গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ২০০০ লোকক উচ্ছেদ... | Assam: 450 families evicted from Goalpara reserve forest Land to reduce man-elephant conflict Assam news - Assam Tv9

উদ্দেশ্য হাতী-মানুহৰ সংঘাত হ্ৰাস কৰা ! গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ২০০০ লোকক উচ্ছেদ…

Updated On: 

24 Sep 2024 19:05 PM

গোৱালপাৰা জিলাৰ ৫৫-৬০ হেক্টৰ বনাঞ্চল ভূমিৰ পৰা মঙলবাৰে ৪৫০ টা পৰিয়ালক উচ্ছেদ কৰা হয় । প্ৰায় ২০০০ জন লোকে বাস কৰা এই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ কথা জানিবলৈ দিছে বিভাগীয় বিষয়াই । সূত্ৰই জানিবলৈ দিয়া অনুসৰি, উচ্ছেদ অভিযানৰ সময়ত সেই অঞ্চলটোৰ পৰা কেইবাটাও চৰকাৰী ইনষ্টলেশ্যনো আঁতৰাই পেলোৱা হয় ।

উদ্দেশ্য হাতী-মানুহৰ সংঘাত হ্ৰাস কৰা ! গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ২০০০ লোকক উচ্ছেদ...

সংৰক্ষিত বনাঞ্চলৰ পৰা ৪৫০টা পৰিয়ালক উচ্ছেদ

Follow Us On

অসমৰ গোৱালপাৰা জিলাৰ ৫৫-৬০ হেক্টৰ বনাঞ্চল ভূমিৰ পৰা মঙলবাৰে ৪৫০ টা পৰিয়ালক উচ্ছেদ কৰা হয় । প্ৰায় ২০০০ জন লোকে বাস কৰা এই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ কথা জানিবলৈ দিছে বিভাগীয় বিষয়াই । সূত্ৰই জানিবলৈ দিয়া অনুসৰি, উচ্ছেদ অভিযানৰ সময়ত সেই অঞ্চলটোৰ পৰা কেইবাটাও চৰকাৰী ইনষ্টলেশ্যনো আঁতৰাই পেলোৱা হয় । এই উচ্ছেদে হাতী-মানুহৰ সংঘাত ৰোধ কৰাত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে বিষয়া গৰাকীয়ে ।

লখিপুৰ ৰেঞ্জৰ ১১৮ হেক্টৰ ভূমিত বিস্তৃত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত আজি মঙলবাৰে নিৰাপত্তাৰক্ষী আৰু অসামৰিক আৰু বন বিষয়াৰ এটা বৃহৎ দল উচ্ছেদ চলাবৰ বাবে উপস্থিত হয়  । এই উচ্ছেদৰ সন্দৰ্ভত গোৱালপাৰাৰ বন সংমণ্ডল বিষয়া তেজস মাৰিস্বামীয়ে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গোৱালপাৰাৰ সকলো সংৰক্ষিত বনাঞ্চল বেদখলৰ পৰা মুক্ত কৰা উদ্দেশ্যে এই উচ্ছেদ অভিযান চলোৱা হয় । ৰাজ্যখনৰ ভিতৰতে গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত সৰ্বাধিক বুলিও উল্লেখ কৰে বিষয়া গৰাকীয়ে ।

জানিব পৰা মতে, উচ্ছেদৰ পাছত এই অঞ্চলটোত বনানীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব । এই সমগ্ৰ অঞ্চলটো হাতীৰ বাসস্থানৰ বাবে উপযোগী কৰি তোলা হ’ব বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । মাৰিস্বামীয়ে কয় যে, “৫৫-৬০ হেক্টৰ বনাঞ্চল ভূমি বেদখল মুক্ত কৰা বাবে উচ্ছেদ চলাই থকা হৈছে । এই অঞ্চলটোত প্ৰায় ৪৫০ টা পৰিয়ালে অবৈধভাৱে বসতি স্থাপন কৰিছিল । প্ৰায় ২০০০ লোকে বাস কৰা এই অঞ্চলটো খালী কৰিবলৈ আমি অনুৰোধ জনাইছো ।”

ইফালে প্ৰশাসনে দাবী কৰে যে, নিজ ইচ্ছাৰে সেই লোকসকলে অঞ্চলটো খালী কৰিছে । মঙলবাৰৰ দিনটোত শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান সম্পূৰ্ণ হয় বুলিও দাবী কৰে প্ৰশাসনে । মৰিস্বামীয়ে লগতে কয় যে, উচ্ছেদৰ সময়ত এটা জল জীৱন মিছন ইউনিটও ভাঙি পেলোৱা হৈছে।

সমান্তৰালভাৱে হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত তেওঁ কয়,”গোৱালপাৰাত হাতী-মানুহৰ সংঘাতত গড়ে ২৫ জন লোকে প্ৰাণ হেৰুৱায়। যদি আমি এই সংঘাত হ্ৰাস কৰিব বিচাৰো, তেন্তে এই সমস্যাৰ মূল সমাধান হ’ব- আমাৰ বনাঞ্চলসমূহ সকলো অবৈধ বসতিৰ পৰা মুক্ত কৰা।” যোৱা এবছৰত গোৱালপাৰাত ৯ টা উচ্ছেদ অভিযান চলাই প্ৰায় ৫৫০ হেক্টৰ বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰা হৈছে বুলি জানিবলৈ দিছে ডি এফ অ’ গৰাকীয়ে ।

Latest Stories
ৰে’লপথ ডাবল লাইনিঙৰ বাবে ভূমি আবণ্টন, চাকৰি নিয়মীয়া হ’ব KAAC য়ে নিযুক্তি দিয়া ১৩১ জন শিক্ষকৰ, আজি ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…
স্বাভাৱিক হৈছে বতৰ, কাইলৈ পৰা খুলিব গুৱাহাটীৰ বিদ্যালয়সমূহ…কিমান বজাৰ পৰা আৰম্ভ হ’ব পাঠদান ?
কাজিৰঙাৰ পৰা বহিঃৰাজ্যলৈ কাছ সৰবৰাহ, আমিনগাঁৱৰ পৰা উদ্ধাৰ দুটা বিলুপ্তপ্ৰায় কাছ…
যোৱা নিশাও তিনি বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা…উভতাই পঠিয়ালে নিৰাপত্তা বাহিনীয়ে…
Assam govt: পুনৰ ২৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, মুঠ পৰিমাণ হ’বগৈ ১.৫ লাখ কোটিৰো অধিক
Sonapur eviction: আজি সোণাপুৰত পুনৰ উচ্ছেদ অভিযানঃ ভাঙি পেলোৱা হ’ব অবৈধভাৱে নিৰ্মাণ হোৱা ২৫০ টা বাসগৃহ
ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version