গৰু পৰিবহণত নতুন নিয়ম ! কোনসকল লোকে গৰু বিক্ৰী, পৰিবহণ কৰিব পাৰিব ?
যিসকল লোকৰ অনুজ্ঞাপত্ৰ থাকিব বা পঞ্জীয়নভুক্ত তেওঁলোকেহে পৰিবহণ কৰিব পাৰিব গৰু । সোমবাৰে অসম বিধানসভাই অসম গো-সুৰক্ষা আইন,২০২১ ৰ সংশোধনী গৃহীত কৰি পঞ্জীয়নভুক্ত ব্যক্তি বা পঞ্জীয়নভুক্ত এজেন্সী বা ফাৰ্মত গৰু পৰিবহণৰ অনুমতি প্ৰদান কৰে।

এতিয়াৰ পৰা সকলো লোকে গৰু পৰিবহণ কৰিব নোৱাৰে । যিসকল লোকৰ অনুজ্ঞাপত্ৰ থাকিব বা পঞ্জীয়নভুক্ত তেওঁলোকেহে পৰিবহণ কৰিব পাৰিব গৰু । সোমবাৰে অসম বিধানসভাই অসম গো-সুৰক্ষা আইন,২০২১ ৰ সংশোধনী গৃহীত কৰি পঞ্জীয়নভুক্ত ব্যক্তি বা পঞ্জীয়নভুক্ত এজেন্সী বা ফাৰ্মত গৰু পৰিবহণৰ অনুমতি প্ৰদান কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেৱল পঞ্জীয়নভুক্ত সংস্থা বা পামতহে গৰু পৰিবহণৰ অনুমতি দিয়া হৈছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ অসম গৰু সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৫ সদনত উত্থাপন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । যদিও এ আই ইউ ডি এফৰ একাংশ বিৰোধী সদস্যই সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছিল, তথাপিও কোনো ধৰণৰ পৰিৱৰ্তন অন্তৰ্ভুক্ত নকৰাকৈয়ে বিধেয়কখন গৃহীত কৰা হৈছিল।
এই নতুন আইন অনুসৰি, অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত পঞ্জীয়নভুক্ত যিকোনো ব্যক্তি বা সংস্থা বা পামত সঁচা অৰ্থত কৃষি বা পশুপালন বা ব্যৱসায়ৰ বাবে গৰু পৰিবহণ কৰিব পৰা যাব।
এই আইনখন ২০২৪ চনৰ ৩ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে WP(C)/2495/2022 নম্বৰ গোচৰত গৃহীত কৰা আদেশৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব, য’ত ৰাজ্য চৰকাৰো উত্তৰদাতাসকলৰ ভিতৰত আছিল। অসমত গো-মাংস খোৱাটো অবৈধ নহয় যদিও অসম গৰু সংৰক্ষণ আইন ২০২১ অনুসৰি হিন্দু, জৈন আৰু শিখ সংখ্যাগৰিষ্ঠ অঞ্চল আৰু মন্দিৰ বা সত্ৰ (বৈষ্ণৱ মঠ)ৰ পৰা পাঁচ কিলোমিটাৰৰ ভিতৰত গৰু বধ আৰু গো-মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে।
বিধেয়কখন সম্পর্কত এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে,এই বিধেয়কখনৰ বাবে ৰাইজৰ যথেষ্ট অসুবিধা সৃষ্টি হ’ব। বিপদত গৰু বিক্ৰী কৰি জীৱন যাপন কৰা লোকসকলে ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব । তেওঁ লোকে আগতে যদি গৰু বিক্ৰী কৰি সমস্যা সমাধান কৰিছিল সেয়াও এতিয়া কৰিব নোৱাৰিব বুলি কয় বিধায়কগৰাকীয়ে । একেদৰে বিধায়ক নুৰুল হুদাই এই বিধেয়কখনে গো-পালক, কৃষিজীৱী ৰাইজৰ জীৱন-জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি কয় । গো-পালকসকলক নিজৰ ইচ্ছানুসৰি গৰু বিক্ৰীৰ অনুমতি দিব লাগে বুলিও দাবী কৰে বিধায়কগৰাকীয়ে । লগতে তেওঁ কয় যে,পঞ্জীয়ন ব্যৱস্থা প্রত্যাহাৰ কৰিব লাগে।