ভূমি অধিকাৰৰ পৰা অসমীয়া ভাষালৈ! অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সন্দৰ্ভত বাজেটত ডাঙৰ ঘোষণা…
Assam budget: আজি বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে অসম বাজেট ২০২৫-২৬। এই সময়চোৱাত অসম চুক্তি ৰূপায়ন সন্দৰ্ভতো ডাঙৰ ঘোষণা কৰে চৰকাৰে।

অসম বিধানসভাত সোমবাৰে পূৰ্ণাংগ বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। এই সময়চোৱাত বাজেটত কেইবাটাও ডাঙৰ ঘোষণা কৰে অজন্তা নেওগে। আজিৰ বাজেটত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন সন্দৰ্ভত চৰকাৰে কৰা ঘোষণাসমূহ তলত উল্লেখ কৰা হ’ল-
অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিয়ে আগবঢ়োৱা অনুমোদন অসম চৰকাৰে পৰীক্ষা কৰি ৰূপায়ণৰ বাবে সিদ্ধান্ত লৈছে। ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ সৈতে সম্পর্কিত ৫২ টা সিদ্ধান্তৰ আটাইকেইটা ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। এতিয়ালৈকে ৩৯ টা অনুমোদন ৰূপায়ণৰ কাৰ্য পৰিকল্পনা প্রস্তুত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পাৰস্পৰিক সন্মতিত উপনীত হৈছে। ইয়াৰ অধীনত তলত দিয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে আজিৰ বাজেটত-
- গৱেষণা কাৰ্য আৰু সংৰক্ষণ তথা নথিভুক্তিকৰণ আদিৰ বাবে আধুনিক প্রযুক্তি আহৰণ কৰিবলৈ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ দুটা সম পৰিমাণৰ বাৰ্ষিক কিস্তিত ১০০ কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা।
- ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্রতিষ্ঠানখনক এবছৰৰ ভিতৰত বৰ্তমানৰ ডিপ্ল’মা পর্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নীত কৰা হ’ব।
- মুঠ তিনিটা পৰ্যায়ত অসমৰ সকলো জিলা সদৰত ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন’ নামেৰে বহুমুখী সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ ঘোষণা। প্রতিটো প্রকল্প অত্যাধুনিক প্রেক্ষাগৃহ, সন্মিলন কক্ষ, কলা- বীথিকা আদিৰে সু-সজ্জিত হ’ব। প্রেক্ষাগৃহসমূহত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন তথা আদর্শ প্রদর্শিত হ’ব। ৩৫খন জিলাৰ বাবে ব্যয় কৰিবলগীয়া ৭০০ কোটি টকাৰ ভিতৰত ১২ খন জিলাৰ বাবে ২৪০ কোটি টকা আজিৰ বাজেটত আবন্টন।
- সকলো জিলা আৰু উপ-জিলাৰ প্ৰতিটো জনজাতি আৰু অন্যান্য নৃগোষ্ঠীয় সম্প্ৰদায়ৰ বাবে পৃথকে পৃথকে বহুমুখী সাংস্কৃতিক প্রকল্প নির্মাণৰ ঘোষণা। এনে প্রতিটো সাংস্কৃতিক প্ৰকল্পৰ বাবে ৫ কোটি টকাৰ আবন্টন। প্ৰাৰম্ভিক পৰ্যায়ত ২০২৫-২৬ বৰ্ষৰ সময়ছোৱাত ২০টা এনেকুৱা প্রেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ১০০ কোটি টকাৰ আবন্টন।
