অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত অসমৰ ২ পৰিয়াল, এজনৰ মৃতদেহ উদ্ধাৰ, ৩জন সন্ধানহীন…
অৰুণাচল প্ৰদেশ ফুৰিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত দুটাকৈ পৰিয়াল। বৰফৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা প্ৰায় ৫০০ ফুট দ' খাৱৈত বাগৰি পৰে বাহন। বৰ্তমানলৈ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ফুৰিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত অসমৰ দুটা পৰিয়াল। বৰফৰ মাজেৰে পাহাৰীয়ে ৰাস্তাৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কৰপিঅ’ বাহন পাহাৰৰ পৰা প্ৰায় ৫০০ ফুট দ’ খাৱৈত বাগৰি পৰে। এই বাহনখনত মুঠ ৬ জনলোক আছিল। ইয়াৰে এগৰাকী মহিলা আৰু এটি শিশুক সংকটজনক অৱস্থাত উদ্ধাৰ কৰাৰ লগতে বাহন চালকৰ মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰোপৰি আন ৩ জনৰ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। বাহনখনত থকা যাত্ৰীসকলৰ ভিতৰত আছিল গাড়ী চালক, ২ পুৰুষ, ২ মহিলা আৰু এটি কন্যা শিশু।
জানিব পৰা মতে, ২৫ জানুৱাৰীত এই পৰিয়াল দুটা নুমলীগড়ৰ ঔ চাপৰিৰ পৰা অৰুণাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল। কিন্তু ২৬ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৪ মান বজাত তেওঁলোকৰ স্কৰপিঅ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা প্ৰায় ৫০০ ফুট দ’ গাঁতত বাগৰি পৰে। বাহনখনত আছিল পতি-পত্নী সুৰজ চেত্ৰী আৰু মীনা চেত্ৰী, আন এটা পৰিয়াল হৰিমায়া চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু সন্তান ৰৌছনী চেত্ৰী, লগত আছিল গাড়ী চালক মনোজ চেত্ৰী।
এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। নিশাই মাতৃ হৰিমায়া চেত্ৰী আৰু ৰৌছনী চেত্ৰীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে বৰ্তমান তেওঁলোকৰ অৱস্থা কিছু সুস্থিৰ। ইয়াৰ বিপৰীতে গাড়ীচালক মনোজ চেত্ৰীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু আন ৩ জনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
এই সমগ্ৰ ঘটনাই পৰিয়াল দুটাৰ আত্মীয়ৰ মাজত শোকৰ ছা পেলাইছে। আত্মীয়ই জনোৱা অনুসৰি উদ্ধাৰ হোৱা মাতৃ হৰিমায়া আৰু কন্যাৰ অৱস্থা বৰ্তমান সুস্থিৰ। ইয়াৰোপৰি দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনো আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে স্কৰপিঅ’ বাহনখন সম্পূৰ্ণ ৰূপে নষ্ট হৈ আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অন্য তথ্য পোহৰলৈ আহিব।
উল্লেখ্য যে, বৰ্তমান সময়ত চুবুৰীয়া ৰাজ্য অৰুণাচলত বৰফ পৰি আছে, যাৰ বাবে প্ৰায় প্ৰতিদিনে ৰাজ্যখনলৈ পৰ্যটকৰ আগমন বৃদ্ধি পাইছে। অৰুণাচলত প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰাৰ উদ্দেশ্যে অসমৰ দুটা পৰিয়াল ৰাজ্যখনলৈ গৈছিল। কিন্তু বিপদসংকুল পথ আৰু বৰফৰ বাবে এই পৰিয়ালটো দুৰ্ঘটনাতপতিত হোৱাৰ সন্দেহ কৰা হৈছে।