Assam: তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত দ’ খাৱৈত পৰিল বাহন, থিতাতে মৃত্যু শিশুসহ ৪ জনৰ
Assam: আজি পুৱা তিনিচুকীয়া- ডিব্ৰগড় বাইপাছৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। এই পথ দুৰ্ঘটনাত শিশুসহ ৪ জনলোক নিহত হয়। মূল ৰাস্তাৰ পৰা গৈ বাহন দ' খাৱৈত পৰাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়।
মঙলবাৰে পুৱাই আহিল এক দুঃখবৰ। সোমবাৰে নিশা তিনিচুকীয়াত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই ৪ জনকৈ লোকে। মৃতসকলৰ ভিতৰত আছে ৩ জনকৈ পুৰুষ আৰু এটি ৭ বছৰীয়া শিশু। এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ। তিনিচুকীয়া বাইপাছত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশাৰ ভাগত তিনিচুকীয়া- ডিব্ৰুগড় বাইপাছত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। মূল ৰাস্তাৰ পৰা বাগৰি চুইফট বাহনখন গোবিন্দপুৰৰ পথৰ কাষত থকা এটা দ’ খাৱৈত পৰাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে তিনিচুকীয়া অভিমুখে বিহাৰৰ ৬ জনলোকে এখন চুইফ্ট বাহনেৰে আহি আছিল। সেই সময়তে এই পথ দুৰ্ঘটনা সংঘটিত হয়।
স্থানীয় লোকে সন্দেহ কৰা অনুসৰি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে। পুৱাই খাৱৈত গাড়ী পৰি থকা দেখি তেওঁলোকে আৰক্ষীক খবৰ দিয়ে আৰু তেতিয়াই পোহৰলৈ আহে এই ঘটনা। অৱশ্যে কেনেকৈ এই বাহনখন দ’ পুখুৰীত পৰিল সেই সন্দৰ্ভত এতিয়ালৈকে তথ্য লাভ কৰা হোৱা নাই।
জানিব পৰা মতে মৃত আটাইকেইজন বিহাৰৰ বাসিন্দা আছিল। তেওঁলোকৰ নাম অৰ্থ গুপ্তা, মোহন শ্বাহ, ৰাজেশ গুপ্তা আৰু মন্টু শ্বাহ। ইয়াৰে ৭ বছৰীয়া শিশুটিৰ নাম অৰ্থ গুপ্তা বুলি জানিব পৰা গৈছে। আনহাতে আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। নিহত মন্টু শ্বাহ নামৰ লোকজনে বিহাৰৰ পৰা অহা আত্মীয়ক বৰডুবিলৈ আনিব গৈছিল। নিহত ম্টু শ্বাহ আৰু মোহন শ্বাহৰ ঘৰ বৰডুবিত। মন্টু শ্বাহ আছিল বাহনখনৰ চালক।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দ’ খাৱৈৰ পৰা গাড়ীখন উদ্ধাৰ কৰাৰ লগতে মৃতদেহসমূহ বাহিৰলৈ উলিয়াই আনে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মৃতসকলৰ পৰিয়ালক ঘটনাৰ বিষয়ে খবৰ দিয়াৰ ব্যৱস্থা কৰিছে।
স্থানীয় ৰাইজে অভিযোগ তোলে যে এই অঞ্চলটোত দৈনিক এনে পথ দুৰ্ঘটনা সংঘটিত হয়। কিয়নো দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখিনিত বাহনৰ বাবে কোনো সাংকেতিক চিহ্ন নাই। কিছু মাহ আগতে ইয়াত দলং এখনৰ কাম আৰম্ভ কৰা হৈছিল যদিও সেয়া এতিয়াও আধৰুৱা হৈ আছে। যাৰ বাবে কোনো সাংকেতিক চিহ্ন নথকাৰ বাবে বাহনসমূহ এই খাৱৈত সোমাই পৰে।
এই সমগ্ৰ ঘটনাই উক্ত অঞ্চল জোকাৰি গৈছে। কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ’ল বা কেনেকৈ গাড়ীখন পানী পৰিল সেয়া সকলো ৰহস্যৰ আৱৰ্তত। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্তত অধিক তথ্য জানিব পৰা যাব।