- চলিত বৰ্ষত কামৰূপ (মেট্র’) জিলাৰ গুৱাহাটী জিলা পুথিভঁৰালক এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ভিত্তিত উন্নীত কৰাৰ পৰিকল্পনা। অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া লোকৰ বাবে আন এটা বহুভাষিক কেন্দ্রীয় পুথিভঁৰাল নির্মাণৰ প্ৰস্তাৱ।
- অসমৰ প্ৰখ্যাত চুফি সন্ত আজান পীৰে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ ৰাজ্যখনৰ বিভিন্ন থলুৱা ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত । আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (ABILAC)ই এই গুৰু দায়িত্ব বহন কৰিব।
- জ্যোতি চিত্রবন (চলচ্চিত্র চিত্রালয়) সমাজ, ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্রতিষ্ঠান, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰ দৰে সাংস্কৃতিক প্রতিষ্ঠানলৈ আগবঢ়াই অহা পুঁজি ভৱিষ্যতলৈও অব্যাহত থাকিব। লগতে জ্যোতি চিত্ৰবন (চলচ্চিত্র চিত্রালয়) সমাজৰ উন্নীতকৰণৰ বাবে এখন চাৰিজনীয়া সমিতি গঠনৰ সিদ্ধান্ত। এই প্রতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ প্ৰাদেশিকীকৰণৰো ঘোষণা।
- মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক, শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীৰ উন্নীতকৰণৰ বাবে বিশ্ববিদ্যালয়খনলৈ ৫০ কোটি টকা আবণ্টন ।
- স্বতন্ত্র পুঁজি, কাৰ্যাৱলী আৰু কাৰ্যকৰ্তাৰ ব্যৱস্থাপনাৰ সৈতে সত্ৰ, ন্যায়িক আৰু ভূমি প্রশাসনৰ প্ৰতিনিধিৰে এখন ৫জনীয়া পৃথক ‘সত্র সংৰক্ষণ আৰু উন্নয়ন ব’ৰ্ড’ গঠনৰ সিদ্ধান্ত। সত্ৰৰ ভূমিক বে-আইনী আৰু বলপূর্বক দখলৰ পৰা ৰক্ষা কৰিবলৈ এই ব’ৰ্ডখনক অসম ৰাজহ ব’ৰ্ডৰ পৰ্যায়ৰ উপযুক্ত ক্ষমতা প্রদান কৰা হ’ব। ইয়াৰ বাবে প্রয়োজনীয় বিধেয়ক সদনত দাখিল কৰা হ’ব।
- কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা হাতত লৈছে। অসম চৰকাৰে সত্ৰখনক ঐতিহ্যক্ষেত্র হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব।
- সত্ৰসমূহৰ সামগ্রিক সুৰক্ষা আৰু উন্নয়নৰ বাবে ‘সত্ৰ সংৰক্ষণ আৰু উন্নয়ন ব’ৰ্ড’খনক প্রয়োজনীয় আইনী ক্ষমতা তথা বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ।
- চৰকাৰে অসম চৰকাৰী ভাষা আইন, ১৯৬০ খন কটকটীয়াকৈ ৰূপায়ণ কৰিব আৰু ইয়াৰ বাবে দণ্ডবিধি ব্যৱস্থাপনা অন্তর্ভুক্ত কৰিবলৈ প্রয়োজনীয় সংশোধনী বিবেচনা কৰিব।
