প্ৰায় ৯০ বছৰৰ পাছত অসম বিধানসভাত বন্ধ হ’ল ‘নামাজ বিৰতি’…
দশক দশক পুৰণি অসম বিধানসভাত চলি থকা এই পৰম্পৰা এইবাৰৰ বাজেট অধিৱেশনৰ সময়ত প্ৰথমবাৰৰ বাবে বন্ধ কৰি দিয়া হয়। যোৱা বছৰ আগষ্ট মাহত সদনৰ শেষৰখন অধিৱেশনত ‘নামাজ বিৰতি’ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এই বাজেট অধিৱেশনৰ পৰাহে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয় ।

অসম বিধানসভা
মুছলমান বিধায়সকলে শুকুৰবাৰে দিনটোত ‘নামাজ’ পঢ়াৰ বাবে দুঘণ্টীয়া বিৰতিৰ ব্য়ৱস্থা আছিল অসম বিধানসভাত । কিন্তু সিদ্ধান্ত অনুসৰি, শুকুবাৰৰ দিনটোত চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত প্ৰথমবাৰৰ বাবে নাথাকিল দুঘণ্টীয়া ‘নামাজ বিৰতি’ । দশক দশক পুৰণি অসম বিধানসভাত চলি থকা এই পৰম্পৰা এইবাৰৰ বাজেট অধিৱেশনৰ সময়ত প্ৰথমবাৰৰ বাবে বন্ধ কৰি দিয়া হয়। যোৱা বছৰ আগষ্ট মাহত সদনৰ শেষৰখন অধিৱেশনত ‘নামাজ বিৰতি’ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এই বাজেট অধিৱেশনৰ পৰাহে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয় ।
ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি, এইটো সংখ্যাৰ বলত জাপি দিয়া সিদ্ধান্ত বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে । তেওঁ কয়, “বিধানসভাত প্ৰায় ৩০ জন মুছলমান বিধায়ক আছে। আমি এই পদক্ষেপৰ বিৰুদ্ধে আমাৰ মতামত প্ৰকাশ কৰিছিলোঁ। কিন্তু তেওঁলোকৰ (বিজেপি)ৰ হাতত সংখ্যা আছে আৰু তাৰ আধাৰত এই সিদ্ধান্ত জাপি দিছে।”
এই সিদ্ধান্তক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, “আজি মোৰ দলৰ কেইবাজনো সহকৰ্মী আৰু এ আই ইউ ডি এফৰ বিধায়কে ‘নামাজ’ পঢ়িবলৈ যোৱাৰ সময়ত গুৰুত্বপূৰ্ণ আলোচনাৰ পৰা বঞ্চিত হ’ল। যিহেতু কেৱল শুকুৰবাৰৰ দিনটোত মুছলমানসকলে বিশেষভাৱে ‘নামাজ’ পঢ়ে, গতিকে ইয়াৰ বাবে মুছলমান বিধায়কসকলৰ বাবে ওচৰতে ‘নামাজ’ পঢ়াৰ ব্যৱস্থা কৰিব পৰা যায় বুলি মই ভাবো। ”
প্ৰায় ৯০ বছৰীয়া এই প্ৰথা বন্ধ কৰাৰ সিদ্ধান্ত বিগত বৰ্ষৰ আগষ্ট মাহত অধ্যক্ষৰ নেতৃত্বত সদনৰ নিয়মাৱলী সমিতিয়ে গ্ৰহণ কৰিছিল। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, “সংবিধানৰ ধৰ্মনিৰপেক্ষ স্বৰূপৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাই আন দিনৰ দৰে শুকুৰবাৰে কাৰ্য্যবিধি চলাব লাগিব বুলি প্ৰস্তাৱ দিছিল ।” এই প্ৰস্তাৱ নিয়ম সমিতিৰ সন্মুখত ৰাখি সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তক আদৰণি জনাইছিল।