Assam budget: অসম বাজেট ২০২৫-২৬ ত ছাত্ৰ-ছাত্ৰীৰ বাবে কি আছে? জানক সবিশেষ…

Assam budget 2025-26: আজি বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰিলে বাজেট ২০২৫-২৬। এই বাজেটত ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও বিশেষ ঘোষণা কৰা হয়।

Assam budget: অসম বাজেট ২০২৫-২৬ ত ছাত্ৰ-ছাত্ৰীৰ বাবে কি আছে? জানক সবিশেষ...

অসম বাজেট

Updated On: 

10 Mar 2025 14:59 PM

সোমবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে অসম বাজেট ২০২৫-২৫। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এয়া অন্তিম খন পূৰ্ণাংগ বাজেট। এই বাজেটত মহিলা, ছাত্ৰ-ছাত্ৰী, কৃষকৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশৰ বাবে বহু সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ বাজেটত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে কৰা ঘোষণাসমূহ তলত উল্লেখ কৰা হ”ল-

মুখ্যমন্ত্ৰীৰ নিযুত মইনা

এই আঁচনিৰ অধীনত ১০ মাহৰ ১০ মাহৰ বাবে প্রতিমাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ১,০০০ টকা, স্নাতক প্রথম বৰ্ষৰ ছাত্ৰীসকলৰ বাবে ১,২৫০ টকা আৰু স্নাতকোত্তৰ তথা বি এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ ২,৫০০ টকাকৈ প্ৰদান কৰি স্ত্রী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্য।এই বৰ্ষত এই আঁচনিৰ অধীনত ৪.৩ লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা চৰকাৰৰ। ইয়াৰোপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়ৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকললৈ এই সুবিধা সম্প্ৰসাৰণৰ প্ৰস্তুৱ। ইয়াৰ বাবে ২০২৫-২৬ বৰ্ষত ৩৯১ কোটি টকা আৱন্টন।

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা

এই আঁচনিৰ অধীনত নিবনুৱা যুৱক-যুৱতী সকলক অনুপ্ৰেৰণামূলক সমৰ্থন আগবঢ়োৱা হয়। এই আঁচনিৰ অধীনত অসমৰ চৰকাৰী বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ পৰা ২০২৫ চনত উত্তীর্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্রতি মাহে ২,৫০০ টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণাৰ অধীনত প্রদান কৰা হ’ব। লগতে আয়ুক্তৰ পৰামৰ্শ মৰ্মে ২,৫০০ ৰ পৰিৱৰ্তে ২৫,০০০ এককালীন বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ প্ৰস্তাৱ।

ইয়াৰোপৰি এই আঁচনিৰ অধীনত ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে ২৫,০০০ টকা আৰু দিব্যাংগসকলক ৫০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ২৫ কোটি টকা ধাৰ্য।

কিতাপৰ বৰ্ষ

সৃষ্টিশীল, বিজ্ঞানসম্মত আৰু শৈক্ষিক বিষয়ক লিখনিত বৰঙণি আগবঢ়োৱাসকলক গুৰুত্ব প্রদান কৰি ১০০০ যুৱ লেখকলৈ ২৫,০০০ টকাকৈ বিত্তীয় সমর্থন আগবঢ়োৱা হব। অসম প্রকাশন পৰিষদৰ অনুমোদন ক্রমে গ্রন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে ৫ লাখ আৰু সম-জিলা সদৰৰ বাবে ২.৫ লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়াব। ইয়াৰোপৰি চৰকাৰী কৰ্মচাৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে ১০০০ টকা অতিৰিক্ত এককালীন সাহাৰ্য।

শিক্ষা বিভাগৰ বাবে ১৮,৭৩৩ কোটি টকা আবণ্টন

১৮,৭৩৩ কোটি টকা আবণ্টন দিয়ে বাজেটত। ইয়াৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন বৃত্তি কাৰ্যসূচীৰ জৰিয়তে সাহাৰ্য প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ৩২,১২০জন ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ বিশেষ মেধাবৃত্তি আঁচনিৰ অধীনত ৫,০০০ টকাকৈ প্ৰদান কৰা হৈছে। তদুপৰি নৱম শ্ৰেণীৰ ৩.২৩ লাখ ছাত্র-ছাত্রীয়ে বিনামূলীয়া চাইকেল লাভ কৰাৰ লগতে ১২ লাখৰো অধিক ছাত্র-ছাত্রীয়ে বিনামূলীয়া পাঠ্যপুথিৰ সুবিধা লাভ কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ অসম বাজেটত মহিলাৰ বাবে কি কি ঘোষণা কৰিলে? জানক সকলো…

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...