চিকিৎসা খণ্ডৰ পৰা বাঁহ স্মার্ট চিটিলৈ,অসম বাজেটৰ প্ৰধান ঘোষণাসমূহ…

Assam budget: আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে অসম বাজেট ২০২৫-২৬। এই বাজেটত চৰকাৰে বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

চিকিৎসা খণ্ডৰ পৰা বাঁহ স্মার্ট চিটিলৈ,অসম বাজেটৰ প্ৰধান ঘোষণাসমূহ...

অসম বাজেট ২০২৫-২৬

Updated On: 

10 Mar 2025 16:16 PM

অসম বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বাজেট ২০২৫-২৬ (Assam budget 2025-26)। এই বাজেটত শিক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি মহিলা , স্বাস্থ্য, কৃষি, শক্তি আদি বিভিন্ন দিশত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে।  আজিৰ বাজেটৰ প্ৰধান ঘোষণাসমূহ তলত উল্লেখ কৰা হ’ল-

 চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিলৈ সুবিধা

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰৰ দিনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৭ৰ পৰা ১৪খনলৈ বৃদ্ধি পাইছে আৰু বহুকেইখন নির্মীয়মাণ অৱস্থাত আছে। যুৱ প্রতিভাক আকৃষ্ট কৰি ফেকাল্টিসকলক পৰিচালনা কৰাটো চৰকাৰৰ সন্মুখত এক ডাঙৰ প্রত্যাহ্বান হৈ পৰিছে। এই প্রত্যাহ্বান চম্ভালিবলৈ আমি নিম্নোক্ত সিদ্ধান্তসমূহ গ্রহণ কৰা হৈছে-

  • . চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্রগতি আঁচনি (Dynamic Assured Career Progression Scheme)ৰ অধীনত সামৰি লোৱা হ’ব।
  • চৰকাৰে বছৰি দুখন ৰাষ্ট্রীয় সম্মিলন, এছিয়াৰ দেশসমূহৰ বাবে প্রতি দুবছৰত আৰু এছিয়াৰ বাহিৰৰ দেশসমূহৰ বাবে প্ৰতি চাৰি বছৰত এখন আন্তঃৰাষ্ট্ৰীয় সম্মিলনৰ পৃষ্ঠপোষকতা কৰিব।
  • চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সূতবিহীন ঋণ প্রদানৰ সিদ্ধান্ত। লগতে অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ হ’ব।

প্ৰ’টন থেৰাপী কেন্দ্র

কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কর্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ । ই হৈছে পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ। অঞ্চলটোত আগশাৰীৰ কৰ্কট সেৱাৰ ই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই যন্ত্ৰটোৰ মূল্য হৈছে প্রায় ৫৫০ কোটি টকা। এই প্রকল্পৰ বাবে চৰকাৰে চি এছ আৰ পুঁজিও ব্যৱহাৰ কৰিব।

 অসম উচ্চ আৰু কাৰিকৰী শিক্ষাৰ বাবে পুঁজি যোগান আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা পুঁজি যোগান সংস্থা (HEFA)ৰ আর্হিত আমাৰ শৈক্ষিক প্রতিষ্ঠানসমূহক সহায় কৰাৰ উদ্দেশ্যে অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনি মুকলি কৰাৰ বাবে প্রস্তাৱ। এই নতুন আঁচনিৰ মূল বৈশিষ্ট্যসমূহ হৈছে-

  • উচ্চ শিক্ষাৰ প্রতিষ্ঠানে নিজৰ আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্রপাতি ক্ৰয় কৰাৰ বাবে বেংকৰ পৰা ঋণ ল’ব পাৰিব।
  • মূল ঋণৰ ২৫ শতাংশ ৰাজ্য চৰকাৰে ৰাজ সাহায্য হিচাপে প্রদান কৰিব।
  • এনে ঋণৰ সমুদায় সুদৰ দায়িত্বও ৰাজ্য চৰকাৰে বহন কৰিব।

ডিব্ৰুগড় পলিটেকনিকক অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীতকৰণ

লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষণা।

আদর্শ বিদ্যালয়

গুণগত শিক্ষাৰ উপলব্ধতাৰ বিকাশ সাধনৰ বাবে ২১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ১১৬খন ইতিমধ্যে কার্যক্ষম হৈছে। এই বছৰটোত  আৰু ৯৭ খন আদর্শ বিদ্যালয় মুকলি কৰা হ’ব। ২০২৪-২৫ বর্ষত নামভৰ্তিৰ সংখ্যা ৮৭ শতাংশ বৃদ্ধি হৈছে। ২৫ খন বড়ো মাধ্যমৰ বিদ্যালয়ক আদর্শ বিদ্যালয়লৈ উন্নীত কৰা হ’ব ।

লগতে,  বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা ৬০ বছৰলৈ সম্প্ৰসাৰিত কৰা হ’ব।

কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক নির্মল শক্তি আৰু পৰিৱেশ পর্যটন কেন্দ্র হিচাপে গঢ়াৰ পৰিকল্পনা

নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ওপৰত গুৰুত্ব প্রদানেৰে কাৰ্বি আলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক অসমৰ নিৰ্মল শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্রস্তাৱ গ্ৰহণ । এই অঞ্চলটোৰ প্রাকৃতিক দৃশ্যৰাজি আৰু জৈৱ বৈচিত্র্যতাই পৰিৱেশ-পর্যটনক উদগনি যোগোৱাৰ লগতে কর্মস্থাপনো সৃষ্টি কৰিব।

নতুন প্রশাসনিক বিভাগসমূহৰ সৃষ্টি

এই বছৰ আমাৰ চৰকাৰে লক্ষ্যভিত্তিক উন্নয়ন আগুৱাই নিবলৈ দুটা নতুন বিভাগ গঠন কৰিছে। ষ্টার্টআপ, ইনকিউবেচন আৰু উদ্ভাৱন বিভাগৰ বাবে ৬০ কোটি টকা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বাবে ১০০ কোটি টকা ধাৰ্য ।

লোক নির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ পৰা লোক নির্মাণ (স্বাস্থ্য আৰু শিক্ষা) নামেৰে এটা নতুন বিভাগ গঠন কৰা হ’ব। এই বিভাগটোৱে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ অন্তৰ্গত আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই বিভাজন সংমণ্ডল স্তৰলৈ হ’ব।

মুম্বাই আৰু দিল্লীত নতুন অসম ভৱন

নতুন দিল্লীৰ দ্বাৰকাত ৪০০০ বর্গমিটাৰ ভূমিত এটা নতুন অসম ভৱন (দিল্লীত চতুর্থটো) আৰু মুম্বাইৰ কটন গ্রীণত ৫৭৪৪ বর্গমিটাৰ ভূমিত আন এটা অসম ভৱন (মুম্বাই দ্বিতীয়টো) নিৰ্মাণৰ ঘোষণা।

গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ

  • সত্ৰৰ ভকতসকলক ১,৫০০ টকাকৈ মাহে প্ৰদান কৰাৰ প্ৰস্তাৱ।
  • ‘অ  মোৰ আপোনাৰ দেশ’ সমূহীয়াকৈ পৰিৱেশন।
  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত কলাৰ ৰূপটো প্ৰদৰ্শন কৰিবলৈ পৰম্পৰাগত বড়ো লোকনৃত্য বাগৰুম্বা আৰু বৰদৈচিকলা (Bordoisikla)ৰ দৰ্শনীয় প্ৰদৰ্শনৰ আয়োজন।
  • অসমীয়া চলচ্চিত্র, সাহিত্য, লোক সংগীত, সংগীত আৰু তথ্যচিত্র ইত্যাদি সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰে নিজা OTT মঞ্চ গঠন কৰিব।

ইউনিটি মল

ইউনিটী মলৰ লক্ষ্য হৈছে অসমৰ ৩৫খন জিলা আৰু দেশৰ অন্যান্য ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহক সামৰি ‘এক জিলা এক উৎপাদিত সামগ্ৰী’ৰ ধাৰণাটোৰ বাবে এক মঞ্চ প্রদান কৰা। ইয়াত ভৌগোলিক সূচক (GI) টেগ থকা অসমৰ উৎপাদিত সামগ্রীসমূহো প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ বাবে ২৭৫ কোটি  টকা ধাৰ্য।

কনচার্ট (concert)

অসমৰ ঐতিহ্য ক্ষেত্ৰ আৰু নদীৰ দাঁতি কাষৰীয়া অঞ্চলত সৰ্বাংগীন বিকাশৰ প্ৰস্তাৱ।

মিছন অলিম্পিক: অসমৰ ভৱিষ্যৎ অলিম্পিয়ানসকলৰ তত্বাৱধান

খেল মহাৰণে সমগ্ৰ অসমত ব্যতিক্রমী ক্রীড়া প্রতিভাক চিনাক্ত কৰিছে। ভৱিষ্যৎ প্রতিভাৱান খেলুৱৈসকলৰ বাবে শক্তিশালী বুনিয়াদ গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ৫০০ গৰাকী ল’ৰা-ছোৱালীক অলিম্পিককে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় দক্ষতা, সম্পদ আৰু প্ৰশিক্ষণেৰে সাজু কৰি তোলা হ’ব।

ভাৰতৰ প্ৰথম বাঁহ স্মার্ট চিটি

বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাৰ প্ৰদৰ্শনেৰে ভাৰতৰ প্ৰথমখন বাঁহ স্মার্ট চিটি স্থাপনৰ চিন্তা-চৰ্চা । সেউজ নির্মাণ আৰু উদ্ভাৱনক উৎসাহিত কৰি সকলো ভৱিষ্যতৰ চৰকাৰী গৃহ নির্মাণত বাঁহ-নিৰ্ভৰ সামগ্ৰীৰ ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হ’ব।

 

অন্য খবৰ পঢ়কঃ অসম বাজেটত মহিলাৰ বাবে কি কি ঘোষণা কৰিলে? জানক সকলো… 

অন্য খবৰ পঢ়কঃ Assam budget: অসম বাজেট ২০২৫-২৬ ত ছাত্ৰ-ছাত্ৰীৰ বাবে কি আছে? জানক সবিশেষ…

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?