অসম বাজেটত মহিলাৰ বাবে কি কি ঘোষণা কৰিলে? জানক সকলো…
Assam budget for women: আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে অসম বাজেট ২০২৫-২৬। এই বাজেটত বিভিন্ন দিশৰ লগতে মহিলাকলৈও ডাঙৰ ঘোষণা কৰে চৰকাৰে।

অসম বাজেট ২০২৫-২৬
সোমবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে অসম বাজেট ২০২৫-২৬ (Assam budget)। এই বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে কেইবাটাও ডাঙৰ ঘোষণা কৰে। বিশেষকৈ মহিলাসকলৰ বাবে এই বাজেটত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ বাজেটত মহিলাৰ বাবে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-
অৰুণোদয় ৩.০
মহিলাসবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ বাবে চৰকাৰে লোৱা এক বিশেষ পদক্ষেপ অৰুণোদয় আঁচনি। এই আঁচনিৰ অধীনত মাহিলী মহিলাসকলক ১,২৫০ টকাকৈ আগবঢ়োৱা হয়। ২০২৫-২৬ বিত্তীয় বৰ্ষত অসমত অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ। ২০২৫ চনৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশীয় অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলত হিতাধিকাৰীৰ চূড়ান্ত তাৱিকা প্ৰস্তুত কৰা হ’ব।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান
আত্ম-সংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মহিলা উদ্যমিতা অভিযান অন্যতম। এই আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব ৩,০৩৮ কোটি টকা। ইয়াৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৩০ লাখ মহিলা আৰু নগৰ অঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হ’ব।
মুখ্যমন্ত্ৰীৰ নিযুত মইনা
এই আঁচনিৰ অধীনত ১০ মাহৰ ১০ মাহৰ বাবে প্রতিমাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ১,০০০ টকা, স্নাতক প্রথম বৰ্ষৰ ছাত্ৰীসকলৰ বাবে ১,২৫০ টকা আৰু স্নাতকোত্তৰ তথা বি এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ ২,৫০০ টকাকৈ প্ৰদান কৰি স্ত্রী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্য।এই বৰ্ষত এই আঁচনিৰ অধীনত ৪.৩ লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা চৰকাৰৰ। ইয়াৰোপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়ৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকললৈ এই সুবিধা সম্প্ৰসাৰণৰ প্ৰস্তুৱ। ইয়াৰ বাবে ২০২৫-২৬ বৰ্ষত ৩৯১ কোটি টকা আৱন্টন।
লাখপতি বাইদেউ পুঁজি, মহিলা আত্মসহায়ক গোট আৰু উদ্যমীৰ সবলীকৰণ
প্রতিশ্রুতিসম্পন্না মহিলা নেতৃত্বাধীন ষ্টার্টআপক উৎসাহিত কৰাৰ বাবে প্রায় ২৫০ কোটি টকাৰে আমি ‘লাখপতি বাইদেউ পুঁজি’ গঠনৰ আকাংক্ষা । এই পুঁজি সুদবিহীন ঋণ প্রদান, সূদ ৰেহাই আৰু মহিলাসকলক সবলীকৰণৰ পৰা উদ্যমিতালৈ ৰূপান্তৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰাত ব্যৱহাৰ কৰিব পাৰি। এই পদক্ষেপৰ লক্ষ্য হৈছে মহিলা উদ্যমীৰ হকে এটা শক্তিশালী পৰিবেশতন্ত্র সৃষ্টি কৰি অৰ্থনৈতিক প্রগতি আৰু স্বনিৰ্ভৰশীলতা গঢ়ি তোলা।
অন্য খবৰ পঢ়কঃ Assam Budget 2025-26: অসম বাজেটৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ, কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে