প্ৰথমে শ্বেৰমান আলী তাৰ পিছতেই ৰূপজ্যোতি কুৰ্মী: দুই বিধায়কৰ মুখৰ ভাষাকলৈ বিধানসভাত বাকযুদ্ধ
দুটা শব্দক লৈ বুধবাৰে উত্তাল হয় অসম বিধানসভা । শ্বেৰমান আলী আহমেদ আৰু ৰূপজ্যোতি কুৰ্মীয়ে ব্যৱহাৰ কৰা দুটা শব্দক লৈ শাসক বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয় । চাওক সবিশেষ-

অসম বিধানসভা
বুধবাৰে এক হুলস্থূলীয়া পৰিৱেশৰ সাক্ষী হৈ ৰয় অসম বিধানসভা । শাসকীয় বিজেপি আৰু বিৰোধীয়ে দুটা বিতৰ্কিত শব্দৰ ব্যৱহাৰক লৈ বাকযুদ্ধত লিপ্ত হোৱাৰ ফলত সদন কিছু সময়ৰ বাবে স্থগিত ৰখা হয় ।
কংগ্ৰেছৰ পৰা নিলম্বিত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰশ্নকালীন ঘণ্টাত বৰপেটা জিলাৰ আলুপতিৰ মহকুমা কৃষি কাৰ্যালয়ৰ সৈতে জড়িত এটা বিষয় উত্থাপন কৰে ।
বিষয়টোৰ ওপৰত আলোচনা কৰি থাকোঁতে তেওঁ বিষয়াসকলে দিয়া “বিভ্ৰান্তিকৰ উত্তৰ”ক এটা বিশেষ শব্দৰ সৈতে তুলনা কৰে । বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই শব্দটোৰ ব্যৱহাৰ সন্দৰ্ভত আপত্তি কৰাৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই শব্দটো আঁতৰাই পেলায় ।
প্ৰশ্নকাল সমাপ্ত হোৱাৰ পিছত মৰিয়নী সমষ্টিৰ বিজেপি বিধায়ক কুৰ্মীয়ে পুনৰ বিষয়টো উত্থাপন কৰে যে শ্বেৰমান আলী আহমেদে কোনো বিশেষ সম্প্ৰদায়ৰ হোৱাৰ বাবেই এই কথা কৈছে নেকি?
সম্প্ৰদায়টোৰ কথা উল্লেখ কৰি বিজেপি বিধায়কগৰাকীয়ে ৰাজ্যখনৰ বাংলাভাষী মুছলমানসকলৰ বাবে ব্যৱহাৰ কৰা এটা অপমানজনক শব্দ উচ্চাৰণ কৰে । ইয়াৰ পিছতেই কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই (এম) আৰু ৰাইজৰ দলৰ বিধায়কসকলে কুৰ্মীক ক্ষমা খুজিবলৈ দাবী জনায় । সমগ্ৰ বিৰোধীৰ দলে ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ কৰে ।
লগে লগে অধ্যক্ষই এই শব্দটোও ৰেকৰ্ডৰ পৰা আঁতৰাই পেলায় যদিও বিৰোধী বিধায়কসকল শান্ত নহয় । ইয়াৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে ।
সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে পুনৰ ৰূপজ্যোতি কুৰ্মীয়ে কোৱা কথাখিনি উত্থাপন কৰি তেওঁক ক্ষমা খুজিবলৈ দাবী জনালে শ্বেৰমান আলী আহমেদে ।
বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই কয়, “এয়া বৰ্ণবাদী শব্দ । এজন বিধায়কে এনে শব্দ ব্যৱহাৰ কৰি এটা সমগ্ৰ সম্প্ৰদায়ক কেনেকৈ লক্ষ্য কৰি ল’ব পাৰে ? এই বিষয়টো নিন্দনীয় ।”
বিৰোধী শিবিৰে প্ৰতিবাদ অব্যাহত ৰখাৰ লগে লগে উপাধ্যক্ষ নোমল মমিনে শব্দ দুটাৰ সকলো উল্লেখ আঁতৰাই পেলায় । তাৰ পাছতেই অৱশেষত সদন শৃংখলাবদ্ধ হয় ।