ভূটানবাসীৰ আতিথ্যত আপ্লুত অসমৰ মুখ্যমন্ত্ৰী, ভূটানৰ প্ৰধানমন্ত্ৰীক কি উপহাৰ দিলে হিমন্ত বিশ্ব শৰ্মাই ?
অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই বিশেষ উদযাপনত নিশাৰ পৰা বৃহৎ সংখ্যক আবাল-বৃদ্ধ-বনিতাই যোগদান কৰি ভূটানৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য প্ৰদৰ্শন কৰি অধিক উপভোগ্য কৰি তোলে ৷ চাংলিমিথাং ষ্টেডিয়ামৰ পৰিৱেশে দেশখনৰ সমৃদ্ধ ঐতিহ্যৰ সৈতে পৰিচয় কৰাইছিল ।
ভাৰত আৰু ভূটানে সহযোগিতাৰ আগবাঢ়িছে বুলি মঙলবাৰে হিমালয়ান দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্তব্য প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে,অসম মুখ্যমন্ত্ৰী শৰ্মাক ৰাষ্ট্ৰীয় দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল ভূটানৰ ৰজাই। চাৰিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে থিম্ফুত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘থিম্ফুত অনুষ্ঠিত ১১৭সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত আজি ভূটানৰ বর্ণিল সংস্কৃতি অতুলনীয়ভাৱে প্ৰদৰ্শিত হৈছিল। এই অনুষ্ঠানত উপস্থিত থাকি সহধর্মিণী ৰিণিকি আৰু মই অত্যন্ত ধন্য হৈছোঁ। মহামান্য জিগমে খেছাৰ নামগ্যাল ৱাংচুক আৰু মহামান্য জেটচুন পেমাৰ উষ্ম আতিথ্য, আটকধুনীয়া শোভাযাত্ৰা, সংস্কৃতিৰ প্ৰদৰ্শন আৰু ভূটানবাসীৰ মৰম আৰু সান্নিধ্য আমাৰ মনত চিৰকাল ৰৈ যাব।’
তেওঁ কয় যে, ‘এই বিশেষ উদযাপনত নিশাৰ পৰা বৃহৎ সংখ্যক আবাল-বৃদ্ধ-বনিতাই যোগদান কৰি ভূটানৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য প্ৰদৰ্শন কৰি অধিক উপভোগ্য কৰি তোলে ৷ চাংলিমিথাং ষ্টেডিয়ামৰ পৰিৱেশে দেশখনৰ সমৃদ্ধ ঐতিহ্যৰ পৰিচয় কৰাইছিল । একবিংশ শতিকাত আমাৰ দুয়োখন ৰাষ্ট্ৰই অংশীদাৰী লক্ষ্য আৰু আকাংক্ষাৰে আগবাঢ়ি যোৱাৰ সন্ধিক্ষণত আয়োজিত এই বিশেষ দিনটোত পুনৰ দেশখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।’ ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰাৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে এই দৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ইফালে, ভূটানৰ প্ৰধানমন্ত্ৰী দাছো ছেৰিং টবগে’ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ পত্নী ৰিণিকি ভূঞা শৰ্মাই মধ্যাহ্ন ভোজন কৰে । এই সময়ছোৱাত বিভিন্ন কথা-বতৰা আলোচনা কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই কয় যে,ভূটান ৰাষ্ট্ৰ আৰু অসম ৰাজ্যই কেনেদৰে পৰস্পৰৰ বিকাশ-উন্নয়নমূলক আকাংক্ষাৰ পৰিপূৰক হ’ব পাৰে, সেই সন্দৰ্ভত এক যথেষ্ট ফলপ্রসূ আলোচনা কৰা হয়।
একে সময়তে ভূটানৰ প্ৰধানমন্ত্ৰী দাছো ছেৰিং টবগে’ আৰু তাছি ডোমাক অসমৰ বয়ন সামগ্ৰী উপহাৰ স্বৰূপে প্ৰদান কৰাৰ লগতে পৰম্পৰাগত পানীয়ক উপস্থাপন কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইফালে সময়ৰ প্রাসংগিকতাৰ প্রতি লক্ষ্য ৰাখি অসমৰ জনসাধাৰণৰ হৈ ভূটানৰ প্রধানমন্ত্রীক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ২.০’ অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।