Assam Budget 2025-26: অৰ্থনৈতিক বিকাশ, প্ৰযুক্তিগত উন্নতি আৰু বহনক্ষমতাক দিয়া হৈছে গুৰুত্ব ! বাজেটক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অন্তিমখন পূণাংগ বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । বাজেট দাখিলৰ পাছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, বাজেটত অৰ্থনৈতিক বিকাশ, প্ৰযুক্তিগত উন্নতি আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

অসম বাজেট ২০২৫-২৬ য়ে ৰাজ্যৰ বিকাশশীল দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে বুলি কয় মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অন্তিমখন পূণাংগ বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । বাজেট দাখিলৰ পাছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, বাজেটত অৰ্থনৈতিক বিকাশ, প্ৰযুক্তিগত উন্নতি আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।
মুখ্য়মন্ত্ৰী শৰ্মাই বাজেটৰ সকলো দিশৰ ওপৰত আলোকপাত কৰি কয় যে, তেওঁৰ চৰকাৰখনে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সবলীকৰণৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে । ইয়াৰ লগতে অসমক ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত আগশাৰীৰ ৰাজ্য হিচাপে আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত আছে ।
তেওঁ কয় যে, অসমত প্ৰ’টন বিম থেৰাপী স্থাপনৰ পদক্ষেপৰ জৰিয়তে ৰাজ্যখনক চিকিৎসা পৰ্যটনৰ কেন্দ্ৰ হিচাপে স্থান দিয়াৰ বাবে প্ৰচেষ্টা কৰা হৈছে । টাটাৰ সৈতে চৰকাৰে ১৭খন চিকিৎসালয় স্থাপন কৰাৰ সহযোগিতাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ই অঞ্চলটোত কৰ্কট ৰোগৰ চিকিৎসাৰ সুলভতা উন্নত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ঘোষণা কৰে যে, অসমৰ প্ৰযুক্তিগত পৰিৱেশ আৰু অধিক শক্তিশালী কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সৈতে অংশীদাৰিত্বৰে অসমৰ বাবে নিৰ্দিষ্ট উপগ্ৰহ উৎক্ষেপণ কৰিব। এই উপগ্ৰহটোৱে বানৰ ভৱিষ্যদ্বাণী, সীমা ব্যৱস্থাপনা আৰু কৃষি খণ্ডক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।
তেওঁ কয় যে, ডিজিটেল ক্ষেত্ৰখনত অসমে এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবেও বাজেটত পৰিকল্পনা কৰা হৈছে । য’ত থলুৱা অভাৰ-দ্য-টপ (অ’টিটি) মঞ্চ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে আঞ্চলিক মনোৰঞ্জন খণ্ডক উন্নীত কৰাৰ লগতে স্থানীয় বিষয়বস্তু আৰু সংস্কৃতিক প্ৰসাৰ কৰা।
তেওঁ কয় যে, চৰকাৰে সেউজ শক্তি প্ৰকল্পত বিনিয়োগৰ বাবে বিশ্ব বিনিয়োগকাৰীক উৎসাহিত কৰিছে। এই কৌশলে বিশ্বৰ বহনক্ষমতাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি অসমক এক প্ৰধান ঔদ্যোগিক গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।
অসমৰ দ্রুত অর্থনৈতিক বিকাশৰ ওপৰত আলোকপাত কৰি শর্মাই উল্লেখ কৰে যে, ভাৰতৰ জিডিপি ৯ শতাংশ বৃদ্ধি পাইছে আৰু অসমৰ জিডিপিৰ বৃদ্ধি হাৰ ১৩ শতাংশ ৷ তেওঁ কয় যে, ৰাজ্যখনৰ মূলধনী ব্যয় এটা দশকৰ পূৰ্বে ৩ হাজাৰ কোটি আছিল । কিন্তু মূলধনী ব্যয় চলিত বৰ্ষত ২৫ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে ৰাজ্যখনৰ শক্তিশালী বিত্তীয় অৱস্থা আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণক প্ৰতিফলিত কৰিছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
বাজেটত বন্যপ্ৰাণী সংৰক্ষণকো অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, জীৱ-জন্তুৰ বিদ্যুৎস্পৃষ্ট ঘটনা ৰোধৰ বাবে বিদ্যুৎ কেবল ইনচুলেট কৰাৰ ব্যৱস্থা পৰা আৰম্ভ কৰি হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ নেপিয়াৰ ঘাঁহৰ খেতি কৰা ব্যৱস্থা কৰা হৈছে বুলি কয় মুখ্য়মন্ত্ৰীয়ে । তদুপৰি নগৰ পৰিকল্পনাৰ পদক্ষেপসমূহৰ ভিতৰত গুৱাহাটীক ‘বাঁহ চহৰ’ হিচাপে গঢ়ি তোলা, নতুন নিৰ্মাণত নূন্যতম ৫% বাঁহৰ উপাদান বাধ্যতামূলক কৰা আৰু মেট্ৰ’ আৰু আভ্যন্তৰীণ জল পৰিবহণ সম্প্ৰসাৰণৰ দৰে আন্তঃগাঁথনি উন্নীতকৰণ আদি অন্তৰ্ভুক্ত কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
ভূমি সংস্কাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে, নিৰ্বাচিত ৰাজহ ব্লকত এতিয়া ভূমিৰ লেনদেন খিলঞ্জীয়া অসমীয়াৰ মাজতে সীমাবদ্ধ থাকিব।
ইয়াৰ উপৰিও চৰকাৰে ১০০খন ‘AI-powered’ স্মাৰ্ট গাঁও সৃষ্টি কৰাৰ লগতে ড্ৰ’ন প্ৰযুক্তিৰে আকাশী সংযোগ শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে বুলি কয় মুখ্য়মন্ত্ৰীয়ে। একেদৰে নগৰীয়া ব্য়ৱস্থাক উন্নত কৰাৰ বাবে খানাপাৰা আৰু গুৱাহাটী বিমানবন্দৰৰ মাজত ৰ’পৱে সংযোগ অন্বেষণ কৰিবলৈ পৰামৰ্শদাতা নিয়োজিত কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।