5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মোক ২০ জন বিধায়ক দিয়ক, মই সকলো অসমীয়াক ধনী কৰি দিমঃ অখিল গগৈ

২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। প্ৰতিদিনেই বিধায়কগৰাকীয়ে সম্বোধন কৰি গৈছে এখনৰ পাছত আন এখন জনসভা। সমান্তৰালকৈ ১ ডিচেম্বৰৰ পৰা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে তেওঁ।

মোক ২০ জন বিধায়ক দিয়ক, মই সকলো অসমীয়াক ধনী কৰি দিমঃ অখিল গগৈ
অখিল, হিমন্ত, আজমল
barasha-sarma
Barasha Sarma | Updated On: 21 Nov 2024 14:18 PM

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ ১ টা বছৰ বাকী। ২০২৬’ৰ নিৰ্বাচনক লৈ সাজু হৈছে শাসক- বিৰোধী। ইয়াৰ মাজতে এখনৰ পাছত আন এখন জনসভা সম্বোধন কৰি গৈছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ ধাৰাবাহিকভাৱে জনসভা সম্বোধন কৰা গগৈয়ে  ২০২৬ চনত বিজেপি চৰকাৰ উৎখাত কৰাৰ বাবে বিচাৰে জনগনৰ সহায়। প্ৰতিখন সভাৰ দৰে বুধবাৰে ৰঙানদীত অনুষ্ঠিত সভাতো অখিল গগৈয়ে বিজেপি নেতৃত্বাধীন চৰকাৰক লক্ষ্য কৰাৰ লগতে ৰাইজৰ দলৰ আন্তঃগাঁথনি মজবুত কৰাৰ চেষ্টা চলায়।

 

ৰঙানদীৰ বিশাল জনসভাত ভাষণ দি অখিল গগৈয়ে কয় যে, ২০২৬ চনত ৰঙানদীৰ পৰা এজন ৰাইজৰ দলৰ বিধায়ক দিয়ক, মই আপোনালোকক নতুন ৰঙানদী উপহাৰ দিম। অসমৰ পৰা ২০ জন বিধায়ক দিয়ক মই আপোনালোকক এখন নতুন উপহাৰ দিম। লগতে তেওঁ কয় যে,  যদি ২৬’ত আমাৰ চৰকাৰ হয় তেন্তে প্ৰত্যেক খেতি পথাৰতে পানী যোগান হ’ব, সকলোৰে মাটিৰ পট্টা থাকিব। লগতে প্ৰতিগৰাকী খেতিয়কে বছৰত ৩ বাৰকৈ খেতি কৰিব পাৰিব। ইযাৰোপৰি যি সকলে খেতি নকৰে সেইসকলৰ পৰা ৫ গুণ বেছি খাজনা লোৱা হ’ব বুলি উল্লেখ কৰা গগৈয়ে কয় যে,আমাৰ চৰকাৰ আহিলে আমি সকলো অসমীয়াক ধনী কৰি দিম।

প্ৰতিখন সভাৰ দৰেই ৰঙানদীৰ সভাতো বিজেপি আৰু এ আই ইউ ডি এফক লক্ষ্য কৰি লয় গগৈয়ে। বিজেপিক হিন্দু সাম্প্ৰদায়িক দল আৰু এ আই ইউ ডি এফক মুছলমান সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি গগৈয়ে কয় যে, হিন্দু সাম্প্ৰদায়িক দল বিজেপি, আনটো মুছলমান সাম্প্ৰদায়িক দল। এটা দলৰ চৰ্দাৰৰ নাম হিমন্ত বিশ্ব, আনটো দলৰ চৰ্দাৰৰ নাম বদৰুদ্দিন আজমল। এই দুয়োজনকে ৰছীৰে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব। যিদিনা বিজেপিৰ হিমন্ত, এ আই ইউ ডি এফৰ বদৰুদ্দিনক ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম সিদিনাৰ পৰা অসমৰ মানুহে শান্তিত থাকিব পাৰিব।

উল্লেখ্য যে, বুধবাৰে অখিল গগৈয়ে লখিমপুৰৰ ৰঙানদী বিধানসভা সমষ্টিৰ চিলনীবাৰী বজাৰ খেলপথাৰত অনুষ্ঠিত জনসভাত অংশ গ্ৰহণ কৰে। ইয়াৰোপৰি তেওঁ নাওবৈচা আৰু উত্তৰ লখিমপুৰ সমষ্টিত অনুষ্ঠিত জনসভাতো অংশ গ্ৰহণ কৰে। ইতিমধ্যে নাওবৈচাৰ পৰা প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছে গগৈয়ে। তেওঁ এয়াও কৈছে যে ৰাইজৰ দলৰ সহায় অবিহনে কোনোৱে ২৬’ ত অসমত চৰকাৰ গঠন কৰিব নোৱাৰে।

মন কৰিবলগীয়া যে, বিগত দিন কেইটাত অখিল গগৈয়ে কেইবাখনো সভাত অংশ গ্ৰহণ কৰি ২০২৬ ত সাম্প্ৰদায়িক মুক্ত অসম গঢ়াৰ কথা কৈ হৈছে। প্ৰতিখন সভাতেই তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক লক্ষ্য কৰি গৈছে। ইয়াৰ মাজতে ১ ডিচেম্বৰৰ পৰা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে অখিল গগৈয়ে। গতিকে এতিয়া মাঁঁথো সময়লৈ অপেক্ষা, আগন্তুক সময়ত গম পোৱা যাব অখিলৰ আহ্বানে সলনি কৰিব পাৰে নে নাই ৰাজ্যৰ ৰাজনীতিৰ ভৱিষ্যত।

Latest News