- সকলো প্রয়োজনীয় আন্তঃগাঁথনি, কৰ্মচাৰী আৰু বিত্তীয় সাহায্যৰে সৈতে চৰকাৰী ভাষা প্রয়োগ সঞ্চালকালয়ক এটা স্বতন্ত্র সঞ্চালকালয়লৈ উন্নীত কৰাৰ প্ৰস্তাৱ। খালী হোৱা সকলো পদ সময়-নিৰ্ধাৰিত ধৰণে পূৰণ কৰা হ’ব।
- ২০২৫ বৰ্ষৰ ১৪ এপ্ৰিলৰ পৰা বদলি আৰু নিয়োগৰ নিৰ্দেশ, আঁচনিৰ নিৰ্দেশনা, কার্যালয় স্মাৰক, বিধি, আইন, জাননী আদিকে ধৰি সকলো চৰকাৰী নিৰ্দেশ আদিৰ অসমীয়া অনুবাদ বাধ্যতামূলক কৰি সেইবোৰ দুটা ভাষাতে প্রকাশ কৰাৰ ব্যৱস্থা কৰা হ’ব।
- সদৌ অসম ছাত্র সন্থা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে এখন কেবিনেট উপ-সমিতিয়ে অসম চুক্তি, ১৯৮৫ ৰূপায়ণৰ পৰ্যালোচনা কৰি আছে। অসম চৰকাৰৰ লগত জড়িত পৰামৰ্শসমূহ দুবছৰৰ ভিতৰত ৰূপায়ৰ প্ৰতিশ্ৰুতি।
- ভাৰতীয় সভ্যতাৰ অধ্যয়নৰ প্ৰসাৰ, সমাজ বিজ্ঞান বিষয়সমূহৰ উপনিৱেশমুক্তকৰণ আৰু আন্তঃবিষয় গৱেষণাক সহায় কৰাৰ বাবে আমি বিভিন্ন ‘সাহিত্য সভা’ৰ সহযোগত ‘সাহিত্য অকাডেমি’ৰ এটা অধ্যায় (Chapter) হিচাপে অসম সমাজ বিজ্ঞান গৱেষণা পৰিষদ (ACSSR) গঠনৰ প্ৰস্তাৱ। ই প্রকল্পসমূহৰ বাবে পুঁজি প্রদান, জলপানি প্রদান, গৱেষকক প্রশিক্ষণ, উত্তৰ-পূব ভাৰতৰ জ্ঞান ব্যৱস্থাৰ ওপৰত শৈক্ষিক কার্যসূচী প্রকাশ কৰাৰ লগতে পাঠ্যক্রম, আলোচনাচক্র, কর্মশালা আৰু ডকুমেন্টেচনৰ বাবে বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতা কৰিব।
- আন্তঃগাঁথনি উন্নীতকৰণ, গৱেষণামূলক কাম-কাজৰ বাবে আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (ABILAC)লৈ তিনিটা বিত্তীয় বর্ষত ৫০ কোটি টকা প্রদানৰ ঘোষণা।
- ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে ইতিমধ্যে প্ৰৱৰ্তন কৰা থলুৱা ভাষাৰ বিষয়সমূহ পাঠদানৰ বাবে মহাবিদ্যালয়সমূহত শিক্ষকৰ ব্যৱস্থা কৰা হ’ব।
- অসম বিশ্ববিদ্যালয়, শিলচৰৰ মূল চৌহদত আৰু তেজপুৰ বিশ্ববিদ্যালয়ত ক্রমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ নামত দুয়োখন বিশ্ববিদ্যালয়ৰ অনুমোদন সাপেক্ষে অসমীয়া ভাষা বিভাগ মুকলিৰ প্ৰস্তাৱ।
- চৰকাৰে ‘অসমীয়া মানুহ’ৰ ইতিহাস প্রকাশৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব। ২০২৫ চনৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অন্ততঃ অষ্টম শ্রেণীলৈকে ‘অসম ইতিহাস’ বিষয়টো বাধ্যতামূলক কৰা হ’ব।
- ৰাজ্যিক ব’ৰ্ড আৰু চি বি এছ ইৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা আৰু বড়োলেও প্রাদেশীয় অঞ্চল (BTR)ত থকা সকলো বিদ্যালয়ত অসমীয়া/বড়ো ভাষা বাধ্যতামূলক কৰা হ’ব। ইয়াৰ অন্যথা জৰিমণা বিহা হ’ব।
