এইবাৰ অসম গ্ৰন্থমেলাত নাপাব বাংলাদেশৰ গ্ৰন্থৰ বিপনী…

অসম গ্ৰন্থমেলাত শূন্য হ'ব বাংলাদেশৰ গ্ৰন্থ বিপনী । প্ৰতি বছৰে অসম গ্ৰন্থমেলাত বাংলাদেশৰ কেইবাখনো বাংলাভাষী গ্ৰন্থৰ বিপনীয়ে অংশগ্ৰহণ কৰিছিল, যদিও এইবাৰ শেহতীয়া পৰিস্থিতিৰ বাবে বাংলাদেশৰ গ্ৰন্থ বিপনীসমূহে অসম তথা গুৱাহাটী গ্ৰন্থমেলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এইবাৰ অসম গ্ৰন্থমেলাত নাপাব বাংলাদেশৰ গ্ৰন্থৰ বিপনী...

অসম গ্ৰন্থমেলা

Updated On: 

18 Dec 2024 10:58 AM

ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্ক অৱনতিয়ে অসমৰ সাহিত্য ক্ষেত্ৰখনটো প্ৰভাৱ পেলাইছে । এইবাৰ খানাপাৰাত আয়োজিত অসম গ্ৰন্থমেলাত দেখা নাপাব এখনো বাংলাদেশৰ গ্ৰন্থৰ বিপনী । প্ৰকাশিত খবৰ অনুসৰি, প্ৰতি বছৰে অসম গ্ৰন্থমেলাত বাংলাদেশৰ কেইবাখনো বাংলাভাষী গ্ৰন্থৰ বিপনীয়ে অংশগ্ৰহণ কৰিছিল, যদিও এইবাৰ শেহতীয়া পৰিস্থিতিৰ বাবে বাংলাদেশৰ গ্ৰন্থ বিপনীসমূহে অসম তথা গুৱাহাটী গ্ৰন্থমেলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, এইবাৰ অসম গ্ৰন্থমেলা চানমাৰি খেলপথাৰৰ বিপৰীতে খানাপাৰাত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । প্ৰতিবছৰে ডিচেম্বৰ আৰু জানুৱাৰী মাহত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰি আহিছে অসম গ্ৰন্থমেলা । এই বছৰ ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ২০২৪ ।

প্ৰকাশিত খবৰ অনুসৰি এইবাৰ গ্ৰন্থমেলাত বাংলা ভাষাৰ গ্ৰন্থৰ বিপনীৰ সংখ্যা কম হ’ব ধাৰণা কৰা হৈছে । কিয়নো বালাংদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা আৰু বাংলাদেশীৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগে দুয়োখন দেশৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে । ইফালে বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ দাবী ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । ইয়াৰ ফলস্বৰূপে সুৰক্ষাজনিত কাৰণত অসম গ্ৰন্থমেলাত বাংলাদেশৰ গ্ৰন্থ বিপনীসমূহে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মনকৰিবলগীয়া যে, বাংলাদেশত হিন্দু সংখ্য়ালঘুৰ ওপৰত অত্যাচাৰ, মন্দিৰত আক্ৰমণ আদি ঘটনাই ভাৰতীয়লোকৰ মনত উদ্বেগৰ সৃষ্টি কৰিছে । অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হোৱা দেখা যায় । একে সময়তে ত্ৰিপুৰাত বাংলাদেশৰ উচ্চায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণৰ ঘটনাও এটা চিন্তাৰ বিষয় । এনে পৰিস্থিতিৰ বাবে সুৰক্ষাজনিত কাৰণত বাংলাদেশৰ গ্ৰন্থ বিপনীসমূহে অসম গ্ৰন্থমেলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জানিব পৰা গৈছে ।

জানিব পৰা মতে, অসম গ্ৰন্থমেলাৰ আয়োজকে এই ধৰণৰ পৰিস্থিতিৰ বাবে বাংলাদেশৰ গ্ৰন্থ বিপনীসমূহক আমন্ত্ৰণ জনোৱা নাই । উল্লেখ্য যে, প্ৰতিবছৰে অসম গ্ৰন্থমেলাত বাংলাদেশৰ প্ৰায় ৪ খনতকৈ অধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰে ।

ধোনীতকৈ কিমান কম ৰবিচন্দ্ৰন অশ্বিনৰ সম্পত্তি?
মাঘত ভুলতেও নকৰিব এইবোৰ কাম, অন্যথা জীৱনলৈ আহিব দুৰ্ভাগ্য !
চাকৰিৰ ক্ষেত্ৰত দূৰ হ'ব সকলো বাধা! কৰক এই উপায়...
বৰদিনৰ শুভেচ্ছা জনালে কিয় Merry Christmas কোৱা হয়? জানক ইয়াৰ প্ৰকৃত কাৰণ