অন্ত পৰিল ADRE 2.O! পৰীক্ষা দি কি ক'লে পৰীক্ষাৰ্থীয়ে? কোনবোৰ প্ৰশ্ন আছিল সহজ? | assam adre 4th grade exam question paper Assam news - Assam Tv9

অন্ত পৰিল ADRE 2.O! পৰীক্ষা দি কি ক’লে পৰীক্ষাৰ্থীয়ে? কোনবোৰ প্ৰশ্ন আছিল সহজ?

সুকলমে অনুষ্ঠিত হ'ল ADRৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা। চতুৰ্থ বৰ্গৰ ৫,০২৩ টা পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ল ১৩ লক্ষাধিক চাকৰি প্ৰত্যাশী। ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে আগন্তুক বৰ্ষৰ ১০ মে’ত প্ৰদান কৰিব নিযুক্তি পত্ৰ ।

অন্ত পৰিল ADRE 2.O! পৰীক্ষা দি কি কলে পৰীক্ষাৰ্থীয়ে? কোনবোৰ প্ৰশ্ন আছিল সহজ?

অন্ত পৰিল ADRE 2.O!

Updated On: 

27 Oct 2024 20:23 PM

৪ বজাৰ লগে লগে সমাপ্ত হ’ল ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছিল এই পৰীক্ষাত। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ অৰ্থে ৰাজ্যজুৰি কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। মুঠ ৫,০২৩টা পদৰ বাবে আজি দুটা শ্বিফ্টত অনুষ্ঠিত হয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা ।

ৰাজ্যৰ মুঠ ২৮ খন জিলাত ১,৪৮৪টা কেন্দ্ৰত মেট্ৰিক পৰ্যায়ৰ পদৰ বাবে আৰু দ্বিতীয় শিফ্টত ৮০৮টা কেন্দ্ৰত সপ্তম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়। পুৱা ০৯:০০ বজাৰ পৰা পুৱা ১১:৩০ বজালৈ প্ৰথম শ্বিফ্ট আৰু দুপৰীয়া ০১:৩০ বজাৰ পৰা বিয়লি ০৪:০০ বজালৈ দ্বিতীয় শিফ্টৰ পৰীক্ষা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে আগন্তুক বৰ্ষৰ ১০ মে’ত প্ৰদান কৰিব নিযুক্তি পত্ৰ ।

পৰীক্ষা দি সংবাদ মাধ্যমৰ আগত পৰীক্ষাৰ্থীসকলে ক’লে মনৰ কথা। চৰকাৰৰ পদক্ষেপক ভূয়সী প্ৰশংসা পৰীক্ষাৰ্থীৰ। সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনালে চৰকাৰক। প্ৰায়সকল পৰীক্ষাৰ্থীৰ বাবে FIRST পেপাৰ খনতকৈ SECOND পেপাৰখন সহজ আহিছিল। গণিত অংশটো কিছু কঠিন হোৱা বুলি জনাই পৰীক্ষাৰ্থীসকলে।

আজিৰ পৰীক্ষাত অহা কিছুমান বিশেষ প্ৰশ্ন-

  •  নিম্নলিখিত কোনখন চলচ্চিত্র 2023 চনত মুক্তি পোৱা নাছিল?

(A) জৱান  (B) এনিমেল  (C) পাঠান  (D) দ্য কাশ্মীৰ ফাইলছ

  • আন এটা চৰ্চিত প্ৰশ্ন-  নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিপক্ষে মূলা গাভৰুৱে যুদ্ধ কৰিছিল?

(A) মিৰ কাচিম  (B) তুর্বক  (C) ইলতুৎমিছ  (D) উবৈদুল্লাহ

  •  কোনটো খেলত লাভলীনা বৰগোহাঁয়ে অলিম্পিক পদক লাভ কৰিছিল?

A. মল্লযুঁজ    B. জুডো   C. টাইকোৱাণ্ডো  D. মুষ্টিযুদ্ধ

  • আন এটা প্ৰশ্ন- সংসদৰ উচ্চ সদনক কোৱা হয়:

(A) লোকসভা  (B) ৰাজ্যসভা  (C) বিধান সভা  (D) বিধান পৰিষদ

  • সূৰ্যৰ পোহৰে মানুহৰ শৰীৰত কোনবিধ ভিটামিন উৎপাদনত সহায় কৰে?

(A) ভিটামিন C  (B) ভিটামিন B  (C) ভিটামিন D   (D) ভিটামিন A

  • ৰামচৰিতমানস ৰচনা কৰা ব্যক্তিগৰাকী হৈছে:

(A) কবীৰ  (B) বেদ ব্যাস  (C) আদি শংকৰাচাৰ্য  (D) তুলসীদাস

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচার্য কোন আছিল?

(A) নবীন চন্দ্ৰ বৰদলৈ (B) গোপীনাথ বৰদলৈ  (C) কমলাকান্ত ভট্টাচার্য    (D) কৃষ্ণকান্ত সন্দিকৈ

  •  ভাৰতীয় সংবিধানৰ আৰম্ভণী অংশক কি বুলি কোৱা হয়?

(A) প্রস্তাৱনা  (B) আগকথা  (C) পৰিচয়  (D) প্রথম পৃষ্ঠা

  • ‘দখনা’ কোন সম্প্রদায়ৰ মহিলাসকলৰ পৰম্পৰাগত সাজ-পোছাক?

(A) তিৱা  (C) মটক  (B) খামতি  (D) বড়ো

  •   নিম্নলিখিত কোনটো ভাৰতৰ নিম্ন সদন

(A) বিধানসভা  (C) লোকসভা  (B) ৰাজ্যসভা  (D) বিধান পৰিষদ

  • নিম্নলিখিতসমূহৰ কোনটো অসমৰ এক জিলাৰ নাম নহয়?

(A) পশ্চিম গোৱালপাৰা  (C) দক্ষিণ শালমাৰা-মানকাচাৰ  (B) কামৰূপ মহানগৰ  (D) পশ্চিম কাৰ্বি আংলং

  • মাঘ বিহু উৎসৱটো কোন মাহত পালন কৰা হয়?

(A) এপ্রিল  (C) অক্টোবৰ  (B) জানুৱাৰী  (D) মার্চ

  • মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল?

(A) মোহনদাস কুমাৰ গান্ধী  (C) মোহনদাস কৰমসিং গান্ধী  (B) মোহনসিং কৰমচান্দ গান্ধী  (D) মোহনদাস কৰমচান্দ গান্ধী

  •  ‘গগনা’ কোনটো সামগ্রীৰে তৈয়াৰ কৰা হয়?

(A) বাঁহ  (B) টেৰাকোটা  (C) তাম  (D) ম’হৰ শিং

শীতকালত শুকান ছালৰ যত্ন কিদৰে ল’ব?
শচীন-ৰোহিত নহয়, এইগৰাকী তাৰকাৰ নামত আছে অপেনাৰ হিচাপে সৰ্বাধিক শতকৰ অভিলেখ
I phone 16 : নিষিদ্ধ হ'ল আইফোন- ১৬...
দীপাৱলীত এই স্থানত ৰাখক দেৱী লক্ষ্মীৰ পদচিহ্ন, ধনেৰে উপচি পৰিব ঘৰ!