Assam HS Result 2025: কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, এইদৰে চাব পাৰিব

Assam Board HS Result 2025 Date and Time: বুধবাৰে পুৱা ৯:০০ বজাৰ  লগে লগে ৱেবছাইডত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। এই সন্দৰ্ভত আজি জাননি প্ৰকাশ কৰিব  অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে। 

Assam HS Result 2025: কাইলৈ ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, এইদৰে চাব পাৰিব

Pseb 10th 12th Result 2025

Updated On: 

29 Apr 2025 18:55 PM

কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বুধবাৰে পুৱা ৯:০০ বজাৰ  লগে লগে ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। এই সন্দৰ্ভত আজি জাননি প্ৰকাশ কৰিব  অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে।  সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এইবাৰ পৰীক্ষাত কলা শাখাত  ২,৩০,০৯১জন, বিজ্ঞান শাখাত  ৫৭,৭২৪ জন আৰু বাণিজ্য ১৭,৮৬৯ জন শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।  বিগত বছৰত ৯ মে’ৰ পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। কাইলৈ ফলাফল ঘোষণা হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে লগইন উইণ্ড’ত থকা তেওঁলোকৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব।

অনলাইনযোগে এইকেইটা ৱেবছাইট ফলাফল চাব পাৰিব শিক্ষাৰ্থীসকলে

  • ahsec.assam.gov.in
  • indiaresults.com
  • assamresult.co.in
  • assamresult.in

Assam Board Class 12 Results 2025: কেনেকৈ অনলাইনত ফলাফল লাভ কৰিব

অসম ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in চাওক
হোমপেজত অসম HS 12th Result 2025 লিংকত বিচাৰি ক্লিক কৰক
নতুন পৃষ্ঠা খোলাৰ সময়ত আপোনাৰ ৰোল নম্বৰ দিয়ক
লাভ কৰক অসমৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ২০২৫ ফলাফল

এইদৰে এছএমএছৰ জৰিয়তে ফলাফল চাব পাৰিব

  • আপোনাৰ ফোনত মেছেজিং এপটো খুলিব।
  • নতুন মেছেজ লিখক: ASSAM12<space>Roll Number.
  • ৫৬২৬৩ নম্বৰত এছএমএছ প্ৰেৰণ কৰক।
  • ফলাফল একে নম্বৰলৈ টেক্সট মেছেজ হিচাপে প্ৰেৰণ কৰা হ’ব।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ২০২৪ৰ ফলাফল

২০২৪ চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৮.৬৪% ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯০.২৯% হোৱাৰ বিপৰীতে কলা আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ক্ৰমে ৮৮.২৪% আৰু ৮৮.২৮%। ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈকে অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ ২,৭৩,৯০৮ গৰাকী ছাত্ৰ-ছাত্ৰী, য’ত ১,৩৯,৪৮৬ জন ল’ৰা আৰু ১,৪২,৭৩২ গৰাকী ছোৱালী অৱতীৰ্ণ হৈছিল।

নিজৰ নামক লৈ কিয় বিতুষ্ট হৈছিল ইৰফান খান! মাত্ৰ এটা শব্দ আঁতৰায়েই হৈ পৰিল দৰ্শকৰ নয়নৰ মণি
হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক