Assam Assembly Election: নতুন ৰণনীতিৰ সৈতে ২৬’ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে! কি হ’ব মূল নিৰ্বাচনী এজেণ্ডা?
কংগ্ৰেছৰ বৈঠকত দুৰ্নীতিৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা কৌশল ৰচনা কৰা হয়। লগতে কংগ্ৰেছ নেতৃত্বই অসমৰ নেতাসকলক অনুশাসনৰ ভিতৰত থাকি আৰু ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিবলৈ পৰামৰ্শ দিয়ে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পৰা শিক্ষা লৈ কংগ্ৰেছ হাইকমাণ্ডেও বুথ পৰ্যায়ত ভোটাৰ তালিকাৰ পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰে।

দিল্লীত কংগ্ৰেছৰ বৈঠক
২৬ত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচন সন্দৰ্ভত দিল্লীত ৰাজ্যিক কংগ্ৰেছ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী। সূত্ৰ অনুসৰি, বৈঠকত দুৰ্নীতিৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা কৌশল ৰচনা কৰা হয়। লগতে কংগ্ৰেছ নেতৃত্বই অসমৰ নেতাসকলক অনুশাসনৰ ভিতৰত থাকি আৰু ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিবলৈ পৰামৰ্শ দিয়ে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পৰা শিক্ষা লৈ কংগ্ৰেছ হাইকমাণ্ডেও বুথ পৰ্যায়ত ভোটাৰ তালিকাৰ পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰে।
সূত্ৰ অনুসৰি, বৈঠকত ৰাহুল গান্ধীয়ে অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙক স্পষ্ট নিৰ্দেশনা দিয়ে যে, যদি কোনো নেতাই দলীয় অনুশাসন উলংঘা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইফালে বৈঠকত একাংশ নেতাই অভিযোগ উত্থাপন কৰে যে, একাংশ কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগত আছে। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে নেতাসকলক অসমত নতুন সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক সমীকৰণৰ কথা মনত ৰাখি অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ নিৰ্দেশ দিয়ে।
সামূহিক নেতৃত্বত অসমত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে
এইবাৰ অসম বিধানসভাৰ নিৰ্বাচন সমষ্টি পুনঃনিৰ্ধাৰণৰ অধীনত অনুষ্ঠিত হৈছে, যাৰ বাবে মুছলমান প্ৰধান আসনৰ সংখ্যা হ্ৰাস পাইছে। কিন্তু ৰাজ্যৰ নেতৃত্বৰ পৰিৱৰ্তন আৰু মুখ্যমন্ত্ৰীৰ ছবি সন্দৰ্ভত বৈঠকত কোনো আলোচনা হোৱা নাই। বৈঠকৰ অন্তত কংগ্ৰেছ নেতাসকলে স্পষ্ট কৰি দিয়ে যে দলটোৱে সামূহিক নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।
দুৰ্নীতি আৰু নিবনুৱা সমস্যা হ’ব কংগ্ৰেছৰ বিষয়
অসমৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে, কংগ্ৰেছে বিজেপিৰ অত্যাচাৰ আৰু গুণ্ডাগিৰিৰ পৰা মানুহক মুক্ত কৰিব। তেওঁ দুৰ্নীতি, মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাক মূল নিৰ্বাচনী এজেণ্ডা হিচাপে গঢ়ি তোলাৰ কথা উল্লেখ কৰে। বৈঠকৰ অন্তত কংগ্ৰেছৰ অসম প্ৰভাৰী জিতেন্দ্ৰ সিঙে কয় যে কংগ্ৰেছ সংগঠন শক্তিশালী আৰু ৰাইজৰ সমস্যা উত্থাপন কৰিবলৈ দলটো দায়বদ্ধ। লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে প্ৰতিজন কংগ্ৰেছ কৰ্মী দলক প্ৰতিনিধিত্ব কৰিব।
সৰু সৰু দলৰ সৈতে মিত্ৰতাৰ প্ৰস্তুতি
২০১৬ চনত কংগ্ৰেছক পৰাস্ত কৰি বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিছিল। বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এআইইউডি এফৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সফলতা লাভ কৰিব পৰা নাছিল। এইবাৰ কংগ্ৰেছে সৰু সৰু দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ৰণনীতি প্ৰস্তুত যদিও আসন বিতৰণৰ ছবি এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে ৰাজ্যত পুনৰ চলিছে বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ। এইবাৰ বিৰোধী ঐক্যৰ নেতৃত্বত আছে হীৰেন গোহাঁইসহ ৬ বৰেণ্য ব্যক্তি। শনিবাৰে বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠক। সোণাপুৰৰ এখন হোটেলত অনুষ্ঠিত হ’ব বৈঠকখন। উপস্থিত থাকিব কংগ্ৰেছ, ৰাইজৰ দল, AJPসহ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব। কিন্তু বিৰোধী ঐক্যত স্থান দিয়া নহয় বদৰুদ্দিন আজমলৰ AIUDFক।