5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

“সন্মান সহকাৰে মাতিলেহে মিঞা উজনিলৈ যাব” আশ্ৰাফুল হুচেইনৰ উচতনিমূলক মন্তব্য

তেওঁলোকৰ বক্তব্যৰ পৰাই প্ৰমাণ হয় যে অসমত মিঞাৰ আগ্ৰাসন চলি আছে। অসমত কোনো পধ্যেই এই আগ্ৰাসন চলিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই চৰকাৰে অসমত মিঞাৰ আগ্ৰাসন চলিবলৈ নিদিয়ে।

“সন্মান সহকাৰে মাতিলেহে মিঞা উজনিলৈ যাব” আশ্ৰাফুল হুচেইনৰ উচতনিমূলক মন্তব্য
শৃংখল, আশ্ৰাফুল
Follow Us
barasha-sarma
Barasha Sarma | Published: 16 Sep 2024 17:02 PM

গামোচা, তামোলৰ বঁটা দি সন্মান-সহকাৰে মাতিলেহে উজনি অসমলৈ মিঞা শ্ৰমিকক যাবলৈ আহ্বান এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুচেইনৰ। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাত বিধায়কগৰাকীয়ে কয় যে, মিঞা শ্ৰমিকসকল উজনিলৈ যাব নালাগে। অসমৰ বাহিৰত হওক, নামনি অসমত হওক বহুত ঠাই আছে। গাঁৱত হাজিৰা কৰিলেও আজিকালি ৫০০ টকা পায়। গাঁৱত শ্ৰমিকৰ অভাৱ আছে, গতিকে তাতেই কাম কৰক। সহায় কৰিব গৈ গালি, লাঠি খোৱাৰ প্ৰয়োজন নাই।

ৰাজ্যত কিছু পৰিমাণে শাম কটা মিঞাকেন্দ্ৰিক বিতৰ্ক বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতেই পুনৰ গা কৰি উঠিছে। আশ্ৰাফুল হুচেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুছলমান বিদ্বেষী বুলি কোৱাৰ লগতে দুৰ্বল মানুহৰ লগতেই এনে কৰিব বুলি কয়। হুচেইনে লগতে কয়, মিঞা শ্ৰমিকসকলক যেতিয়া উজনিৰ মানুহে গামোচা, তামোল পান দি সন্মান সহকাৰে মাতে তেতিয়াহে যাব লাগে। মিঞা মুছলমানৰ অভাৱৰ বাবে এতিয়া উজনিত শ্ৰমিকৰ অভাৱ হৈছে বুলিও তেওঁ কয়।

বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে একাংশ। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, তেওঁলোকৰ বক্তব্যৰ পৰাই প্ৰমাণ হয় যে অসমত মিঞাৰ আগ্ৰাসন চলি আছে। অসমত কোনো পধ্যেই এই আগ্ৰাসন চলিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই চৰকাৰে অসমত মিঞাৰ আগ্ৰাসন চলিবলৈ নিদিয়ে। খিলঞ্জীয়াক মূৰ তুলি জীয়াই থকাৰ বাবে যি কৰিব লগা আছে কৰা হ’ব। এয়া দুৰ্ভাগ্যজনক যে বাংলাদেশীমূলৰ এজনে ইমান ডাঙৰ কথা কৈছে।

ইয়াৰোপৰি সোণাপুৰৰ কছুতলীৰ উচ্ছেদক লৈ শৃংখল চলিহাক লক্ষ্য কৰি লৈছিল চেঙাৰ বিধায়ক আশ্ৰাফুল হুচেইনে। বিশৃংখল মানুহ আখ্যা দি শৃংখল চলিহাক চৰকাৰে পুহি ৰখা বুলি আশ্ৰাফুলে মন্তব্য কৰিছিল। আশ্ৰাফুল হুচেইনক প্ৰত্যুত্তৰ দি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয় যে, বাংলাদেশীমূলৰ এজন বিধায়কে দিয়া প্ৰত্যাহ্বান কোনো পধ্যেই মানি নলয় বুলি কয়। খিলঞ্জীয়াক জোকাই ল’লে পৰিস্থিতি বিষম হব বুলি কয় চলিহাই। লগতে কয় যে, উজনি অসমৰ মানুহৰ কথা বাংলাদেশীমূলৰ বিধায়কে চিন্তা নকৰিলেও হ’ব। মিঞা আঁতৰি যোৱাৰ পাছত উজনি অসমত সকলো কাম সুকলে চলি আছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসমৰ একাংশ সংগঠনে মিঞাসকলক উজনি অসম এৰি যোৱাৰ নিৰ্দেশ দিছিল।  উজনিৰ জিলাই জিলাই চলা মিঞা অভিযানৰ পাছত মিঞাসকলে উজনি ত্যাগ কৰিছিল। এই বিতৰ্কত সোমাই পৰিছিল মুখ্যমন্ত্ৰী, নেতা- মন্ত্ৰী আদি সকলো। আনকি নগাঁৱৰ পৰা উজনি অসমলৈ মাছ সৰবৰাহ কৰাও বন্ধ কৰি দিছিল। এই সকলো ঘটনাক্ৰমৰ পাছতেই সোণপুৰত চলিছিল উচ্ছেদ অভিযান. এই উচ্ছেদ একাংশই বিৰোধিতা কৰাৰ লগতে শৃংখল চলিহাই ইয়াক খিলঞ্জীয়াৰ জয় বুলি উল্লেখ কৰিছে। ইতিমধ্যে এই ঠাইৰ পৰা মিঞালোকসকল অন্য ঠাইলৈ ৰাওনা হৈছে। এনে অৱস্থাত বিধায়কগৰাকীৰ এই উচতনিমূলক মন্তব্যই জুইত ঘিউ ঢলাৰ কামহে কৰিব যেন অনুমান হয়।

 

Latest News