১২ দিনীয়া কাৰ্যসূচীৰে ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থমেলা…

শীতৰ লগে লগে আহিছে গ্ৰন্থৰ বতৰ। প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলা ১২ দিনলৈ চলিব। পূৰ্বতে গ্ৰন্থমেলাৰ দিন ঘোষণা কৰা হৈছিল যদিও বিশেষ কাৰণত এই দিন সলনি হয়।

১২ দিনীয়া কাৰ্যসূচীৰে ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হব অসম গ্ৰন্থমেলা...

অসম গ্ৰন্থমেলা

Published: 

21 Nov 2024 09:20 AM

শীতৰ আগমনে লৈ আনে গ্ৰন্থমেলাৰ বতৰ। গ্ৰন্থপ্ৰেমী ৰাইজৰ অধীৰ অপেক্ষাৰ অন্তত অহা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থমেলা গুৱাহাটী। অৱশ্যে এইবাৰ গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত নহয় চানমাৰি। কিয়নো অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথবাবে আয়োজন কৰা অসম গ্ৰন্থমেলা এইবাৰ অনুষ্ঠিক হ’ব মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত । ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থমেলা ২৭ ডিচেম্বৰত আৰম্ভ হৈ ২০২৫ চনৰ ৭ জানুৱাৰীত অন্ত পৰিব।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত বুধবাৰে এক প্ৰেছ বিবৃতিযোগে কলিতাই কয় যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিগত বছৰৰ দৰে এই বছৰো গ্ৰন্থমেলা আয়োজনৰ প্ৰস্তুতি চলাইছিল যদিও গ্ৰন্থমেলাৰ স্থানকলৈ কিছু সমস্যাৰ সৃষ্টি হৈছিল। বিগত বছৰসমূহত চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই গ্ৰন্থমেলা আয়োজন কৰি অহা হৈছিল। কিন্তু চানমাৰিত উৰণ সেতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে যান যঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলা আয়োজনৰ কোনো বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল।

বিবৃতিটোত লগতে লিখে যে, গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বিকল্প স্থান হিচাপে খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰক বাচনি কৰা হৈছিল যদিও কিছু সমস্যাৰ সৃষ্টি হৈছিল। কিয়নো আগন্তুক সময়ত ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস একেখন খেলপথাৰত অনুষ্ঠিত হ’বলগাৰ বাবে নিৰাপত্তাজনিত কাৰণত অনুমতি পোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশেষত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ সহযোগত খেলপথাৰখনত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰা সম্ভৱ হৈ উঠিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতিত গৃহ বিভাগে খানাপাৰৰ খেলপথাৰত পূৰ্বৰ নিৰ্দিষ্ট সময়তকৈ ২ দিন আগুৱাই গ্ৰন্থমেলা আয়োজন কৰাৰ অনুমতি প্ৰদান কৰে।

উল্লেখ্য যে, প্ৰকাশন প্ৰতিষ্ঠান তথা অন্যান্য বিপনীৰ বাবে ইতিমধ্যে আবেদন পত্ৰ মুকলি কৰা হৈছে। গুৱাহাটীৰ বামুনীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ পৰা বা পানবজাৰৰ যশবন্ত পথৰ সৰস্বতী মাৰ্কেটৰ তৃতীয় মহলাত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ কাৰ্যালয়ৰ পৰা আৰু www.publicationboardassam.com ৱেবচাইটৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। সংগৃহীত আৱেদনপত্ৰ পূৰণ কৰি অহা ৩ ডিচেম্বৰৰ ভিতৰত ওপৰত উল্লেখ কৰা ঠিকনাত জমা দিব লাগিব নতুবা assampublicationboard@gmail.com আৰু aaapbsa52@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব ৷

বিপনীৰ জোখ- মাখ আৰু নিৰ্ধাৰিত চৰ্তাৱলীসমূহ আবেদনত উল্লেখ আছে। বিবৃতিটোত কলিতাই লগতে কয় যে, অসমৰ লগতে দেশ বিদেশৰ বহু কেইটা আগশাৰীৰ প্ৰকাশক গোষ্ঠীয়ে ইতিমধ্যে অসম গ্ৰন্থমেলা,গুৱাহাটীত অংশ গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰি যোগাযোগ কৰিছে। এই বছৰ গ্ৰন্থমেলাৰ স্থান সলনি কৰাৰ ফলত বিভিন্ন স্থানৰ পৰা যোৱা বিক্ৰেতাসকলৰ পৰিবহন ব্যয় বাঢ়িব পাৰে বুলি অনুমান কৰি আয়োজকসকলে বিপনীৰ ভাড়াৰ দিশটোৰ প্ৰতিও বিবেচনা কৰা বুলি জনায়।  গ্ৰন্থমেলাত সমূহ ৰাইজৰ সহযোগ কামনা কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

 

 

সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী
আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...
শীতকালত এলোভেৰা জেলে ছালৰ কি কি সমস্যা দূৰ কৰে ? জানক ইয়াৰ উপকাৰিতা...
কিডনীত পাথৰ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে ? জানক