Assam by election: অসমৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা, কোন কেইটা সমষ্টিত অনুষ্ঠিত হ'ব ভোটদান... | assam assembly by election date announce 2024 with another 48 constituency Assam news - Assam Tv9

Assam by election: অসমৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা, কোন কেইটা সমষ্টিত অনুষ্ঠিত হ’ব ভোটদান…

Assam by election: অৱশেষত ঘোষণা হ'ল অসমৰ ৫ সমষ্টিৰ বাবে উপ- নিৰ্বাচনৰ দিন। অসমৰ লগতে বিভিন্ন ৰাজ্যৰ ৪৮ খন আসনৰ বাবে দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে।

Assam by election: অসমৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা, কোন কেইটা সমষ্টিত অনুষ্ঠিত হব ভোটদান...

অসমৰ উপ- নিৰ্বাচ

Updated On: 

15 Oct 2024 17:10 PM

মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্যৰ ৪৮ খন বিধানসভা আসন আৰু ২ খন লোকসভা আসনৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে।  ইয়াৰে ১৩ নৱেম্বৰত ৪৭খন বিধানসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২০ নৱেম্বৰত কেদাৰনাথ বিধানসভাৰ আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ লগতে ২০ নৱেম্বৰত কেৰালাৰ ৱায়ানাদ আৰু মহাৰাষ্ট্ৰৰ নন্দেদ লোকসভা আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসমৰ ৫ খন বিধানসভা আসনৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। অসমত উপ- নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হ’ল-ঢলাই, চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁও সমষ্টি।

ইয়াৰ লগতে উত্তৰ প্ৰদেশক ৯ খন, ৰাজস্থানৰ ৭ খন, পশ্চিম বংগৰ ৬ খন, বিহাৰৰ ৪ খন, পঞ্জাৱৰ ৪ খন, কৰ্ণাটকৰ ৩ খন, কেৰালা ২ খন, মধ্য প্ৰদেশৰ ২ খন, ছিকিমৰ ২ খন, গুজৰাটৰ ১ খন, উত্তৰাখণ্ডৰ ১ খন আৰু চত্তিশগড়ৰ ১ খন আসনৰ বাবে বিধানসভা উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব। ৪৮ খন বিধানসভা আসনৰ ১২ খন আসন বিজেপিৰ হাতত আছে। ইয়াৰ বিপৰীতে ১১ খন কংগ্ৰেছ, ৬ খন সমাজবাদী পাৰ্টী, ৫ কন তৃণমূল কংগ্ৰেছ আৰু অন্যৰ হাতত ১৪ খন আসন আছে।

১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ উপ- নিৰ্বাচনৰ বাবে ২৫ অক্টোবৰত মনোনয়ন দাখিল কৰিব পাৰিব আৰু ৩০ অক্টোবৰৰ ভিতৰত নাম প্ৰত্যাহাৰ কৰিব পাৰিব। ২৩ নৱেম্বৰত এই উপ- নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব।

ইয়াৰ লগতে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বাবে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে দুয়োখন ৰাজ্যৰ ভোট গণনা অনুষ্ঠিত হ’ব ২৩ নৱেম্বৰত। মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ২০ নৱেম্বৰত। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বাবে ২৯ অক্টোবৰত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ’ব ৮ নৱেম্বৰ।

ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা হ’ব। ঝাৰখণ্ডত ৮১ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ৰাজ্যখনত প্ৰায় ২.৬ কোটি ভোটাৰ আছে। ঝাৰখণ্ডৰ ২৯ হাজাৰ ৫৬২টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হ’ব। ইয়াত ২৪ হাজাৰ ৫২০ টা বুথ গ্ৰামাঞ্চলত থাকিব।

 

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?