শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Budget 2025-26: মাত্ৰ ২ মিনিটত পঢ়ক অসম বাজেটৰ ২০ টা ডাঙৰ ঘোষণা…

Assam Budget 2025-26: আজি অসম বিধানসভাত দাখিল হয় অসম বাজেট ২০২৫-২৬। বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

Assam Budget 2025-26: মাত্ৰ ২ মিনিটত পঢ়ক অসম বাজেটৰ ২০ টা ডাঙৰ ঘোষণা…
অসম বাজেট ২০২৫-২৬
barasha-sarma
Barasha Sarma | Updated On: 11 Mar 2025 09:54 AM

বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে অসম বিধানসভাত  ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে  ২.৬৩ লাখ কোটিৰ বাজেট দাখিল কৰে । এইখন হৈছে ৬২০.২৭ কোটি টকাৰ ঘাটি বাজেট । এই বাজেটত শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, পৰ্যটন ক্ষেত্ৰলৈ বহু ডাঙৰ ঘোষণা কৰে। অহা বছৰত বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব অসমত, তাৰপূৰ্বে দাখিল কৰা এই বাজেট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ আজিৰ বাজেটত কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা তলত উল্লেখ কৰা হ’ল-

  1. অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ডাঙৰ ঘোষণা। ৰাজ্য চৰকাৰৰ আওতাত থকা ৩৯ টা অনুমোদন ৰূপায়ণৰ কাৰ্য প্ৰস্তুতি।
  2. শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ দুটা সম পৰিমাণৰ বাৰ্ষিক কিস্তিত ১০০ কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা।
  3. মুঠ তিনিটা পৰ্যায়ত অসমৰ সকলো জিলা সদৰত ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন’ নামেৰে বহুমুখী সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ ঘোষণা
  4. কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কর্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ । ই হৈছে পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ।
  5. লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰাৰ ঘোষণা।
  6. নতুন দিল্লীৰ দ্বাৰকাত ৪০০০ বর্গমিটাৰ ভূমিত এটা নতুন অসম ভৱন (দিল্লীত চতুর্থটো) আৰু মুম্বাইৰ কটন গ্রীণত ৫৭৪৪ বর্গমিটাৰ ভূমিত আন এটা অসম ভৱন (মুম্বাই দ্বিতীয়টো) নিৰ্মাণৰ ঘোষণা।
  7. সত্ৰৰ ভকতসকলক ১,৫০০ টকাকৈ মাহে প্ৰদান কৰাৰ প্ৰস্তাৱ।
  8. ১জানুৱাৰী, ২০০৬ৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ গ্ৰহণ।
  9. নিযুত মইনা আচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪.৩লাখলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।
  10. ইউনিটী মলৰ লক্ষ্য হৈছে অসমৰ ৩৫খন জিলা আৰু দেশৰ অন্যান্য ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহক সামৰি ‘এক জিলা এক উৎপাদিত সামগ্ৰী’ৰ ধাৰণাটোৰ বাবে এক মঞ্চ প্রদান কৰা।
  11.  মহিলা উদ্যমিতা অভিযানবাবে ৩,০৩৮ কোটি টকা ব্যয়ৰ ঘোষণা।
  12. প্রতিশ্রুতিসম্পন্না মহিলা নেতৃত্বাধীন ষ্টার্টআপক উৎসাহিত কৰাৰ বাবে প্রায় ২৫০ কোটি টকাৰে ‘লাখপতি বাইদেউ পুঁজি’ গঠনৰ আকাংক্ষা ।
  13. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬বিত্তীয় বৰ্ষত ৭৭৩কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা।
  14. ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈ বাজেটত ৩৭০কোটি টকা আবন্টন।
  15. চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৩৪২কোটি টকা আবন্টন।
  16. ১হাজাৰ যুৱ লেখকলৈ ২৫হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য।
  17. বিদ্যুতৰ মাচুল হ্ৰাসৰ বাবে ৩০০কোটি টকাৰ ৰাজ সাহায্যৰ ঘোষণা।
  18. এক জিলা এক পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে ২৫কিলোমিটাৰ পথ নিৰ্মাণ কৰাৰ ঘোষণা।
  19. দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰৰ সিদ্ধান্ত।
  20. কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন অনাৰ সিদ্ধান্ত। ইয়াৰ বাবে ২০ কোটি টকা ধাৰ্য।
  21. অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ বাবে ৪২০কোটি টকা ধাৰ্য।
  22. ২০২৫ৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক।
  23. পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে আবণ্টন ৬৩৬ কোটি টকা।
  24. কৃষি বিভাগৰ বাবে ২,১৭৩ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা।
  25. মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক, শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীৰ উন্নীতকৰণৰ বাবে  বিশ্ববিদ্যালয়খনলৈ ৫০ কোটি টকা আবণ্টন ।

 

অন্য খবৰ পঢ়কঃ ভূমি অধিকাৰৰ পৰা অসমীয়া ভাষালৈ! অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সন্দৰ্ভত বাজেটত ডাঙৰ ঘোষণা…

অন্য খবৰ পঢ়কঃ চিকিৎসা খণ্ডৰ পৰা বাঁহ স্মার্ট চিটিলৈ,অসম বাজেটৰ প্ৰধান ঘোষণাসমূহ…