আজি সামৰণি পৰিব অসম গ্ৰন্থমেলা ২০২৪-২৫ঃ ৬ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী, লাখ লাখ গ্ৰন্থপ্ৰেমীৰ সমাগম..
আজি সামৰণি পৰিব অসম গ্ৰন্থমেলা ২০২৪-২৫। যোৱা ২৭ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা। এই সময়চোৱাত গ্ৰন্থমেলাত লাখ লাখ গ্ৰন্থপ্ৰেমীৰ ভিৰ দেখা যায়।
আজি সামৰণি পৰিব অসম গ্ৰন্থমেলা ২০২৪-২৫। গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট লেখক, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰ ( আই জি এন চি এ ), নতুন দিল্লীৰ সদস্য সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ডo সচ্চিদানন্দ যোশী ।উল্লেখ্য যে, যোৱা ২৭ ডিচেম্বৰৰ পৰা ১১ দিনীয়া কাৰ্যসূচীয়া খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা। এই সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থপ্ৰেমী ৰাইজে ভিৰ কৰে গ্ৰন্থমেলাৰ বাকৰি। বিগত দিন কেইটাত অসম গ্ৰন্থমেলাত প্ৰায় ৬ কোটিৰ অধিক টকাৰ কিতাপ বিক্ৰী হৈছে।
গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান আৰম্ভ হ’ব আজি বিয়লি ৩ বজাৰ পৰা। কাৰ্যসূচী অনুসৰি এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক ড০ সচ্চিদানন্দ যোশী, বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্ত, বিশিষ্ট লেখক তথা গৱেষক, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ মালিনী গোস্বানীৰ লগতে বহু বিশিষ্ট ব্যক্তি। গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত ৰাইজৰ সহযোগ কামনা কৰিছে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই।
উল্লেখ্য যে, বিগত দিনকেইটাত অসম গ্ৰন্থমেলাত লাখ লাখ গ্ৰন্থপ্ৰেমী ৰাইজৰ সমাগম হয়। ইয়াৰোপৰি গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ ভিতৰত লেখক- পাঠকৰ সমাৰোহ, মুকাভিনয়, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি ,মুকলি কুইজ আদি অন্যতম। প্ৰতিটো অনুষ্ঠানে বহু ল’ৰা -ছোৱালীয়ে অংশ গ্ৰহণ কৰি প্ৰতিভা প্ৰদৰ্শন কৰে। ইতিমধ্যে এই প্ৰতিযোগিতাৰ বিজেতাৰ নাম ঘোষণা কৰা হৈছে আৰু আজি সামৰণি অনুষ্ঠানত তেওঁলোকক বঁটা প্ৰদান কৰা হ’ব।
প্ৰথমবাৰৰ বাবে এইবাৰ খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা। ইয়াৰ পূৰ্বে চানমাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত এই গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। কিন্তু চলিত বৰ্ষত চানমাৰী বা ইয়াৰ আশে পাশে ফ্লাইঅ’ভাৰৰ কাম চলি থকাৰ বাবে স্থান সলনি কৰা হয়। অৱশ্যে স্থান সলনি কৰাৰ পাছতো গ্ৰন্থপ্ৰেমীৰ ভিৰ কমা নাই। প্ৰতিবাৰৰ দৰে এইবাৰো গ্ৰন্থমেলাত কিতাপৰ বহু বিপনী থকাৰ লগতে গ্ৰাহকৰ ভিৰ দেখা যায়। ইয়াৰোপৰি বহু বিশিষ্ট লেখক- লেখিকাৰ কিতাপ এই গ্ৰন্থমেলাৰ সময়ত প্ৰকাশ পায়। এই সকলোবোৰৰ মাজতে গ্ৰন্থমেলাৰ সুযোগত বহু পাঠকে লগ পাই প্ৰিয় লেখকক।
অন্য খবৰ পঢ়কঃ অসম গ্ৰন্থমেলাঃ গ্ৰন্থপ্ৰেমীৰ ভিৰ, ১০ দিনত ৫ কোটি ৮০ লাখ টকাৰ কিতাপ বিক্ৰী