যা , যৌতুক প্ৰথা আদিৰ দৰে কু প্ৰথাসমূহ ৰোধ কৰাৰ অৰ্থে চৰকাৰে এই আঁচনি ৰূপায়ন কৰিছিল। এই আঁচনিৰ অধীনত চৰকাৰে যুৱতীৰ বিয়াৰ সময়ত আশীৰ্বাদ স্বৰূপে ৪০,০০০ টকা প্ৰদান কৰে। যাৰ সহায়ত পিতৃ-মাতৃয়ে কন্যাৰ বাবে সোণ ক্ৰয় কৰিব পাৰে।

উদ্দেশ্য

  • সমাজত বাল্য বিবাহ,ভ্ৰুণ হত্যা, যৌতুক আদি ৰোধ কৰা।
  • যিসকল কন্যাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সুস্থিৰ নহয় সেই সকলক আৰ্থিক সকাহ দিয়া।
  • প্ৰতিগৰাকী কইনাত ১০ গ্ৰাম সোণ যোগান ধৰা।

যোগ্য়তা

  • বিবাহ পঞ্জীয়নৰ সময়ত দৰা-কইনাৰ বয়স ক্ৰমে ২১ আৰু ১৮ বছৰ হ’ব লাগিব।
  • আবেদনকাৰীৰ বিবাহ বিশেষ বিবাহ আইন, ১৯৫৪ চনৰ অধীনত পঞ্জীয়ন হ’ব লাগিব।
  • আবেদনকাৰী কন্যাগৰাকীয়ে বিবাহ পঞ্জীয়নৰ বাবে কৰা আবেদনৰ দিনাখন অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিৰ অধীনত পাবলগীয়া লাভালাভৰ বাবে আবেদন কৰিব লাগিব।
  • আবেদনকাৰী কন্যাগৰাকীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ কম হ’ব লাগিব।
  • এই লাভালাভৰ সুবিধা আবেদনকাৰী কন্যাগৰাকীৰ প্ৰথম বিবাহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
  • ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়সমূহ আৰু চাহ জনজাতি লোকসকলৰ বাহিৰে, অন্যান্য সকলো সম্প্ৰদায়ৰ দৰা-কইনাৰ ন্যুনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
  • পৰৱৰ্তী পাঁচ বছৰৰ বাবে আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ লোকসকলৰ ক্ষেত্ৰত কোনো ন্যুনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিয়নো অসমৰ বেছিভাগ চাহ বাগিচাতে হাইস্কুলৰ সুবিধা নাই।
  • জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰিব।

কি কি লাগিব

  • বয়সৰ প্ৰমাণ
  • ডমেলিকা চাৰ্টিফিকে
  • মোবাইল নম্বৰ
  • ইনকাম চাৰ্টিফিকে
  • বেংক একাউন্ট
  • গাওঁবুঢ়াৰ চাৰ্টিফিকেট
  • আধাৰ কাৰ্ড
  • পাছপোৰ্ট ফটো
  • বিয়াৰ চিঠি।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে অফিচিয়েল ৱেবচাইটত যাওক।
  • এপ্লাইত ক্লিক কৰক
  • প্ৰয়োজনীয় তথ্য দিয়ক।
  • সকলো তথ্য দিয়ক।
  • চাবমিট কৰাৰ পূৰ্বে প্ৰ-পত্ৰখনৰ প্ৰিন্টআউট কৰিব লওক।
  • পাছত স্বাক্ষৰ কৰি সকলো নথি পত্ৰৰ সৈতে সংশ্লিষ্ট বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব।
  • আবেদন প্ৰ-পত্ৰ পৰীক্ষা কৰাৰ পিছত আপুনি ধনৰাশি লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ অৰুণোদয় আঁচনিঃ কোন মহিলাই কেনেকৈ লাভ কৰিব চৰকাৰী ধন, জানক সবিশেষ.

ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?
সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?