ৰূপহীহাট কাণ্ডৰ সত্য পোহৰলৈ! গ্ৰেপ্তাৰ এজন, নিহত ৪ জনৰ লগত কি হৈছিল সেইদিনা?
আৰক্ষীয়ে সন্দেহ কৰিছিল যে, সম্ভৱত অনুপমে প্ৰথমে নৱস্মিতাৰ পৰিয়ালৰলোকক হত্যা কৰিছিল আৰু পাছত নিজে আত্মহত্যা কৰিছিল বা কোনোবা ছুুপাৰী কিলাৰে এই কাণ্ড সংঘটিত কৰিছিল। এই ঘটনাৰ বিষয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে অমল সৰকাৰৰ বিষয়ে।
ৰাজ্য কঁপাই যোৱা নগাঁও ৰূপহীহাটৰ গড়াজানৰ হত্যাকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ এজন। একেটা পৰিয়ালৰ ৩ জন সদস্যসহ ৪ জনক দুৰ্বৃত্তই হত্যা কৰাৰ প্ৰায় ৯ দিন পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অমল সৰকাৰ নামৰ এজনলোকক। জানিব পৰা মতে অমল সৰকাৰ নিহত পৰিয়ালটোৰ আত্মীয়। অভিযোগ অনুসৰি ঘটনাৰ দিনা নৱস্মিতা সৰকাৰৰ প্ৰাক্তন প্ৰেমিক অনুপম নামৰ যুৱকজনে গুণধৰ সৰকাৰ (৫৮), সুৰধ্বনি সৰকাৰ (৫০), জয়স্মিতা সৰকাৰক ডিঙি কাটি হত্যা কৰা দেখিছিল অমলে (গুণধৰ সৰকাৰৰ ভতিজা) । তাৰ পাছতে তেওঁ হত্যা কৰিছিল অনুপম সূত্ৰধৰক। ইতিমধ্যে হত্যাৰ কথা স্বীকাৰ কৰিছে অমলে।
উল্লেখ্য যে, ২২ নৱেম্বৰৰ নিশা নগাঁৱৰ ৰূপহীহাটৰ গড়াজান সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিশাৰ ভাগত দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি ডিঙি কাটি হত্যা কৰিছিল ৪ জনকৈলোকক। হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত আছিল একেটা পৰিয়ালৰ ৩ জন সদস্যসহ আন এজন যুৱক। মৃত লোককেইজনৰ ভিতৰত আছিল গুণধৰ সৰকাৰ (৫৮), সুৰধ্বনি সৰকাৰ (৫০), জয়স্মিতা সৰকাৰ (২৩) আৰু ৩৫ বছৰীয়া যুৱক অনুপম সূত্ৰধৰ।
ঘটনাৰ সময়ত ঘৰখনত চলি আছিল বিয়াৰ প্ৰস্তুতি। কিয়নো ২৭ নৱেম্বৰত আছিল ঘৰৰ ডাঙৰ কন্যা নৱস্মিতা সৰকাৰৰ বিয়া। যাৰ বাবে ঘৰত আৰম্ভ হৈছিল বিয়াৰ প্ৰস্তুতি, সজা হৈছিল পেণ্ডেল। কিন্তু বিয়াৰ প্ৰায় কেইদিনমান পূৰ্বেই দুুৰ্বৃত্তই সকলো শেষ কৰি হত্যা কৰিছিল একেটা পৰিয়ালৰ ৩ জনলোকক লগতে অনুপম সূত্ৰধৰক। সেই সময়ত ঘৰত নৱস্মিতা আৰু ককায়েক উপস্থিত নাছিল, যাৰ বাবে কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্তৰ। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছিল যে নৱস্মিতা সৰকাৰৰ প্ৰাক্তন প্ৰেমিক অনুপমে তেওঁক দীৰ্ঘদিন ধৰি মানসিক অশান্তি দি আছিল। বাৰে বাৰে বিয়াৰ বাবে হেঁচাৰ প্ৰয়োগ কৰি অহা অনুপমক নৱস্মিতাই নাকচ কৰি গৈছিল। আনকি আৰক্ষীৰ ওচৰত নৱস্মিতা আৰু পৰিয়ালৰলোকে এজাহাৰো দাখিল কৰিছিল। যাৰ বাবে এই হত্যাকাণ্ড নৱস্মিতাৰ প্ৰাক্তন প্ৰেমিকে সংঘটিত কৰাৰ সন্দেহ কৰা হৈছিল যদিও অনুপমৰ মৃতদেহ উদ্ধাৰে এই সমগ্ৰ বিষয়টোত আউল লগাইছিল।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে সন্দেহ কৰিছিল যে, সম্ভৱত অনুপমে প্ৰথমে নৱস্মিতাৰ পৰিয়ালৰলোকক হত্যা কৰিছিল আৰু পাছত নিজে আত্মহত্যা কৰিছিল বা কোনোবা ছুুপাৰী কিলাৰে এই কাণ্ড সংঘটিত কৰিছিল। এই ঘটনাৰ বিষয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে অমল সৰকাৰৰ বিষয়ে। অভিযোগ অনুসৰি অনুমপে নৱস্মিতাৰ পৰিয়ালৰলোকক আৰু নৱস্মিতাৰ আত্মীয় অমলে অনুপমক হত্যা কৰিছে। বৰ্তমান সময়ত অমলৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মঙলবাৰে অমলক আদালতত হাজিৰ কৰাব আৰক্ষীয়ে।