NIA ৰ অভিযান, হেঙেৰাবাৰীৰ জগদীশ পাটগিৰিৰ ঘৰৰ পৰা আলফা(স্বা)ই ৰচিছিল বোমা সংস্থাপনৰ ষড়যন্ত্ৰ
গুৱাহাটীত বোমা সংস্থাপন ঘটনাৰ তদন্ত কৰি আজি নিয়াই হেঙেৰাবাৰীত এটা বাসগৃহত অভিযান চলায়। অভিযোগ অনুসৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকৰ ঘৰত ভাড়াতীয়া হিচাপে আশ্ৰয় লৈছিল আলফা (স্বা)ৰ কেডাৰে আৰু তাৰ পৰাই ৰচিছিল ষড়যন্ত্ৰ।
অব্যাহত আছে গুৱাহাটীৰ লগতে অসমত বোমা সংস্থাপন ঘটনাৰ তদন্ত। বুধবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত চলে নিয়া (NIA)ৰ অভিযান। গুৱাহাটীত বোমা সংস্থাপনৰ ঘটনাৰ সৈতে জড়িত বিষয়ৰ তদন্ত কৰি নিয়াই অসম আৰক্ষীৰ সৈতে মিলি হেঙেৰাবাৰীৰ জগদীশ পাটগিৰিৰ ঘৰত অভিযান চলায়। জগদীশ পাটগিৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক। অভিযোগ অনুসৰি হেঙেৰাবাৰীৰ এই ঘৰটোতেই বাহৰ পাতিছিল আলফা (স্বা)ৰ কেডাৰে আৰু তাৰ পৰাই ৰচিছিল কূটঘাটৰ ষড়যন্ত্ৰ।
জানিব পৰা মতে জগদীশ পাটগিৰিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল জাহ্নু বৰুৱা। ১৫ আগষ্টত গুৱাহাটীত আই ই ডি সংস্থাপনত জড়িত এই জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম। দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকাৰ পাছত কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল অৰ্ণৱ অসম। পাণবজাৰ, দিছপুৰ, গান্ধী মণ্ডপত বোমা সংস্থাপন কৰিছিল অৰ্ণৱ অসমে। সাতগাঁৱত আই ই ডি স্থাপনৰ সৈতেও তেওঁ জড়িত আছিল। নিজকে ৰেপিড’ চালক বুলি চিনাকী দি গুৱাহাটীৰ হেঙেৰাবাৰীত আত্মগোপন কৰি আছিল জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসমে।
সমাজৰ আগশাৰীৰ এগৰাকী ব্যক্তিৰ ঘৰত আলফা (স্বা)ৰ কেডাৰে আশ্ৰয় লোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমাজৰ আগশাৰীৰ এগৰাকী ব্যক্তিৰ ঘৰত কেনেকৈ আলফা (স্বা)ৰ কেডাৰ আশ্ৰয় ল’ব পাৰিলে বা কেনেকৈ দেশ বিৰোধী ষড়যন্ত্ৰ কৰিব পাৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন। ইয়াৰোপৰি সমাজৰ মুধাফুটা একাংশলোক পৰেশ বৰুৱাৰ কথা মানি চলিবলৈ বাধ্য নেকি সেয়াও এক ডাঙৰ প্ৰশ্ন। গতিকে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকা এনে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া সময়ত হ’ব লক্ষণীয়।
উল্লেখ্য যে,১৫ আগষ্ট, স্বাধীনতা দিৱসৰ দিনা আলফা (স্বা)য়ে অসমত কূটঘাটমূল ষড়যন্ত্ৰ ৰচিছিল। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বহু কেইটা বোমা সংস্থাপন কৰিছিল। পৰৱৰ্তী সময়ত আলফা (স্বা)য়ে বোমা সংস্থাপনৰ স্থান উল্লেখ কৰি সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছিল। এই বিবৃতিৰ অধীনতে আৰক্ষীয় অসমৰ বিভিন্ন স্থানৰ পৰা বোমা উদ্ধাৰ কৰিছিল। বোমা সংস্থাপন কৰা স্থানৰ ভিতৰত আছিল গুৱাহাটীৰ গান্ধী মণ্ডপ, নাৰেংগী আৰ্মী কেম্প আদি বিভিন্ন অঞ্চল। তদন্তৰ সময়ত আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰিছিল ৪ টাকৈ সক্ৰিয় বোমা।
এই সমগ্ৰ ঘটনাৰ তদন্ত বৰ্তমান সময়ত নিয়াই কৰি আছে। ইতিমধ্যে বোমা সংস্থাপনৰ ঘটনাৰে জড়িত কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছে। ইয়াৰোপৰি পৰৱৰ্তী সময়ত আৰু অধিকলোক আৰক্ষীৰ জালত পৰিব বুলি অনুমান কৰিব পাৰি। আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ আলফা(স্বা)ৰ দাবীঃ গুৱাহাটী, নলবাৰী, শিৱসাগৰকে ধৰি প্ৰায় অসমৰ ২৫ স্থানত বোমা সংস্থাপন