শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Budget 2025-26 : আশা পূৰণত ব্যৰ্থ চৰকাৰ ! বাজেটক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলে ?

বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে । দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমীয়া জাতিৰ আধাৰ নিৰ্মাণৰ বাবে যি বাজেট প্রস্তুত কৰিব লাগিছিল, সেই বাজেট প্ৰস্তুত কৰাত অসম চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰিছে ৰাইজৰ দলে ।

Assam Budget 2025-26 : আশা পূৰণত ব্যৰ্থ চৰকাৰ ! বাজেটক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলে ?
অখিল গগৈ
manas-borah
Manas Borah | Updated On: 10 Mar 2025 21:08 PM

সোমবাৰে বিধানসভাত দাখিল কৰা হ’ল ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । এই বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে । দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমীয়া জাতিৰ আধাৰ নিৰ্মাণৰ বাবে যি বাজেট প্রস্তুত কৰিব লাগিছিল, সেই বাজেট প্ৰস্তুত কৰাত অসম চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰিছে ৰাইজৰ দলে ।

দলটোৱে এক বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,পূর্বে দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰাৰ স্বাৰ্থত অসম বাজেট ২০২৪-২৫ ত কোনো ধৰণৰ বিশেষ সিদ্ধান্ত দেখা পোৱা নগ’ল । যিসময়ত অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিব লাগিছিল, সেইধৰণৰ কোনো পদক্ষেপৰ পৰিকল্পনা বাজেটত দেখা পোৱা নগ’ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৱে ।

নিযুক্তিৰ বিষয়টো উল্লেখ কৰি ৰাইজৰ দলে কয় যে, অসম চৰকাৰে পূর্বে প্রতিবছৰে ১ লাখকৈ নিযুক্তি দিয়াৰ কথা কৈছিল যদিও সোমবাৰে বিধানসভাত দিয়া তথ্য মতে, ২০২৫ চনৰ জানুৱাৰীলৈকে চৰকাৰে চাকৰি দিছে ১,১৯,৮৯৯ টা। লগতে ভোটবেংকৰ স্বার্থত অৰুণোদয়ৰ লগতে অন্যান্য হিতাধিকাৰী আঁচনিৰে কেইটামান টকা দি আগন্তুক নির্বাচনত দলটো জয়ী হোৱাৰ কৌশলেই এই বাজেটত প্ৰতিফলিত হৈছে বুলি দাবী কৰে ৰাইজৰ দলে।

ইফালে, বিজেপিয়ে দিয়া নির্বাচনী প্রতিশ্রুতি অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক মাহে ৩০০০ টকাকৈ দিয়াত চূড়ান্তভাৱে ব্যর্থ হৈছে ৰাজ্য চৰকাৰ। চলিত চৰকাৰৰ কার্যকাল আৰু মাত্র এটা বছৰ আছে। তেনে প্রেক্ষাপটত চাহ শ্রমিকসকলৰ দৈনিক মজুৰি নূন্যতম ৩৫০ টকা কৰাৰ যি দাবী আছিল, সেই দাবী পূৰণ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী কৰে ৰাইজৰ দলে ।

ইফালে এখনৰ পাছত সিখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় নির্মাণ কৰাৰ কথা ঘোষণা কৰি আহিছে অসম চৰকাৰে। কিন্তু শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়িলেও আন্তঃগাঁথনিৰ অভাৱ এতিয়াও আছে । কিন্তু বাজেটত এই দিশত সঠিক আৰু স্পষ্ট পৰিকল্পনা দেখা পোৱা নগ’ল বুলি উল্লেখ কৰিছে ৰাইজৰ দলে।