5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি অসম বিধানসভাত শপত গ্ৰহণ অনুষ্ঠান: নৱনিৰ্বাচিত ৫ বিধায়কে ল’ব শপত

১৩ নৱেম্বৰত অসমৰ বিহালী, ছিদলী, বঙাইগাঁও, চামগুৰি আৰু ধলাই সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ২৩ নৱেম্বৰত ঘোষণা কৰা হৈছিল অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল। য'ত এই আটাইকেইটা সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম হৈছিল এন ডি এৰ প্ৰাৰ্থীয়ে।

আজি অসম বিধানসভাত শপত গ্ৰহণ অনুষ্ঠান: নৱনিৰ্বাচিত ৫ বিধায়কে ল’ব শপত
আজি অসমৰ নৱনিৰ্বাচিত ৫ সমষ্টিৰ বিধায়কে ল’ব শপত
trishna-kalita
Trishna Kalita | Updated On: 29 Nov 2024 10:59 AM

আজি অসম বিধানসভাত শপত গ্ৰহণ অনুষ্ঠান। নৱনিৰ্বাচিত ৫ সমষ্টিৰ বিধায়কে ল’ব শপত। অসম বিধানসভা অধিবেশন ভৱনত অনুষ্ঠিত হ’ব শপত গ্ৰহণ। শপতবাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিয়লি ৪ বজাত শপত গ্ৰহণ বিধানসভাত অনুষ্ঠিত হব শপতগ্ৰহণ অনুষ্ঠান। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

১৩ নৱেম্বৰত অসমৰ বিহালী, ছিদলী, বঙাইগাঁও, চামগুৰি আৰু ধলাই সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ২৩ নৱেম্বৰত ঘোষণা কৰা হৈছিল অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল। য’ত এই আটাইকেইটা সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম হৈছিল এন ডি এৰ প্ৰাৰ্থীয়ে।

এইবাৰ উপ- নিৰ্বাচনৰ সৰ্ব চৰ্চিত চামগুৰি সমষ্টিত সাংসদ ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনক হৰুৱাই বৃহৎ ভোটত জয় লাভ কৰে দিপ্লু ৰঞ্জন শৰ্মাই । প্ৰায় ২৬,০০০ ভোটৰ ব্যৱধানত দিপ্লু ৰঞ্জন শৰ্মাই এই সমষ্টি নিজৰ হাতলৈ আনে। ৰকিবুলৰ পিতৃ নুৰুল হুচেইনৰ পাছত ২০০১ চনৰ পৰা  কংগ্ৰেছৰ হাতত আছিল এই সমষ্টিটো। কিন্তু ৩০ বছৰৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ এই সমষ্টিত বিজেপিয়ে নিজৰ নাম খোদিত কৰাত সক্ষম হয়।

ইফালে বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। ঘাটোৱালে মুঠ ৫০,৯৪৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮৯৬টা ভোট। এইদৰে ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে দিগন্ত ঘাটোৱালে। এই সমষ্টিটোৰ বাবে অসম সন্মিলিত মৰ্চা ভংগ হৈছিল আৰু কংগ্ৰেছ- চিপিআইম (এম এল)য়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। অসম সন্মিলিত মৰ্চাক বিশ্বাসঘাটকতা কৰি কংগ্ৰেছে এই সমষ্টিটোত জয়ন্ত বৰাক দিয়াৰ পাছতে অসম সন্মিলিত মৰ্চাৰ হৈ চি পি আই (এম এল)ৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

ঠিক তেনেদৰে ধলাই সমষ্টিত প্ৰায় ১০,০০০ ভোটৰ বিনিময়ত জয় লাভ কৰে বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে। এই সমষ্টিটো বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে ৬৮,৭৫৯ টা ভোট লাভ কৰে। বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৫৪,৭৪২ টা ভোট লাভ কৰে। বিজেপি, কংগ্ৰেছৰ লগতে ধলাই সমষ্টিত ৬গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

ছিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই জয়লাভ কৰিবলৈ সক্ষম হয়। ছিদলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৩ গৰাকী প্ৰাৰ্থীয়ে । ছিদলীত ইউপিপিএলে নিৰ্মল কুমাৰ ব্ৰহ্মকে ধৰি বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰী আৰু কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৷

আনহাতে বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে জয়ী হয়। ২৯,৬৬৫ ভোটৰ ব্যৱধানত জয়লাভ কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে। বঙাইগাঁৱত মুঠ ৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
অগপৰ লগতে কংগ্ৰেছৰ হৈ সমষ্টিটোত ব্ৰজেনজিৎ সিনহা, এছইউচিআইৰ হৈ মৃত্যুঞ্জয় ৰাভা, নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ, অনুপ কুমাৰ কৰ্মকাৰ, ভদ্ৰেশ্বৰ বৰ্মন, গৌতম ৰায় লগতে দীপক দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷

 

Latest News