কৰুণ! পিকনিক খাবলৈ গৈ ঘূৰি নাহিল ঘৰলৈ, কোনো নৃশংসভাৱে প্ৰাণ ল’লে ধৰ্মেন্দ্ৰৰ?

বনভোজ খাবলৈ ওলাই যোৱা ধৰ্মেন্দ্ৰ নাথ জীৱন্তে ঘূৰি নাহিল ঘৰলৈ। ৬ দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছত সোমবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কৰুণ! পিকনিক খাবলৈ গৈ ঘূৰি নাহিল ঘৰলৈ, কোনো নৃশংসভাৱে প্ৰাণ ললে ধৰ্মেন্দ্ৰৰ?

ধৰ্মেন্দ্ৰ নাথ

Published: 

30 Dec 2024 15:55 PM

অৱশেষত সন্ধান ওলাল ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ । অৱশ্যে জীৱন্তে নহয়, নিৰুদ্দেশ হোৱাৰ  প্ৰায় ৬ টা দিনৰ অন্তত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় ৰঙিয়াৰ মালধাপাৰাৰ আশ্ৰমৰ সমীপৰ এটা পুখুৰীত । আশ্ৰমৰ পৰা মাত্ৰ এশ মিটাৰ মান আঁতৰত থকা পুখুৰীটোত যুৱকজনৰ মৃতদেহ পানীৰ তলত গোজ মাৰি থোৱা অৱস্থাত উদ্ধাৰ হয় । মৃতদেহ উদ্ধাৰ হোৱাৰ এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ কৰা  প্ৰয়োজন যে, বিগত দিনকেইটা দিনে নিশাই ৰাইজে থানা ঘেৰাও কৰি যুৱকজনক বিচাৰি উলিওৱাৰ বাবে দাবী উত্থাপন কৰি অহাৰ মাজতে সোমবাৰে মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজন নিৰুদ্দেশ হোৱাৰ পাছত ৰঙিয়া আৰক্ষীৰ নেতৃত্বত এছ ডি আৰ এফ ৰ লগতে ৰঙিয়াৰ স্থানীয় ৰাইজেও অনুসন্ধান চলাই আছিল। কিন্তু ৬ দিন পূৰ্বে নিৰুদ্দেশ হোৱা যুৱকজন সুস্থ অৱস্থাত ঘূৰি নাহিল ঘৰলৈ।

মন কৰিবলগীয়া যে, যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ সময়ত মৃতদেহটো পানীত গোজ মাৰি থোৱা অৱস্থাত আছিল। যাৰ বাবে বিষয়টো ৰহস্যঘন হৈ পৰে আৰু স্থানীয়লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰে।  যুৱক ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ দেখি মাতৃ ঘটনাস্থলীতে মুৰ্চা যায় আৰু লগে লগে তেওঁ হাস্পাতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে ধৰ্মেন্দ্ৰ নাথে ৬ দিন পূৰ্বে ৰঙিয়াৰ মালধাপাৰাৰ আশ্ৰমৰ সমীপত বনভোজ খাই উভতি অহাৰ পথত হিমাংশু কাকতি নামৰ এজনৰ গাড়ীত খুন্দুয়ায়। পৰৱৰ্তী  সময়ত ৩ যুৱকৰ সৈতে ধৰ্মেন্দ্ৰ কাজিয়াৰ হয় আৰু ইয়াৰ পৰিণতিতেই হত্যাকাণ্ড সংঘটিত হয় বুলি অনুমান কৰা হৈছে । ধৰ্মেন্দ্ৰৰ পৰিয়ালৰলোকে কৰা অভিযোগ অনুসৰি ঘটনাৰ দিনা ধৰ্মেন্দ্ৰই বনভোজৰ পৰা উভতি অহাৰ সময়ত হিংমাশুৰ গাড়ীখন খুন্দিয়াইছিল। সেই কথাতেই কাজিয়াৰ সূত্ৰপাত হয় আৰু অভিযুক্ত তিনি ব‍্যক্তি হিমাংশু কাকতি , অমূল্য লহকৰ,  মণি কাকতি আৰু তেওঁলোকৰ কেইবাজনো সংগীয়ে যুৱকজনক বেয়াকৈ মাৰপিট কৰি পুখুৰীত দলিয়াই দিয়ে। এই ঘটনাৰ ফলতেই মৃত্যু হয় ধৰ্মেন্দ্ৰৰ।

এই ঘটনা সন্দৰ্ভত দুদিন পূৰ্বে  অভিযুক্ত হিমাংশু কাকতি আৰু অমূল্য কাকতিক আৰক্ষীয়ে আটক কৰি সোধপোচ কৰিছিল যদিও কি তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৰাজহুৱা কৰা নাছিল । তাৰ পিছত সোমবাৰে পুৱাৰ পৰা আশ্ৰমৰ সমীপৰ পুখুৰীটোত আৰক্ষী প্ৰশাসন আৰু ৰাইজে পুনৰ যুৱকজনক বিচৰাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমান আটকাধীন দুজন অভিযুক্তক বাদ দি বাকী অভিযুক্তসকল পলাতক হৈ আছে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত ধৰ্মেন্দ্ৰৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ন্যায়ৰ দাবী কৰাৰ লগতে উচিত তদন্ত বিচাৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?