শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“ছোনিয়া-ৰাহুলক ৰক্ষণাবেক্ষণ দিবলৈ কংগ্ৰেছে কৰা আন্দোলন হাস্যকৰ”, নেচনেল হেৰাল্ড গোচৰক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা দিলীপ শইকীয়াৰ

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা ইডিৰ অভিযোগপত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে কৰা প্ৰতিবাদক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই । তেওঁ কয়, জেইলত নাথাকি ব্ৰেইলত থকা অভিযুক্ত ছুনিয়া-ৰাহুলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰ মাজেৰেই হেৰাল্ড গোচৰ চলি আছে । তেনেস্থলত কংগ্ৰেছৰ প্ৰতিবাদ গৰিহণাযোগ্য আৰু সুস্থিৰ সমাজৰ পৰিপন্থী।

“ছোনিয়া-ৰাহুলক ৰক্ষণাবেক্ষণ দিবলৈ কংগ্ৰেছে কৰা আন্দোলন হাস্যকৰ”, নেচনেল হেৰাল্ড গোচৰক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা দিলীপ শইকীয়াৰ
দিলীপ শইকীয়া
manas-borah
Manas Borah | Published: 16 Apr 2025 21:54 PM

নেচনেল হেৰাল্ড গোচৰত অভিযুক্ত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা ইডিৰ অভিযোগপত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে কৰা প্ৰতিবাদক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই । তেওঁ কয়, “জেইলত নাথাকি ব্ৰেইলত থকা অভিযুক্ত ছুনিয়া-ৰাহুলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰ মাজেৰেই হেৰাল্ড গোচৰ চলি আছে । তেনেস্থলত কংগ্ৰেছৰ প্ৰতিবাদ গৰিহণাযোগ্য আৰু সুস্থিৰ সমাজৰ পৰিপন্থী। কিয়নো যোৱা চাৰি বছৰ ধৰি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে এই বিষয়ত তদন্তকাৰী সন্থাক সন্তোষজনক উত্তৰ দিব পৰা নাই।”

ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে, প্ৰতিবাদ কৰাটো তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু দেশৰ ভূমি আৰু পুঁজি লুণ্ঠন কৰাৰ অধিকাৰ তেঁওলোকৰ নাই। ১৯৩৭ চনত ৫০০০ শ্বেয়াৰ হল্ডাৰ সৈতে নেচনেল হেৰাল্ড বাতৰি কাকতৰ আৰম্ভণি হৈছিল সেয়েহে,ই কেতিয়াও নেহৰু পৰিয়ালৰ ব্যক্তিগত সম্পত্তি নাছিল বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

“২০০৮ চনত নেচনেল হেৰাল্ডৰ প্ৰকাশন বন্ধ কৰা হৈছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছ দলে নেচনেল হেৰাল্ডক ৯০ কোটি টকা ঋণ প্ৰদান কৰিছিল। যিটো প্ৰকৃততে এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড (এ জে এল)ক দিয়া হৈছিল, যিয়ে কাকতখন প্রকাশ কৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া ঋণ পৰিশোধ কৰিব পৰা নগল তেতিয়া ইয়ং ইণ্ডিয়ান নামৰ এটা সংস্থাৰ জৰিয়তে নেচনেল হেৰাল্ডক অধিগ্ৰহণ কৰিবলৈ প্ৰয়াস কৰা হৈছিল।” এইদৰে অভিযোগ উত্থাপন কৰে দিলীপ শইকীয়াই ।

তেওঁ অভিযোগ উত্থাপন কৰে যে, “ইয়ং ইণ্ডিয়াত ছোনিয়া গান্ধীৰ ৩৮ %, ৰাহুল গান্ধীৰ ৩৮% শ্বেয়াৰ আৰু বাকী শ্বেয়াৰবোৰ মতিলাল ভোহৰা আৰু অস্কাৰ ফাৰ্ণাণ্ডেজৰ দৰে ব্যক্তিৰ নামত আছিল। পৰৱৰ্তী পৰ্যায়ত ইয়ং ইণ্ডিয়া সংস্থাই এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ সকলো সম্পত্তি অধিগ্ৰহণ কৰে। এই সম্পত্তিবোৰৰ ভিতৰত আছিল দিল্লীৰ বাহাদুৰ শ্বাহ জাফৰ মাৰ্গৰ সম্পত্তি, লগতে মুম্বাই, লক্ষ্ণৌ, ভূপাল আৰু পাটনাত থকা হাজাৰ হাজাৰ কোটি মূল্যৰ সম্পত্তি।”

“কংগ্ৰেছীসকলে ইয়ং ইণ্ডিয়াক দাতব্য উদ্দেশ্যৰ বাবে স্থাপিত এক অলাভজনক সংগঠন বুলি দাবী কৰিলেও অৱশ্যে আজিলৈকে এই সংগঠনটোৱে সেৱা মূলক কাম-কাজ কৰিছে নাই কৰা সেয়া অস্পষ্ট হৈ আছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো এটা ব্যক্তিগত অভিযোগ দাখিলৰ পিছত উন্মোচিত হৈছিল আৰু ইডিয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল। ন্যায়লয়ৰ বিচাৰ মতেই কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।” এক বিবৃতি এইদৰে কয় দিলীপ শইকীয়াই ।

দিলীপ শইকীয়াই কয় যে, কংগ্ৰেছ দলে দীৰ্ঘদিন ধৰি দেশ শাসন কৰিছিল সেই সূত্ৰে অতীতত তেওঁলোকে হয়তো ই ডিৰ দৰে সংস্থা সমূহক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ অভিজ্ঞতা আছে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কাহানিও কোনো ক্ষেত্ৰতে চৰকাৰী সংস্থাক ব্যৱহাৰ কৰা নাই বুলি দাবী কৰে শইকীয়াই ।

ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয়,”লক্ষণীয় কথা যে ২০১৩ চনত এই গোচৰটো ৰেজিষ্টাৰ হৈছিল, সেই সময়ত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰেই আছিল। গতিকে দেশৰ তদন্তকাৰী সংস্থা সমূহৰ কৰ্ম পৰিচালনাত ব্যাঘাত জন্মাই ভীতি প্ৰদৰ্শন কৰাটো গণতান্ত্ৰিক পৰম্পৰাৰ বিৰোধী। আমি ভাবো গান্ধী পৰিয়ালৰ এই লুন্ঠনকামী কাৰ্যক দেশৰ জনগনে কোনো কাৰণতে সমৰ্থন নকৰে। ৰাষ্ট্ৰৰ সম্পদ লুন্ঠনকাৰী ছোনিয়া-ৰাহুলক ৰক্ষণাবেক্ষণ দিবলৈ কংগ্ৰেছে কৰা এই আন্দোলন অতি হাস্যকৰ।”