- অসম ভূমি আৰু ৰাজহ বিধি ১৮৮৬ (ALRR 1886)ৰ দশম অধ্যায়ৰ অধীনত জনজাতীয় বেল্ট আৰু ব্লকৰ উপৰি আমাৰ চৰকাৰে ৰাজ্যখনৰ ৰাজহ চক্ৰসমূহক চিনাক্ত কৰিব, য’ত কেবল ‘খিলঞ্জীয়া লোক সকলেহে ভূমি ক্ৰয় আৰু দখল কৰিব পাৰিব আৰু এই অধিকাৰ তেওঁলোকৰ মাজত সীমাবদ্ধ থাকিব। ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিধানসভা অধিবেশনত এই সন্দৰ্ভত খচৰা দাখিল কৰা হ’ব।
- চৰকাৰে ডিজিটেল ভূমি ৰেকৰ্ডত প্রধান কৃষিকেন্দ্ৰীক ভূমি ফ্লেগিঙৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ কাম ১ বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ফ্লেগিং সম্পূর্ণ হ’লে ৰাজ্য চৰকাৰৰ বিশেষ অনুমোদন অবিহনে এনে ভূমিৰ পুনৰ শ্ৰেণী বিভাজনৰ অনুমোদন নিদিয়ে।
- নির্দিষ্ট সময়ৰ ভিতৰত ভূমি জৰীপৰ দ্বাৰা কৃষিৰ বাবে অনুপযোগী ভূমি চিনাক্ত কৰি ইয়াক ঔদ্যোগিক এলেকা হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ। এনে ঔদ্যোগিক এলেকাত কোনো প্রধান কৃষিভূমি অন্তর্ভুক্ত নহ’ব। ইয়াৰ বাবে এটা ৰোডমেপ/ফ্রেমৱৰ্ক প্ৰস্তুত কৰিবলৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰা হব।
- আমাৰ চৰকাৰে ২০২৭ চনৰ এপ্রিল মাহৰ পৰা অসমত টাইটেল গ্যেৰাণ্টী প্ৰৱৰ্তনৰ পথ প্রশস্ত কৰি ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত সকলো ভূমি ৰেকৰ্ড উন্নীত কৰিব।
- ইতিমধ্যে ‘মিছন বসুন্ধৰা’ আঁচনি চৰকাৰৰ আছে। পৰৱৰ্তী সময়ত চৰকাৰে পি জি আৰ/ভি জি আৰ, বনভূমি আদিৰ বাহিৰে অহা ৩ বছৰত প্রায় ৫ লাখ ডিজিটেল পট্টা প্রদান কৰিব।
- অহা ৩ বছৰত ভূমি প্রশাসন কৰ্মচাৰীৰ ২,০০০টা অতিৰিক্ত পদ সৃষ্টি কৰি পূৰণ কৰা হ’ব আৰু ইয়াৰে ২০২৫ বর্ষত ৫০০টা, ২০২৬ বর্ষত ১,০০০টা আৰু ২০২৭ বর্ষত ৫০০টা। এই উদ্দেশ্যৰ বাবে আমি অসম ভূমি ৰাজহ সেৱাক (ALRS) উপযুক্তভাৱে নতুন ৰূপ দিয়া হ’ব।
- ২০২৫-২৬ বৰ্ষত চৰকাৰে অসমৰ চৰ অঞ্চলৰ জৰীপ আৰম্ভ কৰিব।
- চৰকাৰে আছাম ফিক্সেচন অব চিলিং অন লেগুহাল্ডিং (সংশোধিত) আইন, ২০২৪ৰ ভিত্তিত আছাম ফিক্সেচন অব চিলিং অন লেণ্ডহ’ল্ডিং আইন, ১৯৫৬ কঠোৰভাৱে বলবৎ কৰিব। গুৱাহাটী মহানগৰীৰ বাবে চিলিং ব্যৱস্থা ৰূপায়ণৰ কথা বিবেচনা ।
- জিলা স্তৰত ভূমি আদালত স্থাপন কৰাৰ বাবে উপযুক্ত আইনগত ব্যৱস্থা সম্পৰ্কত পৰামৰ্শ আগবঢ়াবলৈ এটা টাস্ক ফৰ্চ গঠন কৰাৰ হ’ব।
অন্য খবৰ পঢ়কঃ চিকিৎসা খণ্ডৰ পৰা বাঁহ স্মার্ট চিটিলৈ,অসম বাজেটৰ প্ৰধান ঘোষণাসমূহ…
অন্য খবৰ পঢ়কঃ অসম বাজেটত মহিলাৰ বাবে কি কি ঘোষণা কৰিলে? জানক সকলো…