শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Budget 2025-26: অসম বাজেটৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ, কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে

Assam Budget 2025-26: আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে অসম বাজেট ২০২৫-২৬। ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ আগত এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট।

Assam Budget 2025-26: অসম বাজেটৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ, কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে
অজন্তা নেওগImage Credit source: facebook (Terash Gowalla)
barasha-sarma
Barasha Sarma | Updated On: 10 Mar 2025 16:08 PM

সোমবাৰে দিনৰ ১১.৩০ বজাত অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে অসম বাজেট ২০২৫-২৬ (Assam budget 2025-26)। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া অন্তিমখন পূৰ্ণাংগ বাজেট। অসম বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে কৈছিল যে এইবাৰ বাজেটত বিশেষকৈসবলীকৰণ, কৃষক, নিবনুৱা যুৱক-যুৱতী আৰু সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক প্ৰাধান্য দিয়া হ’ব। আজিৰ বাজেটত বিভিন্ন দিশ সামৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তলত ইয়াৰ কেইটামান ডাঙৰ ঘোষণা উল্লেখ কৰা হ’ল-

  1. অসমৰ বাজেট ব্যয় ২৫০% বৃদ্ধি পোৱাৰ লগতে ২০২৪-২৫ বৰ্ষত মূলধনী ব্যয় ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে।
  2. অসমত হ্ৰাস নিবনুৱাৰ সংখ্যা। ২০২০ চনত নিবনুৱাৰ সংখ্যা ৯.৯ শতাংশ থকাৰ বিপৰীতে ২০২৪ চনত হ্ৰাস পায় হয়গৈ ৭.৯ শতাংশ।
  3. অৰুণোদয় ৩.০ আঁচনি ঘোষণা। হিতাধিকাৰীৰ সংখ্যা ৩৭.০২ লাখলৈ বৃদ্ধিৰ লক্ষ্য। ৫০০০ কোটি টকা বেলেগকৈ ৰখাৰ প্ৰস্তাৱ।
  4. মহিলা উদ্যোমিতা অভিযান। ১০,০০০ টকাৰ পূঁজি আগবঢ়োৱা হ’ব। এই আঁচনিৰ বাবে ৩,০৩৮ হাজাৰ কোটি ব্যয় কৰিব।
  5. মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। ছাত্ৰীসকলৰ বাবে ৰূপায়ন কৰা এই আঁচনিৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৪ লাখ ৩০ হাজাৰ ছাত্ৰীলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা।  ইয়াৰ বাবে ৩৯১ কোটি টকা আৱন্টন।
  6. বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ।
  7. বিশেষ নীতিৰ মাজেৰে টিউটৰসকলক শিক্ষকসকলক উন্নীত কৰিব।
  8. চাকৰি সন্ধান কৰা সময়ত নিবনুৱা যুৱক-যুৱতীসকলক বিত্তীয় সহায়ৰ প্ৰস্তাৱ।
  9. স্নাতকক ২৫০০ টকাকৈ প্ৰদান কৰা হ’ব।
  10. মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰম্ভ।
  11. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। এই বছৰ প্ৰথম পৰ্যায়ত অধিক হিতাধিকাৰীক   ১লাখকৈ টকা প্ৰদান কৰা হব। লগতে ৭৫,০০০ নতুন হিতাধিকাৰীক সামৰি লোৱা হ’ব।
  12.  সুলভ বিদ্যুৎ উপলব্ধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান
  13. কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কর্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ ।
  14. কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা পুঁজি যোগান সংস্থা (HEFA)ৰ আর্হিত আমাৰ শৈক্ষিক প্রতিষ্ঠানসমূহক সহায় কৰাৰ উদ্দেশ্যে অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনি মুকলি কৰাৰ বাবে প্রস্তাৱ।
  15. লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষণা।
  16. সত্ৰৰ ভকতসকলক ১,৫০০ টকাকৈ মাহে প্ৰদান কৰাৰ প্ৰস্তাৱ।
  17. বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাৰ প্ৰদৰ্শনেৰে ভাৰতৰ প্ৰথমখন বাঁহ স্মার্ট চিটি স্থাপনৰ চিন্তা-চৰ্চা ।

 

 

 

অন্য খবৰ পঢ়কঃ অসম বাজেটত মহিলাৰ বাবে কি কি ঘোষণা কৰিলে? জানক সকলো…

অন্য খবৰ পঢ়কঃ Assam budget: অসম বাজেট ২০২৫-২৬ ত ছাত্ৰ-ছাত্ৰীৰ বাবে কি আছে? জানক সবিশেষ…