মুখ্যমন্ত্ৰী হওক বা আন কোনোবা সকলোৱে দলৰ অনুশাসন মানি চলিব লাগিব, ইয়াত কম্প্ৰমাইজ কৰা নহয়ঃ দিলীপ শইকীয়া

সামাজিক মাধ্যমত বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ'। য'ত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কাৰোবাক ধমক দি থকা দেখা গৈছে। এই ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে শইকীয়াই।

মুখ্যমন্ত্ৰী হওক বা আন কোনোবা সকলোৱে দলৰ অনুশাসন মানি চলিব লাগিব, ইয়াত কম্প্ৰমাইজ কৰা নহয়ঃ দিলীপ শইকীয়া

সাংসদ দিলীপ শইকীয়া

Published: 

16 Apr 2025 18:22 PM

বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। য’ত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলৰ কৰ্মকৰ্তাক ধমক কি থকা দেখিবলৈ পোৱা গৈছে। বুধবাৰে এই ভিডিঅ’ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শইকীয়াই কয় যে তেওঁ মণ্ডল সভাপতিক ধমক দিয়া কথাটো সত্য। ইয়াৰোপৰি এই ধমক কোনো ব্যক্তিগত নহয়, এয়া মৰমৰ তথা অনুশাসনৰ ধমক বুলি কয় তেওঁ।

শইকীয়াই কয় যে, সকলোৱে জানে মুখ্যমন্ত্ৰী অহাৰ সময়ত যথেষ্ঠ ভিৰ হয়। সেই সময়ত দলৰ কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাইও ভিৰ কৰা পৰিলক্ষিত হয়। কালি কাৰ্যালয়ত যথেষ্ঠ ভিৰ আছিল। আমাৰ দলত কিছুমান পৰম্পৰা, নিয়ম আৰু অনুশাসন আছে। মুখ্যমন্ত্ৰী হওক বা আন কোনোবা, সেই পৰম্পৰা বা অনুশাসন সকলোৱে মানি চলিব লাগিব।

তেওঁ লগতে কয়, কালি প্ৰথম অৱস্থাত সকলো ঠিকে আছিল। প্ৰথমে ফিটা কাটিলো। কিন্তু বেছি ঠেলা-হেঁচা হৈছিল। এই ক্ষেত্ৰত মণ্ডল সভাপতিয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। সকলোৱে জানে মুখ্যমন্ত্ৰীয়ে ৰাইজক আৰু ৰাইজে মুখ্যমন্ত্ৰীক ভাল পায়। গতিকে তাত বাঁহ বান্ধি দিলে সকলোৱে ভালদৰে মুখ্যমন্ত্ৰীক লগ পাব পাৰিলেহেতেন।

ধমক দিয়াৰ কথা স্বীকাৰ কৰি শইকীয়াই লগতে কয়,  এয়া সঁচা যে মণ্ডল সভাপতিক মই ধমক দিছো। ইয়াক লুকাবলগীয়া একো নাই। কিন্তু বিৰোধিৰ হাতত একো বিষয়ে নাই বাবে এই বিষয়টো তুলি ধৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, কাৰ্যকৰ্তা আদি সকলোৰে মাজত একতা,  বুজাবুজিৰ লেখমাত্ৰাও প্ৰভাৱ নাই। কিন্তু কিছুমানে তিলটোকে তাল কৰিব বিচাৰে বুলি কয় শইকীয়াই।

তেওঁ আৰু কয়, দল চলাবলৈ শৃখংলাবদ্ধতা প্ৰথম বিষয় আৰু মই সেই ক্ষেত্ৰত কৃপনালী নকৰো। দলৰ নীতি, দলৰ পৰম্পৰা, অনুশাসন সকলোৰে বাবে সমান। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সকলোৱে দলৰ অনুশাসন মানি চলে। আগন্তুক সময়তো সকলোৱে দলৰ অনুশাসন, পৰম্পৰা মানি দল চলাব লাগিব। এই ক্ষেত্ৰত কাৰো লগত কম্প্ৰমাইজ কৰা নহয়। দলৰ শৃংখলা ভংগ কৰিলে কাকো সহজভাৱে লোৱা নহয়।  গতিকে এয়া সকীয়নি যে সকলোৱে অনুশাসন মানি চলিব লাগিব। ইয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী পৃথক নহয়। বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈ সকলোৱে দলৰ অনুশাসন মানি চলিব লাগিব বুলি কয় শইকীয়াই।

উল্লেখ্য যে, বহাগৰ পহিলা দিনটোত বিভিন্ন কাৰ্যসূচী হাতত লৈ নলবাৰীত উপস্থিত হৈছিল সাংসদ দিলীপ শইকীয়াকে ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত শইকীয়াই মণ্ডল সভাপতিক ধমক দিছিল। বিৰোধী একাংশ দলে দাবী কৰিছিল যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক এই ধমক দিছিল শইকীয়াই।

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট