Assam Anti-Corruption Drive : ২০২১ চনৰ পৰা চলোৱা অসমৰ দুৰ্নীতি বিৰোধী অভিযানত ৭.৮ কোটি টকা উদ্ধাৰ…
চৰকাৰী তথ্য অনুসৰি, দুর্নীতি বিৰুদ্ধে চলোৱা অভিযানত ২০২১ চনৰ পৰা ৭,৮০,৮৪,৭০০ টকা উদ্ধাৰ কৰিছে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰণ সঞ্চালকালয়ে । ইয়াৰ লগতে বিভিন্ন দুৰ্নীতিৰৈ জড়িত অভিযোগত ২৫৬ জন ব্যক্তিক আটক কৰিছে । নিৰীক্ষণ আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ত ২০৭টা দুৰ্নীতিৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ।
ৰাজ্যত চলি থকা দুৰ্নীতি বিৰুদ্ধে অসম চৰকাৰে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, সমাজত দুৰ্নীতিৰ কোনো স্থান নাই আৰু অসমৰ পৰা এই অনীতি-অনিয়ম দূৰ কৰিবলৈ নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰে । দুৰ্নীতি ৰোধ কৰাৰ বাবে নীতিৰ সংস্কাৰ অনাৰ উপৰি নিৰীক্ষণ আৰু দুর্নীতি নিবাৰণৰ বিষয়াসকলে দুৰ্নীতিত লিপ্ত বিষয়াসকলক বিচাৰি উলিয়াবৰ বাবে নিয়মিত পৰিকল্পনা কাৰ্যকৰীকৰণ কৰি আহিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
চৰকাৰী তথ্য অনুসৰি, দুর্নীতি বিৰুদ্ধে চলোৱা অভিযানত ২০২১ চনৰ পৰা ৭,৮০,৮৪,৭০০ টকা উদ্ধাৰ কৰিছে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰণ সঞ্চালকালয়ে । ইয়াৰ লগতে বিভিন্ন দুৰ্নীতিৰৈ জড়িত অভিযোগত ২৫৬ জন ব্যক্তিক আটক কৰিছে । নিৰীক্ষণ আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ত পঞ্জীয়ন কৰা হৈছে ২০৭টা দুৰ্নীতিৰ গোচৰ। এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
Corruption has no place in our society and we have taken decisive steps to eliminate this evil from Assam.
Apart from bringing policy reforms to reduce avenues of corruption, officials of @DIR_VAC_ASSAM are regularly laying traps to nab officials who indulge in corruption. pic.twitter.com/hNQ1oSXDB6
— Himanta Biswa Sarma (@himantabiswa) November 3, 2024
উল্লেখ্য যে, দুৰ্নীতি গোচৰত আটক কৰা ২৫৬ জন ব্যক্তি ভিতৰত ২৩৬ জন হৈছে চৰকাৰী চাকৰিয়াল আৰু ২০ জন মধ্যভোগী । ৰাজহুৱা খণ্ডৰ দুৰ্নীতিৰ বিৰুদ্ধে ২০২১ চনৰ পৰা দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰিছিল অসম চৰকাৰে । এই অভিযান কালত পৰিকল্পিত ষ্টিং অপাৰেচনৰ জৰিয়তে উৎকোচ গ্ৰহণ কৰা বিষয়াসকলক কৰায়ত্ত কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছিল ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্যই এটা কথা প্ৰমাণ কৰে যে, ৰাজ্যৰ ৰাজহু খণ্ডৰ কৰ্মচাৰী দুৰ্নীতিৰ সৈতে জড়িত আছে । দুর্নীতি নিবাৰণ বিষয়াসকলে অভিযান চলাই যিমান সংখ্যক লোকক দুৰ্নীতিৰ গোচৰত আটক কৰিছে তাৰ অধিকাংশই হৈছে চৰকাৰী কৰ্মচাৰী । ২০২১ চনৰ পৰা মধ্যভোগী মাত্ৰ ২০ জন লোকক আটক কৰিছে ভিজিলেন্সৰ বিষয়াসকলে ।