নোটাতকৈ পৰিল কম ভোট! দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত অপসাৰণ আপৰ বিশ্বনাথ জিলা সভাপতি
বিহালী সমষ্টিত বিজেপিৰ দিগন্ত ঘাটোৱেল বৃহৎ সংখ্যক ভোটত জয় লাভ কৰাৰ বিপৰীতে আপৰ প্ৰাৰ্থীজনে মাত্ৰ ১২১৭ টা ভোট লাভ কৰে। ঘাটোৱালে মুঠ ৫০,৯৪৭টা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮৯৬টা ভোট।
ৰাজ্যত বিধানসভা উপ-নিৰ্বাচনৰ ফলাফলক লৈ চলি থকা চাঞ্চল্যৰ মাজতে আম আদমি পাৰ্টীয়ে অপসাৰণ কৰিলে বিশ্বনাথ জিলাৰ সভাপতিক। দল বিৰোধী কাৰ্যকালাপত লিপ্ত হোৱাৰ অভিযোগত অপসাৰণ কৰে আপৰ বিশ্বনাথ জিলা সভাপতি মেহুৱেল বসুমতাৰীক। উপ- নিৰ্বাচনৰ সময়ত বিহালীত দলীয় প্ৰাৰ্থীক সহযোগ নকৰাৰ অভিযোগত আপে নেতাগৰাকীৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে জিলা সভাপতি মেহুৱেল বসুমতাৰীলৈ এক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। কিন্তু জাননীৰ উত্তৰ নিদিয়াত নেতাগৰাকীৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰে আপে।
২৩ নৱেম্বৰত মেহুৱেল বসুমতাৰীলৈ জাৰি কৰা এক জাননীখনত আপে লিখে যে- “নমস্কাৰ গ্ৰহণ কৰিব। সদ্য সমাপ্ত বিহালী বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ প্ৰচাৰ আৰু অন্যান্য দলীয় কাম কাজৰ পৰা আপুনি অকৰ্তৃত্বশীলভাৱে আঁতৰি আছিল। দল আৰু দলীয় প্ৰাৰ্থীজনলৈ আপুনি কোনোধৰণৰ সহযোগ আগবঢ়োৱা নাছিল। এই সম্পৰ্কত যোৱা ১৭ নৱেম্বৰ, ২০২৪ত ৭ দিনৰ ভিতৰত উত্তৰ বিচাৰি আপোনালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল যদিও নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনাপ পৰা কোনোধৰণৰ উত্তৰ পোৱা নগ’ল। সেয়ে আদমি পাৰ্টীৰ বিশ্বনাথ জিলা সমিতিপ সভাপতি পদৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অপসাৰণ কৰা হৈছে। এই নিৰ্দেশতে আম আদমি পাৰ্টীৰ বিশ্বনাথ জিলাৰ পৰৱৰ্তী কাম- কাজ চলাই নিব বাবে আৰু স্থায়ী সভাপতি নিযুক্তি হোৱালৈকে জিলাৰ অন্যতম উপ- সভাপতি শ্ৰী অনন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে”।
উল্লেখ্য যে, শনিবাৰে ঘোষণা হৈছিল ৰাজ্যৰ বিধানসভা উপ- নিৰ্বাচনৰ ফলাফল। এই ফলাফল অনুসৰি অসমৰ ৫ টা সমষ্টিয়ে যায় এন ডি এৰ হাতলৈ। বিহালী সমষ্টিত বিজেপিৰ দিগন্ত ঘাটোৱেল বৃহৎ সংখ্যক ভোটত জয় লাভ কৰাৰ বিপৰীতে আপৰ প্ৰাৰ্থীজনে মাত্ৰ ১২১৭ টা ভোট লাভ কৰে। ঘাটোৱালে মুঠ ৫০,৯৪৭টা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰে ৪১,৮৯৬টা ভোট। ইয়াৰ লগতে চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে ৫,০৯৩ টা ভোট আৰু আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে ১,২১৭টা ভোট লাভ কৰে। এই সমষ্টিটোত আপৰ প্ৰাৰ্থীতকৈ নোটাত অধিক ভোট পৰে। তথ্য অনুসৰি বিহালীত নোটাত পৰা ভোটৰ পৰিমাণ ১,৫১৪টা।
আপৰ শোচনীয় প্ৰদৰ্শনৰ পাছতেই পাছতেই দেওবাৰে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়াৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনা অনুসৰি মেহুৱেল বসুমতাৰীক অপসাৰণ কৰাৰ লগতে অনন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব অৰ্পন কৰা হয়।