‘অসমবাসীক অপমান কৰিছে’, জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সন্দৰ্ভত প্ৰিয়ংক খাৰ্গেৰ মন্তব্যৰ প্ৰতিবাদ বিজেপি বিধায়কৰ

Jagiroad semiconductor project : ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সন্দৰ্ভত কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে কৰাৰ মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে জাগীৰোডত বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ২৭ হাজাৰ কোটি টকাৰ প্ৰকল্পটোৰ নিৰ্মাণস্থলীত এক প্ৰতিবাদী সমদল উলিয়াই বিজেপিয়ে ।

অসমবাসীক অপমান কৰিছে, জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সন্দৰ্ভত প্ৰিয়ংক খাৰ্গেৰ মন্তব্যৰ প্ৰতিবাদ বিজেপি বিধায়কৰ

জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সন্দৰ্ভত কৰ্ণাটকৰ মন্ত্ৰীৰ মন্তব্যৰ প্ৰতিবাদ বিজেপি বিধায়কৰ

Updated On: 

01 Oct 2024 18:27 PM

জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প (Jagiroad semiconductor project)ৰ সন্দৰ্ভত কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে কৰাৰ মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে জাগীৰোডত বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ২৭ হাজাৰ কোটি টকাৰ প্ৰকল্পটোৰ নিৰ্মাণস্থলীত এক প্ৰতিবাদী সমদল উলিয়াই বিজেপিয়ে । জাগীৰোডৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ১০ জন বিজেপিৰ বিধায়কে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে সাংবাদিকৰ আগত পীযুষ হাজৰিকাই কয় যে, অসমৰ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন হোৱাটো কংগ্ৰেছে মানি ল’ব পৰা নাই । এইলৈ কংগ্ৰেছে ঈৰ্ষা কৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পীযুষ হাজৰিকাই । লগতে কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয় ,’কংগ্ৰেছে বিচাৰে যে, তেওঁলোকৰ কাৰ্যকালত যিখিনি কৰিব পৰা নাছিল সেয়া এতিয়াও হ’ব নালাগে।’

উল্লেখ্য যে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেয়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত দাবী কৰিছিল যে, গুজৰাট আৰু অসমত “ৰাজনৈতিক প্ৰভাৱ”ৰ বাবেই ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ হৈ আছে । ২৭ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিয়মান জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো কৰ্ণাটকত স্থাপন নকৰি অসমত স্থাপন কৰাটো অন্যায় বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰিয়ংক খাৰ্গেয়ে ।

তেওঁ কৈছিল যে, পাঁচটা ছেমিকন মেনুফেকচাৰিং ইউনিটৰ চাৰিটা গুজৰাটত আৰু এটা অসমত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে । য’ত দক্ষতাৰ ইক’চিষ্টেম নাই, গৱেষণাৰ পৰিৱেশ নাই, ইনকিউবেচনৰ পৰিৱেশ নাই, য’ত উদ্ভাৱনৰ পৰিৱেশ তন্ত্ৰ নথকাৰ পাছতো এই প্ৰকল্প স্থাপন কৰা হৈছে । চিপ ডিজাইনিঙৰ ৭০ শতাংশ প্ৰতিভা থকাৰ পাছতো প্ৰকল্পটো কৰ্ণাটকৰ পৰা অন্য ৰাজ্যলৈ লৈ যোৱা হ’ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰিয়ংক খাৰ্গেয়ে ।

তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে, ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি চৰকাৰে কিয় আন এখন ৰাজ্যক প্ৰকল্পটো দিব বিচাৰিলে সেয়া বুজি নাপাওঁ। সেয়া অন্যায় বুলি এক সাক্ষাৎকাৰত দাবী কৰিছিল প্ৰিয়ংক খাৰ্গেয়ে ।

আজি বিজেপিৰ প্ৰতিবাদস্থলীত পীযুষ হাজাৰিকাই দাবী কৰে যে, প্ৰিয়ংক খাৰ্গেৰ এই মন্তব্যই ৰাজ্যবাসীক অপমান কৰিছে আৰু ইয়াৰ বাবে কৰ্ণাটকৰ মন্ত্ৰীয়ে ক্ষমা খুজিব লাগে । অন্যথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে ক্ষমা বিচাৰিব লাগিব বুলি দাবী কৰে পীযুষ হাজৰিকাই । তেওঁ লগতে কয় যে,  প্ৰিয়ংক খাৰ্গেৰ মন্তব্যৰ প্ৰতিবাদ জনাবলৈ আমাৰ আহ্বানত জনসাধাৰণ ওলাই আহিছে।

ইয়াৰ সমান্তৰালভাৱে জাগীৰোডৰ বিধায়ক গৰাকীয়ে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক উদ্দেশ্যি কয় যে, এই প্ৰকল্পটো নিৰ্মাণ হৈ থকা অঞ্চলটো নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত । প্ৰিয়ংক খাৰ্গেৰ এই মন্তব্যৰ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই পীযুষ হাজৰিকাই । ‘প্ৰদ্যুৎ বৰদলৈয়ে এতিয়াই নিজৰ সমষ্টিৰ হৈ মাত মাতিব লাগিব আৰু নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব।’ এইদৰে কয় পীযুষ হাজৰিকাই ।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!