5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিহুৰ পাছত ঝুমুৰক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি! ২০ নৱেম্বৰত সৰুসজাইত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ৮ হাজাৰ শিল্পীয়ে

"ইয়াক ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শনহে হ'ব। তাৰ মাজত গীনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি চাই ল'ম। হয়তো ২-৪টা ৰেকৰ্ড হৈ যাব। কিন্তু ইয়াত ৰেকৰ্ডতকৈ সমুহীয়া প্ৰদৰ্শনক বেছি গুৰুত্ব দিছোঁ। ৮ হাজাৰ শিল্পীক লগত লৈ সুন্দৰকৈ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম যাতে ঝুমুৰৰ সাৰ্বজনীনতা আৰু লোকপ্ৰিয়তা বৃদ্ধি পায়। লগতে ঝুমুৰ শিল্পীসকলেও যাতে প্ৰেৰণা পায় তাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছে।"

বিহুৰ পাছত ঝুমুৰক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি! ২০ নৱেম্বৰত সৰুসজাইত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ৮ হাজাৰ শিল্পীয়ে
ঝুমুৰ নৃত্য
trishna-kalita
Trishna Kalita | Published: 01 Aug 2024 10:54 AM

বিহুৰ পাছত ঝুমুৰ নৃত্যক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে মহানগৰীৰ সৰুসজাইত হ’ব ঝুমুৰ নৃত্যৰ বৃহৎ অনুষ্ঠান। য’ত ২০ নৱেম্বৰত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ৮ হাজাৰ শিল্পীয়ে ৮০০ খন চাহ বাগিচাৰ পৰা আহিব ঝুমুৰ শিল্পীসকল। এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০ নৱেম্বৰত অসমৰ ৮০০ খন চাহ বাগিচাৰ ৮ হাজাৰ নাচনীয়ে সৰুসজাইত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব ৷ ইতিমধ্যে ঝুমুৰ নৃত্যৰ অডিঅ’ আৰু ভিডিও ৰেকৰ্ড সম্পন্ন হোৱা বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,  “বিগত বৰ্ষত অসমত ১২ হাজাৰ শিল্পীৰে সৈতে সৰুসজাইত বিহুৰ আয়োজন কৰিছিলোঁ। এইবাৰ আমি অসমৰ ৮০০খন চাহ বাগিচাৰ পৰা কম-বেছি পৰিমাণে ৮ হাজাৰ নাচনীৰে গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। তাৰ বাবে আমাৰ গানটোত ভিডিঅ’ ৰেকৰ্ড হৈ গ’ল। দুই-এদিনতে আপোনালোকক শুনাম। জিলা আয়ুক্তসকলৰ সন্মিলনত বিহুৰ সময়ত আমাৰ যিখিনিত ক’ৰবাত কম হৈছিল বা বেছি হৈছিল যি আমি শিকিছোঁ বা জানিছোঁ তাৰ ওপৰত পুৰণা অভিজ্ঞতা লৈ আমি ২০ নৱেম্বৰত গুৱাহাটীত ৮ হাজাৰ শিল্পীক লগত লৈ সুন্দৰকৈ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ সিদ্ধান্ত লৈছোঁ’।

লগতে তেওঁ কয়, “ইয়াক ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শনহে হ’ব। তাৰ মাজত গীনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি চাই ল’ম। হয়তো ২-৪টা ৰেকৰ্ড হৈ যাব। কিন্তু ইয়াত ৰেকৰ্ডতকৈ সমুহীয়া প্ৰদৰ্শনক বেছি গুৰুত্ব দিছোঁ।
৮ হাজাৰ শিল্পীক লগত লৈ সুন্দৰকৈ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম যাতে ঝুমুৰৰ সাৰ্বজনীনতা আৰু লোকপ্ৰিয়তা বৃদ্ধি পায়। লগতে ঝুমুৰ শিল্পীসকলেও যাতে প্ৰেৰণা পায় তাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছে।”

মুখ্যমন্ত্ৰীয়ে কৰা এই ঘোষণাৰ পাছতে আনন্দ প্ৰকাশ কৰে চাহ বাগানৰ লোকসকলে। চৰকাৰৰ এই পদক্ষেপক আদৰণি স্থানীয় দল- সংগঠনৰ।

উল্লেখ্য যে ২০২৩ৰ ১৩ এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হৈছিল বিহুৰ বিশ্ব অভিলেখ অনুষ্ঠান। য’ত প্ৰায় ১১ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিছিল বিহুনাচ। বিহুৰ বিশ্বমুখী বিজয় যাত্ৰাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছিল সমগ্ৰ বিশ্ব। ১৪ এপ্ৰিলত সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিছিল ১১ হাজাৰ ঢুলীয়া–নাচনীৰ বিহু নাচ। বিহুৰ লগতে সৰ্বাধিক লোকবাদ্য বাদনৰ বাবেও গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল এই অনুষ্ঠানটোৱে ।

 

লগতে পঢ়ক : আজিৰে পৰা ৰাজ্যত ‘অমৃত বৃক্ষ আন্দোলন’

Latest News