Assam: বনকৰা যুৱতীৰ সৈতে মিলি বিজু পেগুৱে কৰিলে নিজ সন্তানৰ অপহৰণ, কাৰণ…
Assam: গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যৰ অপহৰণ কাণ্ড। নিজ কন্যা সন্তানক বনকৰা যুৱতীৰ সৈতে মিলি পিতৃয়ে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। চুৰি, ডকাইত, হত্যা, লুণ্ঠন, অপহৰণ আদি ঘটনাই শংকাত পেলাই ৰাজ্যবাসীক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীও অপৰাধ কৰ্মৰ হাব হৈ পৰিছে। নিতৌ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু জঘন্য ঘটনাৰ কথা পোহৰলৈ আহে। শেহতীয়াকৈ পোহৰলৈ আহিছে এক শিশু অপহৰণৰ ঘটনা। গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰিছে শিশুটিৰ নিজ পিতৃৰ। ইতিমধ্যে আৰক্ষীয়ে শিশুটিৰ পিতৃসহ আন এগৰাকী যুুৱতীক গ্ৰেপ্তাৰ কৰিছে।
গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। এটি ৫ বছৰীয়া শিশুটিৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি শুকুৰবাৰে (৮ অক্টোবৰৰ) সন্ধিয়া ঘৰৰ বনকৰা এগৰাকী যুৱতীয়ে তেওঁৰ কনমানি সন্তানটিক অপহৰণ কৰে। জানিব পৰা মতে এই অপহৰণ কাণ্ডত বনকৰা যুৱতীগৰাকীয়ে এখন ইন’ভা বাহন ব্যৱহাৰ কৰিছিল। ঘৰৰ পৰাই যুুৱতীগৰাকীয়ে কনমানি কন্যা শিশুটিক অপহৰণ কৰি লৈ যায়।
শুকুৰবাৰে সন্ধিয়াৰ পাছত যেতিয়া মাতৃয়ে শিশুটিক বিচাৰি নাপাই তেতিয়া বিচাৰ খোচৰ লগায়। পৰৱৰ্তী সময়ত তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। দিছপুৰ আৰক্ষী থানাত শিশুটিৰ মাতৃ ভন্তি দলে দাখিল কৰা এজাহাৰ অনুসৰি তেওঁৰ ৫ বছৰীয়া কন্যা সন্তানটিক ঘৰত কাম কৰা চুমি বৰা নামৰ যুৱতীগৰাকীয়ে অপহৰণ কৰি লৈ যায়। এই এজাহাৰত শিশুটিৰ মাতৃয়ে স্বামী বিজু পেগুৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।
পৰৱৰ্তী সময়ত শিশুটিৰ মাতৃৰ অভিযোগ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আৰু দেওবাৰে লখিমপুৰৰ বগীনদীৰ পৰা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে অপহৃত শিশুটিৰ লগতে বনকৰা যুৱতী চুমি গগৈক লখিমপুৰৰ পৰা গুৱাহাটীলৈ আনি আছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ঘটনাৰ লগত শিশুটিৰ পিতৃ বিজু পেগু জড়িত আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে ২ বছৰ ধৰি চুমি গগৈ নামৰ যুৱতীগৰাকীয় বিজু পেগুৰ ঘৰত বনকৰা যুৱতী হিচাপে আছিল। কিন্তু চুমিয়ে কিয় এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা নাই। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্তত জানিব পৰা যাব এই কাণ্ডৰ কাৰণ কি বা কিয় চুমি গগৈয়ে এই অপহৰণ কাণ্ড সংঘটিত কৰিলে। ইয়াৰোপৰি নিজ কন্যাক সন্তানক অপহৰণ কৰা কাণ্ডত পিতৃ বিজু পেগু কি ধৰণে জড়িত বা কিয় এই কাণ্ড সংঘটিত কৰিলে এই সকলো পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব।