Assam book fair: চানমাৰী নহয়, তেন্তে এইবাৰ ক'ত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা-২০২৪? | assam book faitr 2024 held in khanapara field guwahati assam Assam news - Assam Tv9

Assam book fair: চানমাৰী নহয়, তেন্তে এইবাৰ ক’ত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা-২০২৪?

Published: 

22 Sep 2024 20:50 PM

Assam book fair 2024 : অনুষ্ঠিত হবলৈ গৈ আছে অসম গ্ৰন্থমেলা ২০২৪। পিছে এইবাৰ গ্ৰন্থপ্ৰেমী ৰাইজেৰে উদুলি- মুদুলি নহয় চানমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰ। গ্ৰন্থৰ গোন্ধত আমোলমোলাই নাথাকে চানমাৰী। কিয়নো সলনি হৈছে স্থান।

Assam book fair: চানমাৰী নহয়, তেন্তে এইবাৰ কত অনুষ্ঠিত হব অসম গ্ৰন্থমেলা-২০২৪?

অসম গ্ৰন্থমেলা ২০২৪

Follow Us On

এইবাৰ গ্ৰন্থপ্ৰেমী ৰাইজেৰে উদুলি- মুদুলি নহয় চানমাৰীস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ। কিতাপৰ গোন্ধত আমোল- মোলাই নাথাকে চানমাৰী।  কিয়নো অইন বাৰৰ দৰে এইবাৰ চানমাৰীত অনুষ্ঠিত নহয় অসম গ্ৰন্থমেলা। ইয়াৰ পৰিবৰ্তে গুৱাহাটীস্থিতি খানাপাৰাত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা – ২০২৪। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ২০২৪ (Assam book fair 2024) । যোৱা বৰ্ষতেই শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ইয়াৰ ইংগিত দিছিল যদিও এই সিদ্ধান্তত এতিয়া চূড়ান্ত ছীল মোহৰ পৰিল।

অসম প্ৰকাশন পৰিষদ আৰু অসম প্ৰকাশক গোষ্ঠীৰ সৌজন্যত হ’বলগীয়া অসম গ্ৰন্থমেলা ২৮ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ খানাপাৰত পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে চানমাৰীত অনুষ্ঠিত হৈ অহা এই গ্ৰন্থমেলাত প্ৰতিবছৰে হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ বহু বিক্ৰেতাই ইয়াত কিতাপ বিক্ৰী কৰাৰ লগতে অগনন গ্ৰন্থ প্ৰেমীয়ে ইয়াত ভিৰ কৰে। পঢ়োতা, লিখোতা আদিৰে ৰজনজনাই থাকে চানমাৰী ফিল্ড।

উল্লেখ্যে যে, বিগত বছৰত ২৯ ডিচেম্বৰৰ পৰা এই গ্ৰন্থমেলা আৰম্ভ হৈ ৯ জানুৱাৰীত অন্ত পৰিছিল। ১২ দিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থমেলাত প্ৰায় ১৩৫ খন গ্ৰন্থ বিপনী আছিল। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে ১২ দিনীয়াকৈ এই গ্ৰন্থমেলাৰ আয়োজন কৰিছিল। যোৱা বছৰ এই গ্ৰন্থমেলা শিৱসাগৰ, হাফলং আৰু শিলচৰতো অনুষ্ঠিত হৈছিল।

বিগত বৰ্ষত ১২ দিনত ৫ কোটি ৫৩ লাখ টকাৰ কিতাপ বিক্ৰী হৈছিল অসম গ্ৰন্থমেলা। ইয়াৰোপৰি ন- পুৰণি লেখকৰ প্ৰায় ২০০ খনকৈ গ্ৰন্থ উন্মোচন হৈছিল। যোৱা গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হৈছিল সাহিত্য় অকাডেমী, প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰা গ্ৰন্থসমূহ। ইয়াৰ লগতে শিশু সাহিত্যও বিশেষ সঁহাৰি লাভ কৰিছিল। বাংলাদেশ, দিল্লীস কলকাতাকে ধৰি কেইবাটাও প্ৰকাশক পৰিষদে এই গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, এইবাৰ চানমাৰীত ফ্লাই অভাৰ নিৰ্মাণৰ কাম চলি আছে। বিগত প্ৰায় ৬ মাহ ধৰি ফ্লাই অ’ভাৰৰ কাম চলি থকাৰ বাবে চানমাৰীৰ ৰাস্তা- পথ সংকীৰ্ণ হৈ পৰিছে । ইয়াৰোপৰি এই নিৰ্মাণৰ কামৰ বাবে বিগত কেইটামান মাহৰ পৰা চানমাৰীত বানপানীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে যান- যঁটৰো তীব্ৰ সমস্যাই দেখা দিছে। ফ্লাই অ’ভাৰ নিৰ্মাণৰ এই কাম অহা ডিচেম্বৰ মাহলৈ শেষ হোৱাৰ সম্ভাৱণা নাই। যাৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলাৰ স্থান সলনি কৰাৰ সিদ্ধান্ত কৰা হৈছে।

আশা কৰা হৈছে অন্যবাৰৰ দৰে এইবাৰো গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমী ৰাইজে ভিৰ কৰিব। প্ৰতিবছৰে গ্ৰন্থপ্ৰেমী ৰাইজসকলে এই গ্ৰন্থমেলাৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। লেখক আদিও গ্ৰন্থ উন্মোচনৰ বাবে যো- জা কৰি থাকে। সেয়ে এইবাৰ চানমাৰী নহয়, ডিচেম্বৰ মাহত কিতাপৰ সোৱাদ ল’বলৈ গ্ৰন্থপ্ৰেমী ৰাইজ যাব লাগিব খানাপাৰালৈ…

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version